ETV Bharat / state

ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ? - প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র মনজিৎ মহন্ত

বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখনক (কা) লৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৷ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তথা পুনৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিব পাৰে বুলি বিজেপি চৰকাৰে 'কা' বলৱৎ কৰাৰ বিষয়টো পিছুৱাই আছে বুলিও মত প্ৰদেশ কংগ্ৰেছৰ (APCC on BJP government delaying implementation of CAA) ৷

apcc-spokesperson-on-bjp-government-delaying-implementation-of-caa
Implementation of CAA : ৰাজ্য সমূহৰ বিধান সভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ?
author img

By

Published : Jan 11, 2022, 5:47 PM IST

গুৱাহাটী, ১১ জানুৱাৰী : বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখনক (কা) লৈ কোনো স্থিতি গ্ৰহণ কৰা নাই । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তৰ । উল্লেখযোগ্য যে, 'কা'ৰ বিধি-নিয়ম প্ৰস্তুতৰ ম্যাদ ৯ জানুৱাৰীত উকলি যোৱাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

মোদী চৰকাৰে তৎপৰতাৰে 'কা' প্ৰণয়ন কৰিলে যদিও বলৱৎ তথা কার্যকৰী কৰাৰ ক্ষেত্রত ততােধিক বিলম্বিত প্রক্রিয়াৰ আশ্রয় লৈছে (Modi government delaying implementation of CAA) । বিধি প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রণালয়ে লােৱা তৃতীয়টো বর্ধিত সময়সীমা ৯ জানুৱাৰীত উকলি গৈছে । 'কা'ক লৈ সমগ্ৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র মহন্তই কয় যে, বিভিন্ন ৰাজ্যৰ নিৰ্বাচন আহি থকা বাবে মোদী চৰকাৰে ভয় খাইছে ।

পুনৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিব পাৰে বুলি বিজেপি চৰকাৰে 'কা' বলৱৎ কৰাৰ বিষয়টো পিছুৱাই আছে । তেওঁ কয় যে কংগ্ৰেছ দলে কোনো কাৰণতে 'কা' মানি নলয় । অসমৰ ৰাইজে তথা বিভিন্ন দল-সংগঠনেও 'কা'খন মানি নলয় । গতিকে এইখন বাতিল কৰিব লাগে বুলি তেওঁ কয় ।

ৰাজ্য সমূহৰ বিধান সভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ?

উল্লেখ্য যে, বিধি প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রণালয়ে লােৱা তৃতীয়টো বর্ধিত সময়সীমা ৯ জানুৱাৰীত উকলি গৈছে (Government exceeds 3rd extended period for CAA implementation) । লােকসভা আৰু ৰাজ্যসভাৰ দুখনকৈ সংসদীয় সমিতিৰ পৰা কেন্দ্রীয় গৃহমন্ত্রণালয়ে লােৱা এই বর্ধিত সময়সীমাৰ অনুমতি আছিল বাধ্যতামূলক ।

অর্থাৎ, এই সময়সীমাৰ ভিতৰত তৃতীয় বর্ধিত সময়সীমা হিচাপে ২০২২ চনৰ ৯ জানুৱাৰীৰ ভিতৰত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ‘কা’ৰ বিধি প্রস্তুত কৰিব লাগিছিল আৰু তেতিয়াই কার্যতঃ বলৱৎ হ’লহেঁতেন ‘কা’। ইয়াৰ পূর্বে দুবাৰকৈ ক্রমে ২০২১ চনৰ ৯ এপ্রিললৈ প্ৰথমবাৰ আৰু ২০২১ চনৰ ৯ জুলাইলৈ দ্বিতীয়বাৰ কেন্দ্রীয় গৃহমন্ত্রণালয়ে লােকসভা আৰু ৰাজ্যসভাৰ দুখন সংসদীয় সমিতিৰ পৰা বর্ধিত সময়সীমা লৈয়াে ‘কা’ৰ বিধি প্রস্তুত কৰা নাছিল ।

লগতে পঢ়ক : Journalist Bikash Moran Commits suicide : তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.