ETV Bharat / state

নিৰ্বাচন সমুখতঃ বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা - বিত্তমন্ত্ৰীয়ে ঘোষণা

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা আঁচনি কাৰ্যকৰীকৰণৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। বিধানসভা নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত হঠাৎ বাজেটৰ পুঁজি ব্যয়ত ব্য়স্ত বিভাগীয় মন্ত্ৰী। নিতৌ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে একোখনকৈ আঁচনি।

নিৰ্বাচন সমুখত: বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা

author img

By

Published : Nov 13, 2020, 5:43 PM IST

গুৱাহাটী, ১৩ নৱেম্বৰ: সাধাৰণতে বাজেটৰ পুঁজি ব্যয়ৰ ক্ষেত্ৰত দিছপুৰৰ যি লেহেমীয়া গতি পৰিলক্ষিত হয়, সেয়া সম্প্ৰতি প্ৰায় নোহোৱা হৈছে। কিয়নো, সমুখত বিধানসভা নিৰ্বাচন। সেয়েহে ২০২০-২১ বৰ্ষৰ বাজেটত ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা কিম্বা আঁচনিসমূহ কাৰ্যকৰীকৰণৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। নিতৌ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে একোখনকৈ আঁচনি আৰু সেই অনুসৰি বিত্ত বিভাগে মোকলাই দিছে ইয়াৰ পুঁজি।

নিৰ্বাচন সমুখত: বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা
নিৰ্বাচন সমুখত: বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা

মন কৰিবলগীয়া যে, বাজেটৰ পুঁজি ব্যয়ৰ ক্ষেত্ৰত দিছপুৰৰ লেহেমীয়া গতি কোনো নতুন কথা নহয়। যাৰ বাবে বিত্ত বিভাগে পুঁজি ব্যয়ৰ এক নীতি নিৰ্দেশনা ধাৰ্য কৰি দিছিল। সেই অনুসৰি এপ্ৰিলৰ পৰা জুনলৈকে বাজেটৰ ২০ শতাংশ, জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে ৩০ শতাংশ, অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ৩০ শতাংশ আৰু জানুৱাৰীৰ পৰা মাৰ্চলৈকে ২০ শতাংশ বাজেটৰ ধন ব্যয় কৰিবলৈ বিত্ত বিভাগে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছিল যাতে ৩১ মাৰ্চৰ পূৰ্বে পুঁজি মোকলাই দিয়াৰ হেঁচা কম হয়।

বিত্ত বিভাগৰ এক‌ শীৰ্ষ সুত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে, বৰ্তমানলৈকে বাজেটৰ পুঁজি ব্যয়ৰ পৰিমাণ প্ৰায় ৬০ শতাংশ। যিটো সাধাৰণতে এই সময়ত দেখিবলৈ পোৱা নাযায়। ৪৫ শতাংশতকৈ অধিক পুজি ডিচেম্বৰৰ পূৰ্বে ব্যয় হোৱা খুব কমহে দেখা যায়। কিন্তু এইবাৰ এই ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হৈছে একমাত্ৰ সমুখত নিৰ্বাচন থকাৰ বাবেহে।

লগতে পঢ়ক:মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.