ETV Bharat / state

Corruption Allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে আইন সুকীয়া নেকি ? প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:50 PM IST

জনসেৱাৰ পৰিৱৰ্তে নিজৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰাটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া মূল লক্ষ্য হৈ পৰিছে বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ আন এক অভিযোগ উত্থাপন হোৱাৰ পাছতে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৷

APCC Makes Corruption Allegations Against Assam CM
মুখ্যমন্ত্রী আৰু পত্নীৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে নিজৰ পত্নী আৰু পৰিয়ালৰ হৈ কাম কৰিবলৈকে উঠি-পৰি লাগিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জনসেৱাৰ পৰিৱৰ্তে নিজৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰাটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া মূল লক্ষ্য হৈ পৰিছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ আন এক অভিযোগ উত্থাপন হোৱাৰ পাছতে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে স্বাৱলম্বিতাৰ সপোন দেখা ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতৰ চিন্তাক একাষৰীয়াকৈ থৈ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ ৰাজসাহাৰ্য লোৱাতো সমগ্ৰ অসমৰ বাবে অতিশয় দুৰ্ভাগ্যজনক ঘটনা ৷ কংগ্ৰেছ নেতাদ্বয়ে কয় যে এই কাৰ্যৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এটাই নহয় কেবাটাও অনিয়ম আৰু কেলেংকাৰীত লিপ্ত হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে চিলিং আইন উলংঘা কৰাৰ লগতে কোম্পানী আইন ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

তেওঁলোকে কয় যে, মুখ্যমন্ত্ৰীগৰাকী একপ্ৰকাৰ ৰক্ষকেই ভক্ষকস্বৰূপ হৈ পৰিছে ৷ আইনৰ দোহাই দি কষ্ট উপাৰ্জিত ধনেৰে মাটি কিনি ঘৰ নিৰ্মাণ কৰা লোকক আগদিনা জাননী দি পিছদিনা বুলডজাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ ক্ষেত্ৰত সকলো আইন-কানুন ভৰিৰে মোহাৰি পেলাইছে ৷ সেয়ে চিলিং আইন উলংঘা কৰি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰা সত্বেও বিভাগীয় কোনো বিষয়াই ভুল ধৰিবলৈ সাহস কৰিব নোৱাৰিলে ৷ চিলিং আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে ৷ সেইবাবেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এই মাটি ক্ৰয় কৰাৰ পাছতেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয় বুলি কয় নেতাদ্বয়ে ৷

কিন্তু মাত্ৰ ১০ মাহৰ ভিতৰতে কিদৰে অতি তাৎক্ষণিকভাৱে কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন সম্ভৱ হ’ল বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাদ্বয়ে ৷ কংগ্ৰেছ নেতাদ্বয়ে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা কাৰ্যৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায় ৷ কোনজন উপায়ুক্ত আৰু ৰাজহ বিষয়াই এই প্ৰক্ৰিয়া সম্পন্ন কৰিলে সেয়া জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে বুলি প্ৰশ্ন কৰি তেওঁলোকে কয় যে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনত সম্পূৰ্ণৰূপে নীতি-নিয়ম পালন হৈছিল নে নাই সেয়াও অসমৰ ৰাইজে জনা উচিত ৷ ইয়াৰ পূৰ্বেও চাহ বাগিচাৰ ২৯ বিঘা ছিলিং ছাৰপ্লাছ মাটি মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজৰ নামত অনিয়মেৰে ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ গতিকে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছো বুলি নেতাদ্বয়ে কয় ৷

নেতা দুজনে লগতে কয় যে মনোৰঞ্জনমূলক ক্ষেত্ৰত কাম কৰা কোম্পানী এটাই খাদ্য সংসাধন উদ্যোগ স্থাপনৰ অনুমতি লাভ কৰাটোও একপ্ৰকাৰ ৰহস্যজনক ৷ কিয়নো খাদ্য সংসাধন মন্ত্ৰালয়ৰ ‘এগ্ৰো প্ৰচেচিঙ ক্লাষ্টাৰ’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড হৈছে এটা এণ্টাৰটেইনমেণ্ট কোম্পানী ৷ তৎসত্বেও এই কোম্পানীটোৱে খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰতো আৰু অনেক কেলেংকাৰি লুকাই আছে বুলিও কংগ্ৰেছৰ নেতাদ্বয়ে সন্দেহ প্ৰকাশ কৰে ৷

তেওঁলোকে কয় যে অসমত আজি আইন দুখন ৷ এখন আইন সাধাৰণ মানুহৰ বাবে ৷ আনখন আইন মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে থকা আইনত নিয়ম বুলি একো নাই ৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে যি কৰিবলৈ বিচাৰে সেয়াই আইন ৷ বিজেপিয়ে ৰাইজক আজি এনে পৰিৱৰ্তনেই উপহাৰ দিছে ৷ কিন্তু এখন গণতান্ত্ৰিক দেশত আইনৰ উৰ্ধত কোনো হ’ব নোৱাৰে ৷ প্ৰদেশ কংগ্ৰেছে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো বুলি তেওঁলোকে কয় ৷

লগতে পঢ়ক : KMSS challenges CM Himanta: মুখ্যমন্ত্রীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ সাহায্য লাভ কৰাক লৈ সৰৱ কৃষক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.