ETV Bharat / state

Rangali bihu 2022 : ঢুলীয়াৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা - APCC president at Guwahati Bihu program

গুৱাহাটীৰ ঘোঁৰামৰা বৰসজাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজন কৰা বিহুৰ কাৰ্যসূচীত সপত্নীক ভূপেন বৰাৰ অংশগ্ৰহণ (APCC president at Guwahati Bihu program ) । আমাৰ জাতীয় সভ্যতা-সংস্কৃতি হৈছে আমাৰ জাতিৰ শিপা ।

apcc-president-present-at-guwahati-bihu-program
ঢুলীয়াৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By

Published : Apr 14, 2022, 10:33 PM IST

গুৱাহাটী,১৪ এপ্ৰিল : এইবাৰ এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ কবি বা নেতা হিচাপে নহয় এইবাৰ ঢুলীয়াৰ ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ৷ ৰাজনীতিৰ বাক্ বিতণ্ডাৰ পৰা আঁতৰি বৃহস্পতিবাৰে অসমীয়াৰ অতি আদৰৰ-হেপাঁহৰ ৰঙালী বিহুৰ ৰঙত মিলিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora in Bihu program)।

ঢুলীয়াৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গৰু বিহুৰ দিনা গুৱাহাটীৰ ঘোঁৰামৰা বৰসজাই আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজন কৰা বিহুৰ কাৰ্যসূচীত সপত্নীক অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সন্মিলনে ‍আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রাৰ উপৰি আন কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ (APCC president present at Guwahati Bihu program ) লগতে আন কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে ।

এই শোভাযাত্রাতে ঢুলীয়াৰ ৰূপত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক । ইফালে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে, আমাৰ জাতীয় সভ্যতা-সংস্কৃতি হৈছে আমাৰ জাতিৰ শিপা ।

তেওঁ লগতে কয় যে, আমি অসমীয়া জাতি হিচাপে জীয়াই থাকিবলৈ বিশ্বৰ বুৰঞ্জীত আমাৰ পৰিচয় তথা গৌৰৱোজ্বল ইতিহাস আৰু অধিক শক্তিশালী কৰিব লাগিব । নৱপ্ৰজন্মক অসমীয়াৰ চহকী সভ্যতা-সংস্কৃতি সম্পৰ্কে অৱগত কৰিব লাগিব বুলি তেওঁ মতপোষণ কৰে । উল্লেখ্য যে, অনুষ্ঠানত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে আদি কৰি বিহু সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.