ETV Bharat / state

Beneficiary Scheme Assam : তৰুণ গগৈ চৰকাৰৰ লেপটপৰ পৰা বিজেপিৰ হিতাধিকাৰী আঁচনিলৈকে বিশ্লেষণ ভূপেন বৰাৰ

বিজেপি চৰকাৰৰ বিৰুদ্ধে বহুকেইটা মন্তব্য প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিজেপি চৰকাৰে ৰূপায়ণ কৰা হিতাধিকাৰীৰ আঁচনিসমূহ বিজেপিৰ বাবে লাভৱান হ’বনে নহয় তাৰো বিশ্নেষণ কৰিলে বৰাই ৷

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:07 PM IST

Beneficiary Scheme Assam
ভূপেন বৰাৰ সংবাদমেল
ভূপেন বৰাৰ সংবাদমেল

গুৱাহাটী, ৯ অক্টোবৰ : ‘‘হিতাধিকাৰী সৃষ্টিৰে চৰকাৰ ৰক্ষা কৰিব নোৱাৰি ।’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত সভাপতি ভূপেন বৰাই এই মন্তব্য কৰি কয় যে হিতাধিকাৰী সৃষ্টিৰে যদি চৰকাৰ ৰক্ষা কৰিব পাৰি, তেনেহ’লে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰে কংগ্ৰেছ চৰকাৰ ৰক্ষা কৰিব পাৰিলেহেঁতেন । কিন্তু নোৱাৰিলে ।

লগতে তেওঁ কয়- ‘‘তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে নতুন প্ৰজন্মৰ মাজত লেপটপ বিতৰণ কৰিছিল, চাইকেল বিতৰণ কৰিছিল আৰু চেক বিতৰণ কৰিছিল । তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে নতুন প্ৰজন্মৰ মাজত যিমানখিনি লেপটপ বিতৰণ কৰিছিল, চাইকেল বিতৰণ কৰিছিল আৰু চেক বিতৰণ কৰিছিল সেইমতে ভোট পাইছিল জানো ! আচলতে হিতাধিকাৰী আঁচনি লৈ চৰকাৰ ৰক্ষা কৰিব নোৱাৰি ।’’

তেওঁ কয় যে ৰাইজে আবেগেৰে নহয়, বিবেকেৰে ভোট দিয়ে । যোৱা সময়ছোৱাত অসমত বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰি, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা, অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, অসম চুক্তিৰ ছয় নং দফা বাস্তবায়িত কৰা আদিৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোট দিছিল ।

বৰাই লগতে কয় যে বিজেপি চৰকাৰে ৰাইজৰ এই স্বাৰ্থসমূহ পূৰণ কৰাত গুৰুত্ব দিব লাগে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কয় ভূপেন বৰাই কয়- ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভাবে সেয়াই শেষ কথা নহয় । নিজকে সৰ্বশক্তিমান বুলি ভাবিব নালাগে ।‌ কাৰণ আমি মধু কোডা, লালু প্ৰসাদ যাদৱ, চন্দ্ৰবাবু নাইডুৰ দৰে এনেকুৱা বহুত মুখ্যমন্ত্ৰী দেখিছোঁ ।’’

লগতে পঢ়ক: Eviction in Silsako: হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা শিলসাঁকোৰ উচ্ছেদিতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.