ETV Bharat / state

প্ৰদীপ দত্ত ৰয়ক কোনে দিলে ভণ্ড আখ্যা ? - language conflict of bangla and assamese community

বৰাকৰ ঘটনাত জড়িত লোকসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বাবে আশ্চৰ্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ ৷

appcc-reacts-on-bangladesh-and-silchar-incident
প্ৰদীপ দত্ত ৰয়ক কোনে দিলে ভণ্ড আখ্যা ?
author img

By

Published : Oct 19, 2021, 3:33 PM IST

গুৱাহাটী, ১৯ অক্টোবৰ : বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ আৰু বৰাকত অসমীয়া ভাষাৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছে । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র অভিজিত মজুমদাৰে । শিলচৰত অসমীয়া ভাষাক অপমান কৰা সন্দৰ্ভত তেওঁ কয়, ''এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে যাতে অসমীয়া আৰু বাংলাভাষী হিন্দুৰ মাজত থকা ভাতৃত্ববোধত আঘাত জন্মে । আমি এই কাৰ্যক নিন্দা কৰাৰ লগতে গৰিহণা দিছো । ''

এইক্ষেত্রত মুখ্যমন্ত্রী কিয় নিৰৱ হৈ আছে বুলিও তেওঁ প্ৰশ্ন কৰে । ইয়াৰ লগতে তেওঁ শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় চৰকাৰক । তেওঁ কয় '' শীঘ্ৰেই সেই লোকসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক, যাতে ভৱিষ্যতে কোনেও এনেকুৱা কাম কৰিবলৈ সাহস কৰিব নোৱাৰে । প্ৰদীপ দত্ত ৰয়ৰ দৰে ভণ্ডসকলে যাতে এনে কাম কৰিব নোৱাৰে । প্ৰদীপ দত্ত ৰয় এটা সময়ত বিজেপিৰ মুখপাত্র আছিল । ''

প্ৰদীপ দত্ত ৰয়ক কোনে দিলে ভণ্ড আখ্যা ?

আনহাতে, বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা আক্ৰমণৰ ঘটনা সন্দৰ্ভতো মত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র গৰাকীয়ে ৷

এই সন্দৰ্ভত তেওঁ কয়, '' ভাৰত চৰকাৰে এইক্ষেত্রত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটো আচৰিত কথা । ভাৰতৰ প্ৰধানমন্ত্রীয়ে বাংলাদেশৰ প্ৰধানমন্ত্রীৰ লগত ঘটনা সন্দৰ্ভত কথা পাতিব লাগিছিল । এনেই মাথো হিন্দুত্বৰ কথা ক'লে নহ'ব । ভাৰতৰ লগত বাংলাদেশৰ ভাল সম্পৰ্ক আছে । ভাৰতে বিভিন্ন ক্ষেত্রত বাংলাদেশক সহায় কৰি আহিছে । মাথো হিন্দু-মুছলিমৰ ৰাজনীতি কৰিলে নহ'ব । আমি কংগ্ৰেছ দলে বাংলাদেশৰ ঘটনাৰ প্ৰতিবাদ জনাম । ''

লগতে পঢ়ক : উত্তৰাখণ্ডত ধাৰাসাৰ বৃষ্টিপাত : সতৰ্কতা ৰেখাৰ ওপৰেৰে গংগা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.