ETV Bharat / state

পূজাৰ বতৰত ৰাইজ বঞ্চিত হ’ব নেকি বিদ্যুৎ সেৱাৰ পৰা !

author img

By

Published : Oct 12, 2021, 12:01 PM IST

সোমবাৰে অসম শক্তি বিতৰণ কোম্পানীয়ে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ সোমবাৰে এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

apdcl releases notice on load shedding during puja
পূজাৰ বতৰত ৰাইজ বঞ্চিত হ’ব নেকি বিদ্যুৎ সেৱাৰ পৰা ?

নিউজ ডেস্ক, 12 অক্টোবৰ : আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ ৷ কিন্তু দুৰ্গা পূজাৰ আনন্দৰ মাজতে অসম শক্তি বিতৰণ কোম্পানী (APDCL)ৰ মুখ্য প্ৰৱন্ধকে বিজ্ঞাপনযোগে প্ৰকাশ কৰিছিল এক জাননী ৷ জাননী অনুসৰি ৰাজ্যত পূজাৰ সময়ছোৱাত লোড শ্বেডিং হ’ব পাৰে বুলি প্ৰকাশ কৰিছিল ৷ গতিকে সাৱধানতা তথা মিতব্যয়িতাৰে ৰাইজক এই জাননীযোগে আহ্বান জনাইছিল বিভাগটোৱে ৷

apdcl releases notice on load shedding during puja
APDCLএ জাৰি কৰা জাননী

দেশৰ তাপ-বিদ্যুৎ প্ৰকল্পসমূহত পৰ্যাপ্ত কয়লাৰ নাটনিৰ বাবে ৰাজ্যৰ বিদ্যুৎখণ্ডত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ৷ এই জাননীখনক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলা দেখা গৈছে ৷ কিন্তু এই বিষয়ক লৈ শক্তিমন্ত্ৰী বিমল বৰাই ৰাইজক আশ্বাস প্ৰদান কৰি কয় পূজাৰ বতৰত ৰাইজে বিদ্যুতৰ পৰা বঞ্চিত হ’ব নলগাৰ বাবে বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি জনায় ৷

তেওঁ লগতে কয় যে, প্ৰয়োজনত মুকলি বজাৰৰ পৰা দহ-বাৰগুণ বেছি দৰত কিনি হ’লেও গ্ৰাহকক বিদ্যুৎ প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে শক্তিমন্ত্ৰী গৰাকীয়ে ৷ ৰাইজক চিন্তামুক্ত হৈ নিশ্চিন্তমনে পূজা উপভোগ কৰিবলৈ আহ্বান জনায় শক্তিমন্ত্ৰী বিমল বৰাই ৷

লগতে পঢ়ক : দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.