ETV Bharat / state

Injustice Against APSC ৰ সংবাদমেলঃ APSC ত অব্যাহত আছে অনিয়ম - APSC prelims examination

গুৱাহাটীত Injustice Against APSC নামৰ সংগঠনটোৱে APSC ত অব্যাহত অনিয়ম সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সংগঠনটোৱে APSC ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেখা দিয়া সংস্কাৰহীনতা আৰু অনিয়ম সন্দৰ্ভত ফাদিল কৰে ন-ন তথ্য ৷

Injustice Against APSC ৰ সংবাদমেলঃ APSC ত অব্যাহত আছে অনিয়ম
author img

By

Published : Jul 27, 2019, 7:13 PM IST

গুৱাহাটী,27 জুলাইঃ Injustice Against APSC নামৰ সংগঠনটোৱে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2018 ত সংঘটিত অনিয়ম সংক্ৰান্তত সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সংগঠনটোৰ সম্পাদক মানস প্ৰতীম বৰুৱাই প্ৰাৰম্ভিক পৰীক্ষাত 10 টাকৈ গুৰুত্বৰ অনিয়ম সংঘটিত হোৱাৰ কথা তথ্যসহ ফাদিল কৰে ৷ সম্পাদকগৰাকীয়ে ভ্ৰান্তিসমূহ একাদিক্ৰমে উল্লেখ কৰি কয় যে, APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাতেই 94 টা ভূল উত্তৰ সন্নিৱিষ্ট আছিল প্ৰশ্নকাকতখনত ৷ গতিকে পৰীক্ষাৰ্থীয়ে এই সন্দৰ্ভত একো নজনাকৈয়েই পৰীক্ষাত অৱৰ্তীণ হ'বলগীয়া হ'ল ৷ দ্বিতীয় অনিয়ম সন্দৰ্ভত উল্লেখ কৰি বৰুৱাই কয় যে সকলো জনাৰ, পাছতো সীমাহীন ক্ৰুটিপূৰ্ণ প্ৰশ্নোত্তৰ পৰীক্ষণ কৰি প্ৰশ্ন কাকত প্ৰস্তুত কৰিছিল লোকসেৱা আয়োগে ৷ তদুপৰি নিজাববীয়াকৈ উত্তৰ বহী পৰীক্ষণ আৰু APSC ৰ পৰীক্ষাৰ নিয়মাৱলী সম্পৰ্কে উল্লেখ থকা ৰুল 51 ৰ বহী পৰীক্ষণৰ ক্ষেত্ৰত প্ৰয়োগ নোহোৱা আৰু লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে সংগতিবিহীনভাৱে প্ৰাৰ্থী বাছনি কৰা ইত্যাদি বিষয়সমূহ উত্থাপন কৰে ৷ আনহাতে ভুল বুলি গ্ৰাহ্য হোৱা প্ৰশ্নকাকতত গ্ৰেছ মাৰ্ক দিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ আলম লৈ অসম লোকসেৱা আয়েগে পূৰ্বৰ 2016 চনৰ আয়োজিত পৰীক্ষাত 33 টা প্ৰশ্নত গ্ৰেছ মাৰ্ক প্ৰদান কৰাৰ বিপৰীতে এইবাৰৰ প্ৰাৰম্ভিক পৰীক্ষাত অভিলেখ সংখ্যক 52 টা প্ৰশ্নত গ্ৰেছ মাৰ্ক প্ৰদান কৰিছিল ৷ ইয়াৰ কাৰণ সম্পৰ্কত আশ্চৰ্য প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ৷

Injustice Against APSC ৰ সংবাদমেলঃ APSC ত অব্যাহত আছে অনিয়ম

এনেধৰণৰ সংঘটিত অনিয়মে অসম লোকসেৱা আয়োগ ভাঙি পৰাৰ সম্ভাৱনীয়তাক অধিক প্ৰকট কৰা বুলি ব্যক্ত কৰে মানস প্ৰতীম বৰুৱাই । যদি এটা সাংবিধানিক সংস্থাই প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰোতেই এনেধৰণৰ অনিয়ম কৰে তেন্তে মূল পৰীক্ষা কিমান ক্ৰুটিপূৰ্ণ ভাবে চলাই নিব সেই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে Injustice Against APSC নামৰ সংগঠনটোৱে ৷

Intro:সংযুক্ত প্ৰতিযোগিতা মূলক প্ৰাৰম্ভিক পৰীক্ষা 2018 ৰ অনিয়ম সংক্ৰান্তত injustice against APSC নামৰ সংগঠনৰ সংবাদমেল।
10 টা অনিয়মৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ফাদিল কৰিলে মানস প্ৰতীম বৰুৱাই।
Apsc ৰ পৰীক্ষাৰ প্ৰথম লিষ্ট খনতেই অনিয়ম হোৱাৰ কথা কলে মানস প্ৰতীম বৰুৱাই। 94 টা ভূল উত্তৰ যুক্ত আছিল এই পৰীক্ষাৰ প্ৰশ্নকাকতত।
দ্বিতীয় টো অনিয়ম সীমাহীন ক্ৰুটিপূৰ্ণ প্ৰশ্নোত্তৰ পৰীক্ষণ কৰি প্ৰশ্ন কাকত প্ৰস্তুত কৰা ।

Body:তৃতীয় অনিয়ম নিজাববীয়াকৈ পুনাৰীক্ষণ কৰাটো ভুল লগতে নিয়ামবলীৰ ৰুল 74 মতে পুনৰীক্ষণ কৰা নহল apsc প্ৰাৰম্ভিক পৰীক্ষা।
চতুৰ্থ অনিয়ম 33361 জনক প্ৰথম পৰ্য্যায়ত আৰু দ্বিতীয় পৰ্য্যায়ত 4006 জন বাচনি কৰিছিল কিন্তু পদৰ মূল পৰীক্ষাৰ বাবে 3132 জন হে বাচনি কৰিব লাগিছিল।
পঞ্চম অনিয়ম প্ৰশ্ন কাকত ভুল হলে গ্ৰেছ মাৰ্ক দিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছিল। সেই ৰায়ৰ সুযোগ লৈ 52 টা প্ৰশ্নত গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছে। 2016 বৰ্ষত গ্ৰেছ মাৰ্ক দিছিল 33 তা প্ৰশ্নত।

Conclusion:অসম লোক সেৱা আয়োগ ভাঙি পৰাৰ উপক্ৰম হোৱা বুলি ব্যক্ত কৰিলে মানস প্ৰতীম বৰুৱাই।তেওঁলোকৰ প্ৰশ্ন এটা সাংবিধানিক সংস্থাই যদি প্ৰাৰম্ভিক পৰীক্ষত এনেধৰণৰ অনিয়ম কৰে মূল পৰীক্ষা কিমান ক্ৰুটিপূৰ্ণ ভাবে চলাই নিব সেই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে injustice against APSC নামৰ সংগঠনৰ সম্পাদক মানস প্ৰতীম বৰুৱাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.