ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰা : অনুমতিৰ বাবে প্ৰদেশ কংগ্ৰেছক সাক্ষাৎ নিদিলে মুখ্য সচিবে

Bharat Jodo Nyay Yatra : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি বিচাৰি আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ ইফালে ৰাজ্যৰ মুখ্য সচিবে সাক্ষাতৰ বাবে সময় নিদিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ৷

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 5:17 PM IST

Bharat Jodo Nyay Yatra
মুখ্য সচিবে সাক্ষাৎৰ বাবে সময় নিদিলে প্ৰদেশ কংগ্ৰেছক
আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, 12 জানুৱাৰী : কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি বিচাৰি তাঁত-বাটি অসম প্ৰদেশৰ কংগ্ৰেছৰ নেতৃত্বৰ ৷ শুকুৰবাৰে পুৱা দিছপুৰত মুখ্য সচিবক লগ কৰাৰ বাবে আৰু দিনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই তাঁত-বাটি কাঢ়ি থকা দেখা যায় ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি বিচাৰি অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই দিছপুৰত মুখ্য সচিবক সাক্ষাৎ কৰিবলৈ গৈ বিমুখ হয় ৷ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব ৰবি কোটাই কংগ্ৰেছৰ নেতৃত্বক সাক্ষাতৰ বাবে সময় নিদিলে ৷

পিছত বিমুখ হৈ কংগ্ৰেছৰ নেতৃত্বই গৃহ বিভাগৰ সচিব দেৱ কুমাৰ মিশ্ৰকহে সাক্ষাৎ কৰে ৷ তাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উলুবাৰীত অসম আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সাক্ষাৎ কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সাক্ষাৎ কৰাৰ পিছত অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বৃহস্পতিবাৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ বাবে অনুমতি বিচাৰি আৱেদন কৰিছিল ৷ বৃহস্পতিবাৰে সন্ধিয়াহে অসমত ৰাহুল গান্ধীৰ যাত্ৰাৰ ৰোড মেপ প্ৰস্তুত কৰিছিল দলে ৷ আজি এই ৰোড মেপ জি পি সিঙক দিয়া হৈছে বুলি তেওঁ কয় ৷

ভূপেন বৰাই লগতে কয় যে, এই সন্দৰ্ভত জি পি সিঙৰ লগত কথা পাতি তেওঁলোক আশ্বস্ত হৈছে ৷ আৰক্ষী সঞ্চালক প্ৰধানজনে তেওঁলোকক নীতিগত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে বুলি কয় তেওঁ ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ অনুমতি দিয়া-নিদিয়া কংগ্ৰেছৰ বিচাৰ্য নহয় ৷ কাৰণ আইন-শৃংখলা আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবে নিয়ন্ত্ৰণ কৰে ৷ মুখ্য সচিবক লগ নাপালেও আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰা হৈছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত 14 জানুৱাৰীত মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব ৷ 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব এই যাত্ৰাই ৷ 25 জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত থাকিব ৷ অসমৰ মুঠ 17 খন জিলা পৰিভ্ৰমণ কৰিব এই যাত্ৰাই ৷ অসম মুঠ 833 কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে এই যাত্ৰা পশ্চিম বংগ হৈ বিহাৰ, ছত্তীশগড়, উৰিষ্যা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট হৈ মহাৰাষ্ট্ৰত শেষ হ'ব ৷ 66 দিনত ৰাহুল গান্ধীয়ে 110 খন জিলা সামৰি 6,713 কিলোমিটাৰ যাত্ৰা কৰিব ৷

লগতে পঢ়ক : শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে; বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.