ETV Bharat / state

Price hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম প্রদেশ কংগ্ৰেছ কমিটি; সংবাদমেল সম্বোধন - APCC Press Meet Against Price Hike in Assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুই জ্যেষ্ঠ মুখপাত্র ৷

APCC Press Meet Over Price Hike in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্রদেশ কংগ্ৰেছ
author img

By

Published : Aug 6, 2023, 7:08 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,৬ আগষ্ট : মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম প্রদেশ কংগ্ৰেছ কমিটি ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনত সংবাদমেল কংগ্ৰেছৰ ৷ শাক-পাচলি, ব্ৰইলাৰ মুৰ্গী, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুই জ্যেষ্ঠ মুখপাত্র ৷

ৰাজীৱ ভৱনত দেওবাৰে সংবাদমেল সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ মুখপাত্রদ্বয় ইমদাদ হুছেইন আৰু সঞ্জু বৰুৱাই কয় যে, ৰাইজে বিজেপিক ভোট দিছিল দামবৃদ্ধি হ্রাস হ'ব বুলি ৷ কিন্তু সেয়া বিজেপি চৰকাৰৰ দিনত নহ’ল ৷ তেওঁলোকে কয় যে, ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিৰ আঁৰত আছে ছিণ্ডিকেট ৷

লগতে নেতাদুজনে তথ্যসহকাৰে কয় যে, পশ্চিম বংগত প্রতি কিলোগ্রাম ব্ৰইলাৰ মুৰ্গীৰ দাম ৯৫ টকা ৷ সেই পশ্চিম বংগৰ ব্ৰইলাৰ মুৰ্গীৰ দাম অসমত ১৫০ টকা ৷ ব্ৰইলাৰ মুৰ্গীৰ নামত ছিণ্ডিকেট চলিছে বুলি মন্তব্য কৰি তেওঁলোকে কয় যে বহিৰাগত কোম্পানীয়ে অসমত অধিক দামত বিক্ৰী কৰিছে ব্ৰইলাৰ মুৰ্গী ৷

ছিণ্ডিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখপাত্রদ্বয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে জানে কোনে ছিণ্ডিকেট কৰিছে ৷ যদি মুখ্যমন্ত্ৰীয়ে এই ছিণ্ডিকেট বন্ধ কৰিব পাৰে আমি কংগ্ৰেছে গামোচা পিন্ধাম মুখ্যমন্ত্ৰীক বুলি মন্তব্য কৰে তেোঁলোকে ৷

সংবাদমেলত মুখ্যমন্ত্ৰীক শাক-পাচলিত চলি থকা ছিণ্ডিকেট বন্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায় কংগ্ৰেছ নেতাদ্বয়ে ৷ ছিণ্ডিকেটৰ লগত জড়িতসকলক চিনাক্ত কৰি তদন্তৰ আওঁতালৈ আনিবলৈ দাবী জনাই তেওঁ লোকে কয় যে চৰকাৰে এফালে অৰুনোদয় দিছে আনফালে দাম বৃদ্ধিৰ জৰিয়তে শুহি নিছে ৷

লগতে দেওবাৰে খাৰুপেটীয়াৰ বজাৰত শাক-পাচলিৰ মূল্য জিকা প্ৰতিকিলো ৩৬ টকা, ভেণ্ডি ২২ টকা, পটল ৩৭ টকা, ভাতকেৰেলা ৫৫ টকা, বেঙেনা ৩০ টকা, তিয়ঁহ ২৫ টকা, নহৰু ৫০ টকা, আদা ৬৮ টকা, পানীলাও ৩৫ টকা বুলি উল্লেখ কৰি তাৰ বিপৰীতে গুৱাহাটীৰ বজাৰত জিকা ৬০-৯০ টকা, ভেণ্ডি ৬০-৭০ টকা, পটল ৬০-৯০ টকা, ভাতকেৰেলা ৬৫-৭০ টকা, বেঙেনা ৮০-৯০ টকা , তিয়ঁহ ৭০ টকা , নহৰু ২০০ টকা , আদা ২২০ টকা পানীলাও ৭০ টকাকৈ বিক্ৰী হৈ আছে বুলি মন্তব্য কৰে নেতাদ্বয়ে ৷

লগতে পঢ়ক : Akhil Gogoi on Price Hike: চৰকাৰৰ নীতিৰ বাবে অত্যাৱশ্যকীয় সমগ্রীৰ দামবৃদ্ধি হৈছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.