ETV Bharat / state

ড° হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ অনুৰোধ দেৱব্ৰত শইকীয়াৰ - চিকিৎসালয়

দেৱব্ৰত শইকীয়াৰ অনুৰোধ ৰাজ্যৰ জিলা সমূহত থকা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত যিবোৰ ৰোগীক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়, তেওঁলোকক যেন ক'ভিড পৰীক্ষা নকৰাকৈ ততাতৈয়াকৈ লাগতিয়াল চিকিৎসা প্ৰদান কৰা হয় আৰু যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি হয় ।

APPEAL TO HIMANTA BISWA SARMA BY DEBABRAT SAIKIA

author img

By

Published : Aug 5, 2020, 11:52 PM IST

নিউজ ডেস্ক, 5 আগষ্ট : ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কেতবোৰ বিশেষ আহ্বান জনায় বিৰোধী দলপতিগৰাকীয়ে ৷ দেৱব্ৰত শইকীয়াই কয় যে, ৰাজ্যৰ জিলা সমূহত থকা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত যিবোৰ ৰোগীক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়, তেওঁলোকক যেন ক'ভিড পৰীক্ষা নকৰাকৈ ততাতৈয়াকৈ লাগতিয়াল চিকিৎসা প্ৰদান কৰা হয় আৰু যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি হয় ।

লগতে পঢ়ক : শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এক ১২ পৃষ্ঠাৰ বিস্তৃত জাননী সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। লক্ ডাউনৰ সময়ৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেনেকৈ জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজনীয় ৰোগী সমূহক প্ৰথমতে ক'ভিড পৰীক্ষা কৰা হয় আৰু ফলাফল ঋণাত্মক অহাৰ পাচতহে তেওঁলোকক যাৱতীয় চিকিৎসা প্ৰদান কৰা হয় সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈ আছে । উদাহৰণস্বৰূপে, বিশ্বনাথত এগৰাকী প্ৰসূতিয়ে ক'ভিড ৱাৰ্ডত যাৱতীয় চিকিৎসা প্ৰক্ৰিয়া অবিহনে শিশু প্ৰসৱ কৰাব লগীয়া হৈছে। সেয়েহে মন্ত্ৰীগৰাকীক ততাতৈয়াকৈ এনে ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ অনুৰোধ জনায় ।

ড° হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ অনুৰোধ দেৱব্ৰত শইকীয়াৰ

লগতে পঢ়ক : মৃত্যু দিৱসতে উপেক্ষিত হৈ ৰ'ল ভাৰতৰত্ন গোপীনাথ বৰদলৈ

ঠিক তেনেকৈ বিভিন্ন চিকিৎসালয়ত ৰোগীক অক্সিজেন মাস্ক দিবলৈ নাৰ্ছ বা চিকিৎসক মজুত নাই ৷ এই অভিযোগ স্পষ্ট ভাৱে আহিছে শিলচৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথা বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা। যাৰ ফলত বহু কেইজন ৰোগী অনাহক মৃত্যুবৰণ কৰিব লগীয়া হৈছে । যিটোৱে স্বাস্থ্য বিভাগৰ অজুহাত তথা চিকিৎসা প্ৰদান কৰাত হোৱা বিজুতি সমূহ ৰাইজৰ আগত উদঙাই দিছে । এই অভিযোগ দেৱব্ৰত শইকীয়াৰ ৷

লগতে পঢ়ক : খানাপাৰাৰ পৰিৱৰ্তে জজ খেলপথাৰত হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান

ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ ১০৪ হেল্পলাইন থকাৰ পাচতো টেলিমেডিচিন যোগান ধৰা তথা স্বাস্থ্য জনিত বাৰ্তা লাগতীয়াল ৰোগী তথা ব্যক্তিক অতিসহজে যোগান ধৰাত চিকিৎসা বিভাগ ব্যৰ্থ হৈছে বুলি জনায় শইকীয়াই । গতিকে এই বিষয় সমূহ স্বাস্থ্যমন্ত্ৰীক বিবেচনা কৰি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক : EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.