ETV Bharat / state

Bhupen Kumar Borah: মুখ্যমন্ত্ৰীয়ে ‘টি আৰ পি’ৰ পিছে পিছে দৌৰোতে অসমৰ তিনিখন মেডিকেল কলেজে স্বীকৃতি হেৰুৱাব : ভূপেন বৰা - IMC to scrap Assam Medical College

অসমৰ তিনিখনকৈ মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ আশংকাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। চৰকাৰৰ গাফিলতিক কঠোৰ ভাষাৰে সমালোচনা বিভিন্ন দল-সংগঠনৰ। অনাগত দিনত অসমৰ এইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্য-কলাপে অসমৰ ৰাইজক অধিক লজ্জানত কৰিবলৈ বাধ্য কৰাব বুলি মন্তব্য ভূপেন বৰাৰ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে এয়া এক গতানুগতিক নিয়ম (Recognition of medical college)।

Recognition of medical college
চৰকাৰৰ গাফিলতিক কঠোৰ ভাষাৰে সমালোচনা বিভিন্ন দল-সংগঠনৰ
author img

By

Published : Jun 1, 2023, 10:00 PM IST

মেডিকেল কলেজৰ স্বীকৃতি বাতিল সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য

গুৱাহাটী, 1 জুন: দেশৰ লগতে অসমৰো তিনিখনকৈ মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱাৰ আশংকাই ৰাজ্যজুৰি তোলপাৰ লগাইছে ৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে জাৰি কৰা জাননীয়ে কঁপাইছে অসমৰ স্বাস্থ্যখণ্ডৰ ভেঁটি ৷ প্ৰশ্ন হৈছে যে বাতিল হ'ব নেকি অসমৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি ৷ জানিব পৰা মতে আন্তঃগাঠনিকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা দুৰ্বলতাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজলৈ জাৰি কৰিছে জাননী ৷ আনহাতে আয়োগে জাননীৰ উত্তৰ দিয়াৰ বাবে এমাহৰ সময়ো দিছে (APCC President Bhupen Borah) ৷

এই প্ৰসংগকলৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিভিন্ন দল-সংগঠনে ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ আওঁতালৈ অসমৰ উত্তৰণ ঘটিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পঁয়ালগা ছবিখন আকৌ এবাৰ উন্মোচিত হ’ল ৷ আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ নাটনি আদি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি এইজন মুখ্যমন্ত্ৰীৰ দুটা বছৰৰ কাৰ্যকালতে ৰাজ্যখনৰ তিনিখনকৈ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিবলৈ বাধ্য হ’ল ৰাষ্ট্ৰীয় মেডিকেল আয়োগ ৷ গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিলে ৰাষ্ট্ৰীয় মেডিকেল আয়োগে ৷ এয়াই ‘কর্মদক্ষ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ নমুনা বুলি তেওঁ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমলোচনা কৰে (Bhupen Borah reacts on medical college issue) ৷

তেওঁ কয় যে কেৱল মিছা আশা, মিছা প্ৰতিশ্ৰুতি আৰু ৰাজ্যবাসীক ধাৰত ডুবাই ‘টি আৰ পি’ বুটলাৰ প্ৰতিযোগিতাত নমা মুখ্যমন্ত্ৰীজনৰ আচল স্বৰূপ এতিয়া নিতৌ ৰাইজৰ আগত এটাৰ পিছত আনটো উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে ৷ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই দীর্ঘদিন অসমৰ স্বাস্থ্যমন্ত্ৰীৰ আসনত কাৰ্যনিৰ্বাহ কৰা আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন ‘হস্তগত’ কৰা হিমন্ত বিশ্ব শৰ্মাই কেৱল সাম্প্ৰদায়িক ৰাজনীতি, বিধায়ক বেচা-কিনাৰ ৰাজনীতি, উপ-নিৰ্বাচনত ছলে-বলে-কৌশলে বিজেপিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ ৰাজনীতি আৰু দেশৰ ৰাজ্যই ৰাজ্যই মিছা কথাৰ ধল নমাই অসমবাসীক লজ্জানত কৰাৰ কামত সৰহভাগ সময় ব্যস্ত থকাৰ বাবেই আজি অসমৰ ঐতিহ্যমণ্ডিত মেডিকেল কলেজসমূহ এইদৰে লাজ লগা পৰ্যায়ত উপনীত হ’বলৈ বাধ্য হৈছে বুলি তেওঁ কয় (Bhupen Kumar Borah) ৷

তেওঁ লগতে কয় যে অনাগত দিনত অসমৰ এইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্য-কলাপে অসমৰ ৰাইজক অধিক লজ্জানত কৰিবলৈ বাধ্য কৰাব ৷ তেওঁ কয় যে শেহতীয়াকৈ স্বীকৃতি বাতিল হোৱা ৰাজ্যৰ তিনিখন মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতৰ দায়িত্ব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব নে নলয় তাৰ উত্তৰ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে দিব লাগিব (IMC to scrap Assam Medical College) ৷

ইফালে এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে এয়া এক গতানুগতিক নিয়ম ৷ এইবাৰ বাতৰিত ওলাইছে বাবে গম পাইছে ৷ আগতে বাতৰিত নোলায় ৷ নিয়মিত পৰিদৰ্শনত আঁসোৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে ৷ এইবাৰ চি চি কেমেৰা নাই চলা বুলি অভিযোগ কৰিছিল ৷ তেওঁলোকে সময় দিয়ে ৷ সেই সময়ৰ ভিতৰত তাৰ উত্তৰ দিয়া হৈছে ৷ আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই নিজৰ প্ৰতিক্ৰিয়াত কয় যে এন এম চিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায় ৷ এইবাৰ এন এম চি পৰ্যবেক্ষক 23 জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল ৷ ৰাষ্ট্ৰীয় বন্ধৰ দিনত পৰিদৰ্শন কৰিছিল দলটোৱে ৷ অভিযোগ আহিব পাৰে ৷ অভিযোগ পঢ়ি উত্তৰ দিছো বুলি তেওঁ কয় ৷ তেওঁলোকে কেমেৰাৰ কথা কৈছিল ৷ কিন্তু এন এম চিয়ে লগোৱা কেমেৰা আমি চাব নোৱাৰোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে 25 টা কেমেৰা লগোৱা হৈছে আৰু সেই ডাটাবোৰ এন এম চিলৈ গৈ আছে ৷ মেডিকেল কলেজত অধ্যাপক, কিতাপ-পত্ৰ আদি বস্তু পৰ্যাপ্ত পৰিমাণে আছে বুলিও তেওঁ জানিবলৈ দিয়ে (Recognition of medical college) ৷

লগতে পঢ়ক: Bhupen Bora in gang attack victim house :গোৱালপাৰাত বালি-কাঠৰ ২০০ কোটি টকাৰ ছিণ্ডিকেট:ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.