গুৱাহাটী, 12 অক্টোবৰ: অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি মন্তব্য কৰিছে স্বয়ং অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাই । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ সৈতে হোৱা এক কথা-বতৰাত এই কথা সদৰী কৰিছে অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah)।
ভূপেন বৰাই কয়, ‘‘বহুতে আজি মোক ফোন কৰি আৰু মেজেজ দি জনাইছে যে চৰকাৰ আৰু বিজেপিয়ে মোক এনকাউন্টাৰ কৰিব (Bhupen Borah encounter threat)। মোৰ শুভকাংক্ষীসকলে মোক সাৱধানে থাকিবলৈ কৈছে । কিন্তু মই ভূপেন বৰাই চৰকাৰ আৰু বি জে পিক জনাই দিও যে ভূপেন বৰা কাপুৰুষ নহয় । মই ভূপেন বৰাই আত্মসমৰ্পন নকৰোঁ’’। তেওঁ কয় যে আগতে অসম প্ৰদেশ কংগ্ৰছৰ সভাপতিৰ নিৰাপত্তাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা আছিল । প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুন বৰাই যিমানখিনি নিৰাপত্তা পাইছিল তাৰ আধাও তেওঁক এইখন চৰকাৰে দিয়া নাই’’ (Security of Bhupen Borah)।
ভূপেন বৰাই লগতে কয়, ‘‘এই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই । দলীয় আৰু ৰাইজৰ স্বাৰ্থত চৰকাৰ আৰু বি জে পিৰ দুৰ্নীতি আৰু অপশাসনৰ সমালোচনা কৰি থাকিম । মই চৰকাৰ আৰু বি জে পিক ভয় কৰা মানুহ নহয়’’ ।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি গুৱাহাটীত স্থাপন কৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ(Assam BJP new office) নিৰ্মাণক লৈ অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰা মুখৰ হৈ আছে । নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে আৱন্টিত গুৱাহাটীৰ চৰকাৰী ভূমিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় স্থাপন কৰা বুলি অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাই অভিযোগ তুলি অনাগত সময়ত কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো ভাঙি তাত নদী গৱেষণা কেন্দ্ৰ স্থাপন কৰিব বুলি হুংকাৰ দিছে(River Research Centre in Guwahati) ।
ইয়াকে লৈ চৰকাৰ আৰু বি জে পিৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মন্ত্ৰী পিয়ুষ হাজৰিকা, সাংসদ তথা বি জে পিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আদি অনেকে অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাক উভতি ধৰিছে ।
লগতে পঢ়ক: Notice to Bhupen Borah: প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী