ETV Bharat / state

পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন - এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য

মহানগৰীত আকৌ কৃত্ৰিম বান (Artificial flood in Guwahati) ৷ এজাক বৰষুণতে বানত ডুব গ’ল স্মাৰ্ট মহানগৰখন ৷ এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷

পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন
পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন
author img

By

Published : May 13, 2022, 9:56 AM IST

গুৱাহাটী, 13 মে’ : এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য ৷ বৃহস্পতিবাৰে নিশাৰে পৰা অহা বৰষুণজাকত মহানগৰীৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলত (Guwahati Flood News)৷ কোটি টকীয়া ‘চুপাৰ চাকাৰে’ও বানমুক্ত কৰিব পৰা নাই গুৱাহাটী মহানগৰীক (Artificial flood in Guwahati) । ফলত স্তব্ধ হৈ পৰে মহানগৰীৰ জনজীৱন ৷

কি চানমাৰি, কি জু-ৰোড, কি হাতীগাঁও অথবা আমবাৰী, লাখটকীয়া, বেলতলা, ৰক্মিনীগাঁও আদি ৷ নিশাৰ ভাগত অহা বৰষুণজাকত মহানগৰীৰ আলিয়ে গলিয়ে এতিয়া সৃষ্টি হৈছে কৃত্ৰিম বানৰ । এই বৰষুণজাকত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণক বাৰুকৈয়ে জলা কলা খুৱাইছে ।

নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী যোৱাৰ লগতে মহানগৰীৰ বহু শিক্ষাৰ্থীয়ে এতিয়া শিক্ষানুষ্ঠানলৈ যোৱাতো সমস্যাৰ সন্মুখীন হৈছে । উল্লেখ্য যে, দেশৰ 5 খন শ্ৰেষ্ঠ মহানগৰৰ ভিতৰত গুৱাহাটীক অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে সময়ে সময়ে কৈ আহিছে ৷ কিন্তু বাস্তৱত এজাক বৰষুণে প্ৰমাণ কৰে গুৱাহাটীৰ প্ৰকৃত উন্নয়ন ।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীক বানমুক্ত কৰা উদ্দেশ্যক আগত ৰাখি নলাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ বাবে 10 টা চুপাৰ চাকাৰ মেছিন গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ (Guwahati Smart City Limited) জৰিয়তে প্ৰায় 25 কোটি টকা ক্ৰয় কৰি অনা হৈছিল ৷ কিন্তু সেইসমূহ সঠিকভাৱে ব্যৱহাৰ নোহোৱাত এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈ মহানগৰীত ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : এজাক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.