গুৱাহাটী, ৩ ডিচেম্বৰ: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ অসন্তুষ্টি ব্যক্তি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে(Guwahati municipal election 2022) । গুৱাহাটী পৌৰ নিগমৰ নির্বাচন ২০১৩ চনত অনুষ্ঠিত হৈছিল আৰু ২০১৮ চনৰ ৩১ জুলাইত নির্বাচিত স্থানীয় চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰিছিল । কিন্তু ২০১৮ চনৰ পৰা ২০২১ চনৰ শেষলৈকে বিজেপি চৰকাৰে পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত নকৰাকৈ থাকিল । ইয়াক লৈ এতিয়া সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ(APCC criticises BJP govt over municipal election) ।
এই সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা, দলৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্র মনজিং মহন্ত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি স্বপন দাসে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত নেতা কেইগৰাকীয়ে ক্ষমতাৰ বিকেন্দ্রীকৰণৰ পৰিৱৰ্তে ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থতে এই সাংবিধানিক বিধি-ব্যৱস্থাক নস্যাৎ কৰা হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । স্থানীয় চৰকাৰ বা পৌৰ নিগম, পৌৰ সভাৰ বাবে আইন প্রণয়ন কৰা, সংশােধন কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু বার্ড-ডিলিমিটেচন, ভােটাৰ তালিকা প্রস্তুত আৰু নির্বাচন পৰিচালনাৰ দায়িত্ব ৰাজ্যিক নির্বাচন আয়োগৰ । কিন্তু গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নির্বাচন আয়ােগৰ স্থিতিৰ কোনাে মিল নাই বুলি তেওঁলোকে অভিযোগ তোলে ।
নির্বাচন কেতিয়া অনুষ্ঠিত হ'ব, কিমানটা ৱাৰ্ডত এইবাৰ নির্বাচন হ'ব, সেইবােৰ পাকে-প্রকাৰে ৰাজহুৱা কৰি আছে ৰাজ্য চৰকাৰে আৰু এই ক্ষেত্ৰত নির্বাচন আয়ােগ সম্পূর্ণ মৌন । নির্বাচন আয়ােগে ৩১ টা ৱাৰ্ডৰ বাবে নির্বাচনী কুচকাবাজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি নেতা কেইগৰাকীয়ে কয় যে, শাসকীয় পক্ষই একপক্ষীয়ভাৱে নির্বাচনকেন্দ্রিক বিভিন্ন ঘােষণা সময়ে সময়ে কৰি থকাৰ বিপৰীতে ৰাজ্যিক নির্বাচন আয়ােগৰ মৌনতাক কংগ্ৰেছে সহজভাৱে লােৱা নাই । সংবাদমেল যোগে কংগ্ৰেছ দলে কেতবোৰ বিষয়ত ৰাজ্য চৰকাৰৰ পৰা স্পষ্ট উত্তৰ দাবী কৰিছে ।
১) নিগম, নিকায়সমূহৰ নির্বাচন পৰিচালনাৰ বাবে এই পর্যন্ত ৰাজ্য চৰকাৰে ৰাজ্যিক নির্বাচন আয়ােগক কিমান টকা মােকলাই দিছে ?
২) জৱাহৰলাল নেহৰু নেশ্যনেল আৰবান ৰিনিউৱেল মিচনৰ পুঁজি লাভ কৰাৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ নগৰ উন্নয়ন বিভাগ, ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ মাজত সম্পন্ন হোৱা চুক্তি মতে ৰাজ্য চৰকাৰে স্থানীয় চৰকাৰ(পৌৰ নিগম) এলেকাৰ চৰকাৰী বিভাগৰ সংমণ্ডলসমূহ গুৱাহাটী পৌৰ নিগমলৈ হস্তান্তৰ কৰিলেনে ? এই সম্পর্কত ৰাজপত্রিত জাননী জাৰি হ’লনে ? গুৱাহাটী স্মার্ট-চিটী প্রকল্প গুৱাহাটী পৌৰ নিগমৰ নির্বাচিত প্রতিনিধি, আয়ুক্ত, বিষয়া কৰ্মচাৰীৰ অস্তিত্ব নাই কিয় ?
৩) গুৱাহাটী উন্নয়নৰ নামত অহা শ শ কোটি টকা মেয়ৰ, কাউন্সিল, নিগমৰ বিষয়া কৰ্মচাৰীক জড়িত নকৰাকৈ হৰলুকি কৰাৰ উপযুক্ত তদন্ত কৰিবলৈ মুখ্যমন্ত্রী তথা ৰাজ্য চৰকাৰে সাহস দেখুৱাব নে ?
৪) গুৱাহাটী উন্নয়নৰ নামত বিগত ২০ বছৰে খৰছ হােৱা ধনৰ পৰিমাণ আঁচনি সহকাৰে উল্লেখ কৰি অসম চৰকাৰে এখন শ্বেতপত্র প্রকাশ কৰিবলৈও দাবী জনায় কংগ্ৰেছে ।
আনহাতে, ৰাজ্যিক নির্বাচন আয়ােগৰ প্ৰতিও কংগ্ৰেছ দলে দাবী উত্থাপন কৰে । গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সম্পৰ্কত ৰাজ্যিক নির্বাচন আয়ােগে তাৎক্ষণিকভাৱে এখন সর্বদলীয় সভা অনুষ্ঠিত কৰি সকলাে বিষয় পৰিষ্কাৰ কৰিবলৈ কংগ্ৰেছে দাবী জনায়।
লগতে পঢ়ক:Municipal Election 2022 : পৌৰ নিৰ্বাচনত নাথাকিব মিত্ৰতা