ETV Bharat / state

Apex Bank Scam: এপেক্স বেংকত অসম চৰকাৰৰ 21 শতাংশ শ্বেয়াৰৰ তথ্য দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:50 PM IST

মুখ্যমন্ত্ৰীয়ে ক’লে চৰকাৰ জড়িত নহয় এপেক্স বেংকৰ সৈতে ৷ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ তথ্যসহ ঘোষণা- ৰাজ্য চৰকাৰৰ ২১ শতাংশ শ্বেয়াৰ আছে এপেক্স বেংকত ৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবো পৰিচালন মণ্ডলীৰ মনোনীত সদস্য ৷

Apex Bank Scam
এপেক্স বেংক কেলেংকাৰীৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২১ অক্টোবৰ : “এপেক্স বেংকৰ সৈতে ৰাজ্য চৰকাৰৰ সম্পৰ্ক আছে ৷ মই দায়িত্ব সহকাৰে কৈছো, মুখ্যমন্ত্ৰীয়ে বিপথে পৰিচালিত কৰিছে ৷ ৰাজ্য চৰকাৰৰ 21 শতাংশ শ্বেয়াৰ আছে এপক্স বেংকত ৷’’ এপেক্স বেংকৰ 20.30 কোটি টকাৰ জালিয়াতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক এইদৰে প্ৰত্যাহ্বান জনালে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ।

বিজেপি বিধায়ক বিশ্বজিৎ ফুকন অধ্যক্ষ হিচাবে থকা এপেক্স বেংকত সংঘটিত 20.30 কোটি টকাৰ জালিয়াতিৰ প্ৰসংগই সকলোৰে চকু কপালত তুলিছে৷ ৰাজেশ বাজাজ নামৰ বিতৰ্কিত ব্যৱসায়ীগৰাকীয়ে 100 টকীয়া ষ্টাম্প পেপাৰত পত্ৰ দি নিজৰ একাউণ্টত ধন নাই বুলি ঘোষণা দি নীতি বৰ্হিভূতভাৱে বেংকটোৰ পৰা উলিয়াই নিছিল 20.30 কোটি টকা৷

অধ্যক্ষ বিশ্বজিৎ ফুকনৰ নাম সাঙোৰ খাই পৰা বিষয়টোৱে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধীও ৷ তাৰ মাজতে নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নত এপেক্স বেংক প্ৰসংগত উত্তৰ দিছিল যে বেংকটোৰ সৈতে চৰকাৰ জড়িত নহয় ৷ মুখ্যমন্ত্ৰীয়ে এতিয়া এপেক্স বেংকৰ সৈতে ৰাজ্য চৰকাৰ জড়িত নহয় বুলি মন্তব্য কৰাৰ বিপৰীতে দায়িত্ব সহকাৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই দাবী কৰিছে যে ৰাজ্য চৰকাৰ এপেক্স বেংকত জড়িত হৈ আছে ৷

বিৰোধী দলপতি শইকীয়া দেৱব্ৰত শইকীয়াৰ মন্তব্য যে মুখ্যমন্ত্ৰীয়ে এপেক্স বেংকৰ জালিয়াতিৰ বিষয়টোত ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰিছে ৷ এপেক্স বেংকত ৰাজ্য চৰকাৰৰ 21 শতাংশ অংশীদাৰিত্ব থকাৰ তথ্য দি লগতে দেৱব্ৰত শইকীয়াই লগতে ক’লে- বেংকটোৰ দুৰৱস্থা হ’লে তাৰ ফল ৰাজ্য চৰকাৰেও ভুগিব লাগিব ৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এগৰাকী এপেক্স বেংকৰ সঞ্চালক মণ্ডলীৰ সদস্য ৷ দেৱব্ৰত শইকীয়াই লগতে কয় এপেক্স বেংকত অসমৰ ১০ লাখতকৈয়ো অধিক লোকৰ একাউণ্ট আছে । সেয়ে বেংকটোৰ কেলেংকাৰীৰ দায়িত্ব অসম চৰকাৰে ল’বই লাগিব বুলি দাবী কৰে বিৰোধীৰ দলপতিজনে ৷

আনহাতে, দুদিনমান পূৰ্বে অসম চৰকাৰে বিষয়টো BIEO লৈ প্ৰেৰণ কৰিছে । BIEO লৈ দিয়া বিষয়টো লৈ ৰিজাৰ্ভ বেংকলৈ পত্ৰ লিখিব বুলি জানিবলৈ দি কংগ্ৰেছ নেতা শইকীয়াই কৰিছে আন এক বিস্ফোৰক মন্তব্য- “এই বিষয়টো ৰাজ্য চৰকাৰে BIEOলৈ প্ৰেৰণ কৰিছে । কিন্তু শেহতীয়াকৈ লেঠা লগা এনে চৰকাৰলৈ আঙুলি উঠা কেলেংকাৰীৰ বিষয়বোৰ CID আৰু BIEO লৈ ঠেলি দি আহিছে । পাছত এইবোৰ ব্লেকমেইলিঙৰ আহিলাৰূপে লয় ৷” ইয়াৰ উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ মন্তব্য- “এই বেংকটোৰ লগত বিজেপিৰ কেইবাগৰাকীও বিধায়ক জড়িত হৈ আছে ৷ নতুন বিজেপি বিধায়ক, মুখপাত্ৰও বেংকটোৰ পৰিচালনাৰ সৈতে জড়িত ৷ গতিকে ৰাজনৈতিক মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে বিষয়টো বিপথে পৰিচালিত কৰিছে ৷ মই দায়বদ্ধতাৰে কৈছোঁ বিষয়টোত চৰকাৰ জড়িত আছে ৷ মই ৰিজাৰ্ভ বেংক অব ইণ্ডিয়ালৈ পত্ৰ লিখিম ৷”

লগতে পঢ়ক: Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.