গুৱাহাটী,২৬ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ ভূমি কেলেংকাৰী গাপ দিবলৈ গৈ এতিয়া বিজেপি নেতাই য'তে ত'তে খেপিয়াই ফুৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ।
মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত প্ৰৰোচনা আৰু সংঘৰ্ষ সৃষ্টিৰ লক্ষ্যৰে উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল । যাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গোচৰ তৰিছিল ।
এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজাহাৰ দিয়াৰ বিষয়টোক শিশুসুলভ কাম বুলি মন্তব্য কৰিছিল । মুখ্যমন্ত্রীৰ এই মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয় যে আমি জনাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাও আছিল ।
মুখ্যমন্ত্রীক মেধা আখ্যা দি তেওঁ কয় যে শেহতীয়াকৈ বিৰোধীৰ ঐক্য ‘I.N.D.I.A.’ক লৈ তথা কংগ্ৰেছৰ উত্থানত মুখ্যমন্ত্রীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে । যাৰ বাবেই মুখ্যমন্ত্রীয়ে এজাহাৰ দিয়া বিষয়টোক অপ্ৰসংগিক কৰি মন্তব্য কৰিছে ।
তেওঁ লগতে চি আৰ পি চিৰ ১৫৪ মতে FIR নিদিলে কোনো ঘটনাৰ তদন্ত কৰিব পাৰে নে বুলি প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্রী আইনৰ উৰ্দ্ধত নেকি । বিজেপিক কটাক্ষ কৰি তেওঁ কয় যে ২০১৪ চনত ভাৰতবৰ্ষ স্বাধীন হোৱা বুলি দাবী কৰা তেওঁলোকে উভত-গোৰে নচাটো স্বাভাৱিক ।
আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে বিজেপি নেতাই অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে কাৰ্বি আংলঙত দিয়া এশ কোটি টকাৰ অপব্যৱহাৰৰ তদন্ত বিচাৰোঁতেই নিজে কাচৰ ঘৰত থকা বিজেপি দলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দুৰ্নীতিপৰায়ণ আৰু ভ্ৰষ্টাচাৰী বুলি আখ্যা দিছে ।
তেওঁ কয় যে সদায় দেখোন অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা 'Cash for Job'ৰ এজন এজন ৰঙাঘৰলৈ গৈয়েই আছে । নাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগত বিজেপি দলৰ কাৰ্যকৰ্তা আদালতলৈ গৈয়ে থাকিবলগীয়া হৈছে ।
এনে পৰিস্থিতিত এনে ধৰণৰ মন্তব্য কৰাৰ পূৰ্বে যদি সঁচাকৈ বিৰোধী দলপতিগৰাকী দুৰ্নীতিত লিপ্ত তেন্তে যোৱা সাত বছৰে কি কৰি আছিল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । চৰকাৰ নিজৰ আৰু আইন নিজৰ হাতত থকাৰ পাছত কোনে বাধা দিছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ইমানদিনে কিয় তদন্ত কৰা নাই ।
তেওঁ লগতে প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্রীয়ে স্পষ্ট কৰক যে আইন আইনৰ মতে চলিব নে মুখ্যমন্ত্রীৰ নিৰ্দেশনা মতে চলিব । কংগ্ৰেছ দলৰ কি হ'ব নহ'ব তাক লৈ বিজেপি দল বেছি চিন্তিত বুলি সদৰী কৰি তেওঁ কয় যে ৰাহুল গান্ধীয়ে AIUDFৰ লগত কোনো সম্পৰ্ক নাই আৰু নহ'ব বুলি স্পষ্ট কৰাৰ পিছত মিত্র আজমলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নহ'ব বুলি বিজেপি কম্পমান হৈছে নেকি ।
লগতে পঢ়ক: Assam Bhawan in Tamilnadu: তামিলনাডুৰ ভেলোৰত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ