ETV Bharat / state

Indrani Tahbildar Suicide case: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা সন্দৰ্ভত ৰাজ্যপালক স্মাৰকপত্র প্ৰদেশ কংগ্ৰেছৰ - বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদেশ কংগ্ৰেছৰ সজাতি দলৰ ৷ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সমগ্ৰ পৰিঘটনাই ৰাজ্যখনৰ মহিলাসকলৰ মৰ্যদা আৰু সুৰক্ষাৰ ক্ষেত্ৰত থকা পয়ালগা অৱস্থাকে উদঙাইছে বুলি দাবী সজাতি দলটোৰ ।

APCC submit memorandum to governor regarding indrani tahbildar suicide case
ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা সন্দৰ্ভত ৰাজ্যপালক স্মাৰকপত্র প্ৰদেশ কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:52 PM IST

গুৱাহাটী, ২৪ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক ৰাজভৱনত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে । প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী প্ৰণতি ফুকন, উপ-সভানেত্রী ববিতা শৰ্মা, বিধায়িকা নন্দিতা দাস, সাধাৰণ সম্পাদিকা ৰ'জলিনা তিৰ্কী, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী প্ৰমুখ্যে এটি সজাতি দলে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে ।

APCC submit memorandum to governor regarding indrani tahbildar suicide case
ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা সন্দৰ্ভত ৰাজ্যপালক স্মাৰকপত্র প্ৰদেশ কংগ্ৰেছৰ

স্মাৰকপত্র যোগে প্ৰদেশ কংগ্ৰেছে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ দুৰ্ভাগ্যজনক আত্মহত্যাৰ ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় । যিবোৰ ঘটনা-পৰিঘটনা আৰু পৰিস্থিতিয়ে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰক আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে পৰিস্থিতিৰ সূচনা কৰিছিল তেনে ঘটনা-পৰিঘটনাসমূহৰ ওপৰত প্ৰদেশ কংগ্ৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ দৰে পৰিস্থিতিৰ সূচনা কৰা গোচৰত জড়িত বিজেপি দলৰ একাংশ সদস্যৰ গ্ৰেপ্তাৰে ৰাজ্যখনত চলি থকা ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ যি অবৈধ বেহাৰ উন্মোচন কৰিছে তাক প্ৰদেশ কংগ্ৰেছে কঠোৰ ভাষাৰে গৰিহণা দিয়ে । এই সমগ্ৰ পৰিঘটনাই কেৱল অসমবাসীক নহয় সমগ্ৰ ৰাষ্ট্ৰখনকে স্তম্ভিত কৰি তুলিছে বুলি প্ৰদেশ কংগ্ৰেছৰ নেত্রীসকলে সদৰি কৰে । তেওঁলোকে কয় যে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সমগ্ৰ পৰিঘটনাই ৰাজ্যখনৰ মহিলাসকলৰ মৰ্যদা আৰু সুৰক্ষাৰ ক্ষেত্ৰত থকা পয়ালগা অৱস্থাকে উদঙাই দিছে ।

সামাজিক মাধ্যমক ব্যৱহাৰ কৰি কিদৰে ব্যক্তি এগৰাকীক নিজৰ জীৱন নাশ কৰি দিয়াৰ দৰে চৰম পথ বাছি ল'বলৈ বাধ্য কৰিব পাৰে সেই কথা ইন্দ্ৰানী তহবিলদাৰৰ নিজৰ দলৰ সদস্যৰ দ্বাৰা সামাজিক মাধ্যমত ফটো ভাইৰেল কৰা কাণ্ডই প্ৰমাণ কৰে আৰু বহু কথাই ভাবিবলৈ বাধ্য কৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোৱে ব্যক্ত কৰে । এই সমগ্ৰ ঘটনাৰ তেওঁলোকে উচিত তদন্ত দাবী কৰে । উল্লেখ্য যে, বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই বহু গোপন ৰহস্য ফাদিল কৰাৰ পাছতে ৰাজ্যিক বিজেপিত ব্যাপক জোকাৰণিৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: Jayanta Malla Baruah: ইন্দ্ৰানী তহবিলদাৰৰ দৰে ঘটনাবোৰে সমাজত ঋণাত্মক প্ৰভাৱ পেলায়; জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.