গুৱাহাটী, 19 এপ্ৰিল : মিত্রদলৰ বিৰুদ্ধে মিত্রদলে অনা অভিযোগক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কিয় নীৰৱ ? এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে বি টি আৰত চলি থকা ছিণ্ডিকেটকলৈ সৰৱ হৈ পৰে । সংবাদমেলত তেওঁ কয় যে, ইউ পি পি এল আৰু বি পি এফ বিজেপি মিত্রজোঁটত আছে । বিজেপি মিত্রদলত থকাৰ পাচতো বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ আনিছে (Garjan Mushahary on Pramod Boro)।
হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন ৰাজহুৱা সভাত প্ৰমোদ বড়োৰ বিৰুদ্ধে বিভিন্ন অভিযোগ অনা পৰিলক্ষিত হৈছে । লক্ষণীয় বিষয় যে, এই অভিযোগ মিত্রদলে আনিছে । তেওঁ কয় যে, হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰা মতে প্ৰমোদ বড়োৱে শ্ৰীৰামপুৰৰ ছিণ্ডিকেটৰ নামত দাদাগিৰি চলাই আহিছে । বিজেপিৰ মিত্রদল বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সদায়ে এই অভিযোগ উত্থাপন কৰি আহিছে । আনহাতে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়াৰ কথা কৈ আহিছে যদিও এতিয়ালৈকে গোচৰ দিয়া নাই (Garjan Mushahary allegations against BTR govt)।
তেওঁ লগতে কয় যে, ছিণ্ডিকেটৰ অংশ নোপোৱা বাবে অথবা ছিণ্ডিকেট বন্ধ হোৱাটো হিচাৰি হাগ্ৰামা মহিলাৰীয়ে এনেদৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈছে । ৰাজহুৱাভাৱে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৱে চলাই থকা বৃহৎ ছিণ্ডিকেটৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰি আহিছে আৰু জনতাই ইয়াৰ দুভোগ ভুগিবলগীয়া হৈছে । শ্ৰীৰামপুৰ গেটত চলি থকা ছিণ্ডিকেটৰ বাবে ব্ৰয়লাৰ মুৰ্গীৰ দাম প্ৰতি কেজিত ৩২০ টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ কয় (Garjan Mushahary allegations against Pramod Boro) ।
জনতাই সমস্যাৰ সন্মুখীন হোৱা এই বিষয়টোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিব লাগে বুলি উল্লেখ কৰি মুছাহাৰীয়ে কয় যে, গুৰুত্ব নিদিয়াৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে । তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে, হয়টো প্ৰমোদ বড়োৱে চলাই থকা ছিণ্ডিকেটৰ অংশ মুখ্যমন্ত্রীয়ে লাভ কৰে নাইবা হাগ্ৰামা মহিলাৰীয়ে কোৱা কথা গুৰুত্বই দিয়া নাই মুখ্যমন্ত্রীয়ে । শেষত মুছাহাৰীয়ে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ কাজিয়াৰ বাবে বি টি আৰবাসী ভুক্তভোগী হ'বলগীয়া হৈছে বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে এইক্ষেত্রত হস্তক্ষেপ কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁ কয় (APCC GS Garjan Mushahary on Srirampur syndicate)।
লগতে পঢ়ক : Karnataka Election 2023: নিৰ্বাচনমুখী কৰ্ণাটকত ১৮৭ কোটিৰ নগদ ধন আৰু সুৰা জব্দ