গুৱাহাটী, ৬ জুন : অসমীয়া লোকৰ ওপৰত অৰুণাচলীৰ বৰ্বৰতা ৷ সোমবাৰে অসম-অৰুণাচল সীমান্তৰ পানবাৰীত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত হয় দুজন অসমীয়া লোক (Firing in Assam Aruanchal border) ৷ অৰুণাচলীৰ গুলীত নিহত হোৱা অসমৰ দুজন লোক ক্ৰমে বগা চুতীয়া আৰু মন্টু গগৈ ৷ এই ঘটনাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
এই গুলীচালনা সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে কয়, ‘‘ইতিমধ্য়ে ঘটনা সন্দৰ্ভত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে ৷ এই বৈঠকত উপ আয়ুক্ত (ডি চি) আৰু ধেমাজি আৰু নিম্ন ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক (এছ পি) উপস্থিত থাকে । অৰুণাচল প্ৰশাসনে এই ঘটনাৰ তদন্তৰ বাবে সহযোগিতা আগবঢ়াইছে ৷ লগতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে’’ (Ranoj Pegu reacts on Assam Aruanchal border Firing issu) ।
তেওঁ আৰু কয়, ‘‘এই ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী চকীত অস্ত্ৰ আইনৰ অধীনত ৬৩/২৩ u/s ১৪৭/১৪৮/৩০২ /৩২৬/৩০৭ IPC r/w ২৫ (১) (ক)/২৭ (৩)ত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । লগতে ইতিমধ্যে মৃত ব্যক্তিকেইজন বগা চুতীয়া আৰু মন্টু গগৈ বুলি চিনাক্ত কৰা হৈছে’’ । ইফালে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই কয়, ‘‘এই ঘটনাৰ সন্দৰ্ভত আমাৰ তদন্ত চলি আছে ৷’’
লগতে পঢ়ক : Firing at Assam Aruanchal border: গুলীচালনা কৰা দুৰ্বৃত্তক অসম আৰক্ষীক গতাই দিয়াৰ আশ্বাস অৰুণাচল প্ৰশাসনৰ
আনহাতে, এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই কয়, ‘‘একাংশ লোকে মাটিৰ লোভত এনেধৰণে আক্ৰমণ কৰে ৷ এই বিষয়টোৰ ওপৰত অধিক তদন্ত কৰা হ’ব ৷’’ তেওঁ আৰু কয়, ‘‘অসম-অৰুণাচলৰ সীমা এতিয়াও নিৰ্ধাৰিত হোৱা নাই । আমাৰ চুবুৰীয়া ৰাজ্যই আমাক আক্ৰমণ নকৰে, এচাম মানুহে মাটিৰ লোভত এই কাম কৰে । জিলাখনৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিষয়টোৰ তদন্ত কৰিব ৷’’
উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ৮০৪ কিলোমিটাৰ দৈৰ্ঘৰ সীমা আছে ৷ ইতিমধ্যে চলিত বৰ্ষৰ এপ্ৰিল মাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত দশক দশক ধৰি চলি অহা সীমান্ত বিবাদ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এক বুজাবুজি স্বাক্ষৰ কৰিছিল ৷ এই বুজাবুজি স্বাক্ষৰৰ পাচতে সংঘটিত পানবাৰীৰ গুলীচালনাই এতিয়া বিভিন্ন প্ৰশ্নৰ উদ্ৰেগ কৰিছে ৷
লগতে পঢ়ক : Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক