ETV Bharat / state

বক্ৰ পথেৰে চাকৰি লোৱা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:52 PM IST

বক্ৰ পথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়া ৰাকেশ দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷ এছ আই টিয়ে অভিযান চলাই বেলতলাৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ দাসক ৷

Rakesh Das Remanded in Police Custody for 7 Days
ৰাকেশ দাসক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

গুৱাহাটী, 30 ডিচেম্বৰ : এ পি এছ চিত বক্ৰ পথেৰে চাকৰি লোৱা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ এছ আই টিয়ে বৃহস্পতিবাৰে সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰিছিল ৷ এছ আই টিয়ে সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে মহানগৰীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পলাতক এ চি এছ বিষয়া ৰাকেশ দাসক ৷ এছ আই টিয়ে অভিযান চলাই বেলতলাৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া হোৱা পলাতক ৰাকেশ দাসক ৷ এছ আই টিয়ে গ্ৰেপ্তাৰ কৰাৰ ভয়ত বেলতলাৰ এটা ভাড়াঘৰত আগফালৰ পৰা তলা লগাই আত্মগোপন কৰি আছিল দাসে ৷ নলবাৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-পঞ্জীয়ক হিচাপে কৰ্মৰত আছিল আটকাধীন ৰাকেশ দাস ৷

কিছুদিন পূৰ্বে এছ আই টিৰ দলে ৰাকেশ দাসৰ নলবাৰীৰ শোলমাৰাস্থিত বাসগৃহত আভিযান চলাইছিল যদিও তেওঁক ঘৰত পোৱা নাছিল অভিযানকাৰী দলটোৱে ৷ বুধবাৰে গোপন খবৰৰ ভিত্তিত এছ আই টিৰ দলে আগিয়াঠুৰীৰ পৰা অনুসৰণ কৰি বেলতলাৰ ভাড়াঘৰৰ পৰা দাসক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি অসম আৰক্ষীৰ বিশেষ শাখাত জেৰা চলোৱা হৈছে আটাকাধীন ৰাকেশ দাসক ৷

উল্লেখ্য যে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে ৷ 1 ডিচেম্বৰত বক্ৰ পথেৰে চাকৰি লোৱা বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অপৰাধ শাখাৰ এ ডি চি পি সুকন্যা দাস আৰু এ চি এছ বিষয়া ধীৰাজ কুমাৰ জৈনক এছ আই টিয়ে তলব কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যৰ প্ৰশাসনত পুনৰ ব্যাপক সালসলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.