ETV Bharat / state

অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

author img

By

Published : May 29, 2022, 8:12 PM IST

মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনক ক্ষমা খোজা আৰু মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী সঞ্জয় কিষাণক শ্ব'কজ কৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ (Sanjay Kishans apology to ULFA I) । ভূপেন বৰাই কয় যে, দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে । এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে ‘কমাণ্ডাৰ-ইন-চীফ’ অর্থাৎ মুখ্য সেনাধ্যক্ষ ।

Sanjay Kishans apology to ULFA I
অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

গুৱাহাটী, ২৯ মে’: ‘‘অসমত এতিয়া দুজন ‘চীফ’ আছে । দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে । এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে ‘কমাণ্ডাৰ-ইন-চীফ’ অর্থাৎ মুখ্য সেনাধ্যক্ষ ।’’ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনক ক্ষমা খোজা আৰু মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী সঞ্জয় কিষাণক শ্ব'কজ কৰা প্ৰসংগক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে (Sanjay Kishans apology to ULFA I)।

বিষয়টোক লৈ বিশেষকৈ বিৰোধীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, ১৯৮৯ চনত এনেকুৱা পৰিৱেশেই হৈছিল । তেতিয়াও এজন ‘চীফ মিনিষ্টাৰ' প্ৰফুল্ল কুমাৰ মহন্তৰ অগপ চৰকাৰ আছিল আৰু এজন আছিল কমাণ্ডাৰ-ইন-চীফ পৰেশ বৰুৱা । পৰৱৰ্তী সময়ত উপায় নাপাই কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰপতি শাসন দিবলৈ বাধ্য হৈছিল আৰু অগপৰ শাসনকাল শেষ হৈছিল (President rule in Assam)।

এতিয়া বিজেপি চৰকাৰৰ 'চীফ মিনিষ্টাৰ' হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এজন হৈছে ‘কমাণ্ডাৰ-ইন-চীফ’ পৰেশ বৰুৱা । এতিয়া অসম চৰকাৰৰ মন্ত্ৰীসকল নিজেই বিভ্ৰান্ত বুলি কটাক্ষ কৰি ভূপেন বৰাই কয় যে মন্ত্ৰীসকলে ভালকৈ ধৰিব পৰা নাই ‘চীফ মিনিষ্টাৰ’ বেছি শক্তিশালী নে ‘আলফা'(স্বা)ৰ 'কমাণ্ডাৰ-ইন-চীফ’ বেছি শক্তিশালী । এতিয়া মন্ত্ৰীয়ে নিৰাপত্তা বিচাৰি ‘কমাণ্ডাৰ-ইন-চীফ’ক পাৱে পৰি হৰি কৰিবলগীয়া হৈছে বুলিও কয় বৰাই ।

অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ নামিছে যে এতিয়া মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক ‘শ্ব’কজ’ কৰি বুজাবলগীয়া হৈছে যে 'কমাণ্ডাৰ-ইন-চীফ’ নহয় মুখ্যমন্ত্ৰীহে বেছি শক্তিশালী । অসমত এতিয়া প্ৰকৃতাৰ্থত পৰিৱেশ, পৰিস্থিতি কি সেয়া তিনিচুকীয়াৰ প্ৰতিনিধি সঞ্জয় কিষাণে ভালকৈ উপলব্ধি কৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উচ্চ-শিক্ষিত নিবনুৱাই মূৰে কঁপালে হাত দি, হতভম্ব হৈ এই চৰকাৰৰ পৰিৱৰ্তনৰ আশা বাদ দিছে বুলি সদৰি কৰি তেওঁ কয় যে এতিয়া শ শ ডেকা ল'ৰা আলফা লৈ যাবলৈ আৰম্ভ হৈছে । যিটো কাৰণে মন্ত্ৰী সঞ্জয় কিষাণে চাৰিওফালে নিৰাপত্তা বেষ্টনী, ‘এছকৰ্ট’, ‘পাইলট’ থকাৰ পাছতো এতিয়া ‘আলফা' সেনাধ্যক্ষৰ ভৰিত ধৰিবলৈ ঘূৰি ফুৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক বুজাবলগীয়া হৈছে ।

তেওঁ লগতে কয় যে এনে পৰিস্থিতিত কেন্দ্ৰই হস্তক্ষেপ কৰাৰ সময় সমাগত । ১৯৮৯ চনৰ পৰিৱেশ অগপৰ শাসনত যেনেকুৱা হৈছিল এতিয়া বিজেপিৰ শাসনতো পৰিৱেশ সেইধৰণেই গতি কৰিছে বুলি তেওঁ কয় । অসমৰ প্ৰকৃত ছবিখন সঞ্জয় কিষাণে স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ চকুৰ আগত দেখুৱাই দিলে বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.