ETV Bharat / state

কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

author img

By

Published : May 18, 2022, 5:18 PM IST

Updated : May 18, 2022, 8:14 PM IST

দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বুধবাৰে এক নিৰ্দেশ যোগে প্ৰদেশ কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক দলৰ পৰা বহিষ্কাৰ কৰে (APCC expels senior congress leader Nilamoni Sen Deka)। প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নীলমণি সেন ডেকাই শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাচত দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল । বিশেষকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক
কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

গুৱাহাটী, ১৮ মে' : অৱশেষত কংগ্ৰেছৰ পৰা বহিষ্কৃত হ'ল জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা (APCC expels senior congress leader nilamoni sen deka)। দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বুধবাৰে এক নিৰ্দেশ যোগে প্ৰদেশ কংগ্ৰেছে তেওঁক দলৰ পৰা নিলম্বন কৰে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য স্বাক্ষৰিত নিৰ্দেশটোত কোৱা হয় যে, দলীয় অনুশাসন ভংগ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ অনুসৰি নীলমণি সেন ডেকাক বহিষ্কাৰ কৰা হৈছে ।

APCC expels senior congress leader nilamoni sen deka

অভিযোগ অনুসৰি দলটোৰ ক্ষতি কৰিব পৰা বক্তব্য দিয়াৰ পৰা তেওঁক বিৰত থাকিবলৈ বাৰম্বাৰ কোৱাৰ উপৰিও তেওঁৰ পৰা লিখিত প্ৰতিশ্ৰুতি লোৱাৰ পাচতো তেওঁ দলৰ বিৰুদ্ধে গৈ বক্তব্য ‌আগবঢ়াইছিল । যাৰ বাবে অৱশেষত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় । লক্ষণীয় বিষয় যে, কংগ্ৰেছ হাইকামাণ্ডে দল বিৰোধী মন্তব্য কৰা সকলৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ।

শেহতীয়াকৈ কংগ্ৰেছ দলৰ একাংশ নেতাই দলৰ মজিয়াৰ বিপৰীতে সংবাদ মাধ্যমতহে দলটোৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰি অহা পৰিলক্ষিত হৈছে । এক প্ৰকাৰে নিয়ন্ত্ৰণহীন হৈ পৰিছিল কংগ্ৰেছ দলটো । যাৰ বাবে কংগ্ৰেছ হাইকাম‍ণ্ডে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । দলক শক্তিশালী কৰাৰ স্বাৰ্থতে ভূপেন বৰাই এইদৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে ।

কংগ্ৰেছ দলৰ পৰা নিলম্বন প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

উল্লেখ্য যে, এটা সময়ত প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নীলমণি সেন ডেকাই শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাচত দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল । বিশেষকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

নীলমণি সেন ডেকাৰ অভিযোগ অনুসৰি ৰিপুন বৰাৰ দিনত প্ৰদেশ কংগ্ৰেছৰ ৫০ লাখ টকা হৰলুকী হৈছে । ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট দিয়া হৈছিল বুলিও তেওঁ অভিযোগ কৰিছিল । বিগত বিধানসভাৰ নিৰ্বাচনত প্ৰায় ৩০ জন প্ৰার্থীৰ পৰা ধন লোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনতো ধনৰ লেনদেন হৈছিল বুলি ৰিপুন বৰাৰ বিৰুদ্ধে তেওঁ অভিযোগ উত্থাপন কৰিছিল ।

পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত সভাপতি, জিলা পৰিষদৰ সদস্য আদিৰ পৰা লাখ লাখ টকা লোৱাৰ অভিযোগ তেওঁ উত্থাপন কৰিছিল । ৰিপুন বৰাৰ কাৰ্যকালত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত দলীয় এজেণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰা হৈছিল । তদুপৰি তেওঁ কংগ্ৰেছ দলত এতিয়া দুর্নীতি বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছিল ।

বিগত বিধানসভা নিৰ্বাচনত তেওঁৰ পৰাও দলৰ পুঁজিৰ বাবে ধন বিচাৰিছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিল । দিল্লীৰ পৰা দলীয় এজেন্ট আহিও অসমত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি তেওঁ প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙক দালাল আখ্যা দিছিল । তেওঁ ছিদ্দিক আহমেদৰ পৰাও দলটোৰ ৰাষ্ট্ৰীয় নেতাই ৫ কোটি টকা বিচৰা বুলি অভিযোগ কৰিছিল ।

বিগত বিধানসভা নিৰ্বাচনত কেৱল ধনৰ বাবে একাংশ জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছিল বুলি তেওঁ গুৰুতৰ অভিযোগ কৰিছিল । কেন্দ্ৰীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰি প্ৰভাৰীসকল অসমলৈ কেৱল ধন সংগ্ৰহৰ বাবেহে আহে বুলি বিস্ফোৰক মন্তব্য কৰিছিল । দলৰ বিৰুদ্ধে এনে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় ।

উল্লেখ্য যে, জানিব পৰ‍া মতে, তেওঁ গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা আছে সদ্য বহিষ্কৃত জ্যেষ্ঠ নেতা নীলমণিসেন ডেকাই ।

লগতে পঢ়ক : মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

Last Updated : May 18, 2022, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.