ETV Bharat / state

৩৬ টা নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি; স্থান পালে অগপ-ইউপিপিএলৰ নেতাই

ৰাজ্য চৰকাৰে ৩৬ টা বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিছে । এই তালিকাত স্থান পাইছে বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ কেইবাজনো নেতাই ।

author img

By

Published : Nov 3, 2021, 10:10 PM IST

appointment of Chairmen and Vice Chairmen for various Public Sector Units
৩৬ টা নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি

গুৱাহাটী, ৩ নৱেম্বৰ: অনেক হোঁহকা পিচলা আৰু গুণা-গঁঠাৰ অন্তত ৰাজ্য চৰকাৰে ৩৬ টা বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিছে । এই তালিকাত স্থান পাইছে বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ কেইবাজনো নেতাই । সেই অনুসৰি জি এম ডি এৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক ৷ অসম গেছ কোম্পানীৰ অধ্যক্ষ পদত বিজেপি বিধায়ক বলীন চেতিয়া আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ পদত বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক নিযুক্তি দিয়া হৈছে ।

একেদৰে ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক, অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈক, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপি নেতা জয়ন্ত দাসক, অসম বিত্ত নিগমৰ অধ্যক্ষ ৰূপে বিজেপি নেতা বিজয় গুপ্তাক, ক্ৰীড়া আৰু যুৱকল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিবৰূপে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাক, ৰাজ্যিক বিপনন নিগমৰ অধ্যক্ষ ৰূপে মন্ত্ৰী অশোক সিংঘালক, ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ ৰূপে সীমান্ত শেখৰক নিযুক্তি দিয়া হৈছে ।

পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপি নেতা বিদ্যাছিং ইংলেঙক, ডি এন পিৰ অধ্যক্ষ ৰূপে বিজেপি নেতা ৰূপম গোস্বামীক, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে বিজেপিৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাক, অসম চাহ নিগমৰ অধ্যক্ষ ৰূপে বিজেপি নেতা ৰাজদ্বীপ গোৱালাক, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ ৰূপে বিজেপিৰ প্ৰাক্তন বিধায়ক মিছনৰঞ্জন দাসক ৷

এ আই ডি চিৰ অধ্যক্ষ ৰূপে বিজেপি বিধায়ক প্ৰশান্ত ফুকনক, হাউচিং বৰ্ডৰ অধ্যক্ষ ৰূপে পুলক গোহাঁইক, এ এছ আই ডি চিৰ অধ্যক্ষ ৰূপে বিজেপি নেতা কিশোৰ উপাধ্যায়ক, হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানীৰ অধ্যক্ষ ৰূপে হিৰণ্য কোঁৱৰক, পণ্যাগাৰ নিগমৰ অধ্যক্ষ ৰূপে নীৰেন বৈশ্যক, আছাম ষ্টেট প্ৰহিবিছন কাউঞ্চিলৰ অধ্যক্ষ ৰূপে মৃদুলা বৰকাকতিক, খনিজ উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে ৰণগৌৰা নাৰ্জাৰীক, ভি ডি পিৰ উপ উপদেষ্টা ৰূপে ৰঞ্জিৎ মজুমদাৰক, জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰূপে প্ৰদীপ ঠাকুৰীয়াক, ফীছফেডৰ অধ্যক্ষ ৰূপে সুশীলা হাজৰিকাক নিযুক্তি ৷

অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ ৰূপে লক্ষ্য কোঁৱৰক, ভাষিক সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে শিলাদিত্য দেৱক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ ৰূপে জিতুল সোণোৱালক, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপে হেমপ্ৰভা বৰঠাকুৰক, ধৰ্মীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ ৰূপে হাবিব মহম্মদ চৌধুৰীক, পশুধন নিগমৰ অধ্যক্ষ ৰূপে মনোজ শইকীয়াক ৷

বীজ নিগমৰ অধ্যক্ষ ৰূপে প্ৰবীন হাজৰিকাক, ট্ৰেড প্ৰমোচন অৰ্গেনাইজেছনৰ অধ্যক্ষ ৰূপে সুনীল ডেকাক, খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ৰূপে ডাঃ কমলা কলিতাক, আৰ্টফেডৰ অধ্যক্ষ ৰূপে নাথুৰাম বড়োক আৰু এ পি জি চি এলৰ অধ্যক্ষ ৰূপে সঞ্জীৱ কুমাৰক নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক: ধৰমতুলৰ কিডনী ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.