ETV Bharat / state

গুৱাহাটীত বিশ্বখ্যাত চিত্ৰকৰ এম এফ হুছেইনৰ চিত্র প্রদর্শনী - গুৱাহাটীত বিশ্বখ্যাত চিত্ৰকৰ এম এফ হুছেইনৰ চিত্র প্রদর্শনী

গুৱাহাটীৰ চিটী চেণ্টাৰত আৰ্ট ক্ৰনিক'ল শীৰ্ষক এক বিশেষ চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয় (Art Chronicle exhibition at Guwahati city centre)।এই চিত্র প্রদর্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশীষ শর্মা আৰু প্রসিদ্ধ গ্রাফিক্স শিল্পী দিলীপ তামুলীয়ে ।

Art Chronicles exhibition
গুৱাহাটীত বিশ্বখ্যাত চিত্ৰকৰ এম এফ হুছেইনৰ চিত্র প্রদর্শনী
author img

By

Published : Nov 27, 2021, 8:29 PM IST

গুৱাহাটী,২৬ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ থলুৱাভাৱে সংগৃহীত চাহপাত প্রতিষ্ঠান তথা চাহপাত গৃহ হিচাপে জনাজাত 'লোকেল ই টি' আৰু প্রখ্যাত চিত্রকলা সংগ্রাহক তথা তত্বাবধায়ক ৰাজীৱ মেননৰ উদ্যোগত দেশৰ খ্যাতিসম্পন্ন চিত্র শিল্পী প্ৰয়াত এম এফ হুছেইনৰ অনুক্রমিক চিত্রকলাসমূহ মহানগৰীৰ কলানুৰাগীসকলৰ মাজত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । শুকুৰবাৰৰ পৰা গুৱাহাটীৰ চিটী চেন্টাৰত থকা 'লোকেল ই টি'ত এম এফ হুছেইনৰ সীমিত সংখ্যক ছবিৰ এখন চিত্র প্রদর্শনী আৰম্ভ হৈছে । ৯ জানুৱাৰীলৈকে চলিবলগীয়া 'আর্ট ক্রনিক’ল' শীর্ষক এই চিত্র প্রদর্শনীখন আনুষ্ঠানিকভাৱে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশীষ শর্মা (GMC Commissioner inaugurated Art Chronicles exhibition) আৰু প্রসিদ্ধ গ্রাফিক্স শিল্পী দিলীপ তামুলীয়ে ৰাজ্যৰ অন্যান্য গণ্যমান্য চিত্রানুৰাগীসকলৰ উপস্থিতিত উদ্বোধন কৰে ।

প্রদর্শনীখনত দেশৰ কিম্বদন্তি চিত্ৰকৰ মকবুল ফিদা হুছেইন চমুকৈ এম এফ হুছেইনৰ আন্তর্জাতিকভাৱে স্বীকৃতিপ্রাপ্ত সর্ব পৰিচিত এলানি চিত্র যেনে আস্থা বিনায়ক, পেৰিছ ছুট, গজ গামিনী, মোগল ই আজম, জাপানীজ হৰ্ছ, মাডাৰ এণ্ড ছাইল্ড আৰু অন্যান্য চিত্রকলাসমূহ প্রদর্শন কৰা হৈছে । উল্লেখ্য যে গুৱাহাটী তথা উত্তৰ পূর্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্রদর্শনীখনত মুঠ ৬০ খন চিত্ৰৰ প্ৰথমটো ছিৰিজত ২০ খন চিত্রকলা প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে ।

গুৱাহাটীত বিশ্বখ্যাত চিত্ৰকৰ এম এফ হুছেইনৰ চিত্র প্রদর্শনী

প্রদর্শনীখনৰ আয়োজক তথা চিত্র সংগ্রাহক ৰাজীৱ মেননে কয় যে এম এফ হুছেইনৰ চিত্ৰকলাসমূহ যিহেতু বাৰে বাৰে প্রিন্ট কৰাত বাধা নিষেধ আছে আৰু এবাৰেই প্রিন্ট কৰিব পাৰি, সেয়েহে কেইবাখনো ছবিত কিম্বদন্তি চিত্ৰকৰজনৰ নিজা হস্তাক্ষৰ আছে (Signed serigraph of MF Hussain displayed in Guwahati) আৰু এইবাবেই কেইবাখনো ছবি দেখাত তেখেতে অংকন কৰা প্ৰকৃত ছবি যেনেই অনুমান হয় ।

সীমিত সংখ্যক হস্তাক্ষৰযুক্ত এই ছবিসমূহ যথেষ্ঠ মূল্যবান আৰু চিত্ৰৰসিকৰ বাবে আপুৰুগীয়া । তেওঁ এম এফ হুছেইনৰ বহু ছবি প্রত্যক্ষভাৱে তেওঁৰ পৰা আৰু পিছলৈ তেখেতৰ পুত্র তথা বন্ধু ছাফাট হুছেইনৰ পৰা ক্ৰয় কৰিছে । এম এফ হুছেইনৰ সৈতে তেওঁৰ পিতৃসুলভ বন্ধুত্ব আছিল । প্রদর্শনীখনৰ উদ্বোধক প্রসিদ্ধ গ্রাফিক্স শিল্পী দিলীপ তামুলীয়ে কয় যে এনে চিত্র প্রদর্শনীৰ দ্বাৰা ভৱিষ্যত প্রজন্মৰ চিত্র শিল্পীসকল বিশেষভাৱে উৎসাহিত হ'ব ।

লগতে পঢ়ক :Sports Conference in Guwahati : স্প’ৰ্টষ্টাৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ক্ৰীড়া সম্মিলন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.