ETV Bharat / state

পৌৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ আলোক কুমাৰক সাক্ষাৎ কৰি স্মাৰকপত্র প্ৰদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে । স্মাৰকপত্রখনত উল্লেখ কৰা হৈছে যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০১৮ চনৰ ৩১ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব লাগিছিল । চৰকাৰৰ বিষয়াক প্ৰশাসক হিচাপে নিযুক্তি দি নিগম পৰিচালনা কৰাটো অসাংবিধানিক । সেয়ে, পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থ‍পন কৰে কংগ্ৰেছৰ প্ৰতিনিধি দলে ।

author img

By

Published : Sep 23, 2021, 6:55 PM IST

APCC has demanded early municipal election
পৌৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাজ্যৰ আন পৌৰসভাসমূহৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ আলোক কুমাৰক বৃহস্পতিবাৰে সাক্ষাৎ কৰি এখন স্মাৰকপত্র প্ৰদান কৰে । প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থ‍পন কৰে ।

স্মাৰকপত্র যোগে কোৱা হয় যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০১৮ চনৰ ৩১ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব লাগিছিল । ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশত ২০১৮ চনৰ জুলাই মাহত গুৱাহাটী পৌৰ নিগমৰ ভোটাৰ তালিকাৰ খছৰা প্ৰকাশৰ লগতে ৱাৰ্ড আৰু এৰিয়া সভাৰ আসন সংৰক্ষণ সম্পৰ্কত ৰাজনৈতিক দলসমূহৰ লগত সভা অনুষ্ঠিত কৰি আসনসমূহৰ সংৰক্ষণ সম্পৰ্কীয় তালিকাও প্ৰকাশ কৰিছিল ।

কিন্তু ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকী সলনি হোৱাৰ লগতে অসম চৰকাৰৰ কেবিনেটে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পূৰ্বৰ দৰে ৬০ টা ৱাৰ্ডত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । তাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা বিষয়টোৱে গেঠেলা মাৰে । গুৱাহাটী পৌৰ নিগম তদৰ্থ ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ বিষয়াক প্ৰশাসক হিচাপে নিযুক্তি দি নিগম পৰিচালনা কৰাটো অসাংবিধানিক বুলি স্মাৰকপত্রখনত উল্লেখ কৰা হয় ।

ৰাজ্যৰ পৌৰ নিকায়সমূহৰ নিৰ্বাচন পৰিচালনা, নীতি-নিয়ম গ্ৰহণ, ভোটাৰ তালিকা প্ৰকাশ আদি বিষয়ৰ কৰ্তৃত্ব ৰাজ্যিক নিৰ্বাচন আয়োগৰ, যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অধ্যক্ষগৰাকীক গুৱাহাটী পৌৰ নিগমৰ ভোটাৰ তালিকাৰ খছৰা প্ৰকাশকে ধৰি ৱাৰ্ড ডিলিমিটেশ্বন বিষয়ত সিদ্ধান্ত ৰাজহুৱা কৰাৰ আহ্বান জনায় । লগতে ৱাৰ্ড সংৰক্ষণ সম্পৰ্কত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগত জিলা নিৰ্বাচনী বিষয়াৰ সভা অনুষ্ঠিত কৰি এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক দলসমূহক প্ৰস্তুতিৰ বাবে সমান সুবিধা প্ৰদান কৰাৰ স্বাৰ্থত নিৰ্বাচনৰ সম্ভাৱ্য দিন-বাৰ প্ৰকাশৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে আহ্বান জনায় ।

লগতে পঢ়ক:মহানগৰ আৰক্ষীৰ জালত ৪ গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.