ETV Bharat / state

Bhupen Borah: অৰুণোদয় নোপোৱা লোকে অৰুণোদয় ধুমুহাৰ সৃষ্টি কৰিব: ভূপেন বৰা

অসমত অৰুণোদয় পোৱা লোকতকৈ নোপোৱা লোক বেছি । অৰুণোদয় নোপোৱা লোকে ২০২৪ত বিজেপিৰ বিৰুদ্ধে ধুমুহা বতাহ আনিব ! মুখ্যমন্ত্ৰীক উভতি ধৰি কংগ্ৰেছৰ ভূপেন বৰাৰ মন্তব্য ৷

APCC President Bhupen Borah
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:35 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ১৮ অক্টোবৰ : অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা লোকৰ বতাহৰ বিপৰীতে অৰুণোদয় নোপোৱা লোকে ২০২৪ত ৰাজ্যত ধুমুহা বতাহ আনিব । অৰুণোদয়ৰ বতাহত কংগ্ৰেছ দল উৰি যাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্যক উভতি ধৰি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

বুধবাৰে এক ৰাজহুৱা সভাত ভাগ লৈ সভাপতি বৰাই কয় যে ৰাজ্যত অৰুণোদয় পোৱা লোকতকৈ নোপোৱা লোকৰ সংখ্যাহে সৰহ। গতিকে অৰুণোদয়ৰ বতাহে কংগ্ৰেছক উৰুৱাই নিব বুলি মুখ্যমন্ত্ৰীয়ে ভাবি থকা কথাষাৰৰ কোনো অর্থই নাই বুলিও তেওঁ মন্তব্য কৰে । ‘‘অসমত অৰুণোদয় পোৱা লোকতকৈ নোপোৱা লোক বেছি । যদি ৰাজ্যত অৰুণোদয় বতাহ আহে তেন্তে অৰুণোদয় নোপোৱা লোকসকলে অৰুণোদয় ধুমুহাৰ সৃষ্টি কৰিব । সেই অৰুণোদয় ধুমুহাত বিজেপিৰ পলাই পত্ৰং দিবলৈকে৷ ঠাই নাইকিয়া হৈ পৰিব ।’’-সভাপতি বৰাই গোগামুখৰ এখন সভাত ভাগ লৈ বুধবাৰে ক’লে এইদৰে ।

তেওঁ আৰু কয় যে অৰুণোদয় নোপোৱা লোকসকলে সৃষ্টি কৰা ধুমুহাত বিজেপি উফৰি যাব ৷ তেতিয়া ২০২৪ত কেন্দ্ৰত আৰু ২০২৬ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ আহিলে জাত-পাত, ধৰ্ম, দলৰ বিচাৰ নকৰাকৈ সকলো মহিলাই প্ৰতিমাহৰ ৯ তাৰিখে 'ন-লখিমী' আঁচনিৰ অধীনত ২৫০০ টকাকৈ লাভ কৰিব । কংগ্ৰেছ চৰকাৰ আহিলে অসমৰ প্ৰতিঘৰ লোকে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও সদৰী কৰে ভূপেন বৰাই ।

উদাহৰণ স্বৰূপে ভূপেন বৰাই ক’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে দিয়া এনে প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে ৷ শিক্ষিত যুৱক-যুৱতীসকলক চাকৰি নোপোৱালৈকে মাহিলী নিবনুৱা ভাট্টাও কংগ্ৰেছ চৰকাৰে দিব বুলিও ৰাজহুৱা সভাত ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । এই সকলো প্ৰতিশ্ৰুতি কাতি বিহুত ৰোৱা তুলসীজোপাৰ নামত শপত খাই কোৱা বুলিও নিজৰ ভাষণত উল্লেখ কৰে সভাপতি বৰাই ।

লগতে পঢ়ক: BJP PR program: অসমত এতিয়া শান্তিৰ মলয়া; কংগ্ৰেছৰ দিনত আছিল জংঘলৰাজ: বিধায়ক ৰূপজ্যোতিৰ অনুভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.