নিউজ ডেস্ক, 19 ছেপ্টেম্বৰ : বিশিষ্ট চিত্ৰশিল্পী, কবি ৰাজেন খাউণ্ড আৰু নাই ৷ কোনোদিনে দুনাই আৰু কবিতা আবৃত্তি বা ছবিত ৰহণ সানিবলৈ নাহে ডুমডুমাৰ বিশিষ্ট চিত্ৰশিল্পী, কবি ৰাজেন খাউণ্ড ৷ দেওবাৰে ইহসংসাৰ ত্যাগ কৰি এক নেদেখা পৃথিৱীলৈ গ’লগৈ বিশিষ্ট চিত্ৰশিল্পী, কবি ৰাজেন খাউণ্ড (Artist Rajen Khaund passes away) ৷
জানিব পৰা মতে, গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈ বিগত এপষেকৰো অধিক কাল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ৷ উল্লেখ্য যে, বৰহাপজান আমতলীৰ নিবাসী ৰাজেন খাউণ্ড ৷ কবি ৰাজেন খাউণ্ডৰ তিনিখন কাব্য সংকলন ইতিমধ্যে প্ৰকাশ পাইছে ৷
তেখেতে বৰহাপজান শাখা সাহিত্য সভাৰ সভাপতি হিচাপে কেবাবছৰো সেৱা আগবঢ়াইছিল ৷
শিল্পীগৰাকীৰ মৃত্যু এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ শিল্পী সমাজ ৷ শিল্পী ৰাজেন খাউণ্ডৰ মৃত্যু অসমৰ শিল্পীসমাজৰ বাবে এক অপূৰণীয় ক্ষতি ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পী ৰবীন বৰে শিল্পী ৰাজেন খাউণ্ডৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে, আৰ্থিক যুঁজ বাগৰৰ মাজতে চলি থকা জীৱনটোক তেওঁ চিত্ৰ আৰু ছন্দেৰে সজাব খুজিছিল । কিন্তু তেওঁ নিয়তিৰ নিষ্ঠুৰ আহ্বানক বাধা দিব নোৱাৰিলে । দুটি সন্তান আৰু পত্নীক নিঠৰুৱা কৰি 69 বছৰত গ’ল গৈ বিশিষ্ট চিত্ৰশিল্পী, কবি ৰাজেন খাউণ্ড ।
লগতে পঢ়ক : আৰক্ষী বিষয়াৰ অকাল বিয়োগত মৰাণত শোকৰ ছাঁ