ETV Bharat / state

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছ তৎপৰ হোৱাৰ সময়তে চৰ্চাত এখন প্ৰাৰ্থী তালিকা - কংগ্ৰেছৰ মুখপাত্ৰ নৌৰিতা জয় শুক্লা

চৰ্চালৈ আহিছে অসম কংগ্ৰেছৰ এখন 50 জনীয়া প্ৰাৰ্থীৰ তালিকা ৷ 14 টা লোকসভা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰা তালিকাখনক লৈ আৰম্ভ হৈছে সৰৱ চৰ্চা ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াও আহিছে চৰ্চালৈ ৷ আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha Election 2024) অভিনেত্ৰীগৰাকী কংগ্ৰেছৰ হৈ অৱতীৰ্ণ হ’ব বুলিও আলোচিত হৈছে ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jan 17, 2023, 4:05 PM IST

গুৱাহাটী, ১৭ জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ(Lok Sabha Election 2024) বাবে কংগ্ৰেছ দল তৎপৰ হোৱাৰ সময়তে এখন প্ৰাৰ্থী তালিকাক লৈ প্ৰদেশ কংগ্ৰেছত লাগিছে হৈ-চৈ ৷ বিশেষকৈ প্ৰাৰ্থী তালিকাখনক লৈ সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছে (Assam congress candidate list for Lok Sabha Election)৷ অৱশ্যে দলৰ শীৰ্ষ নেতৃতই এই তালিকাখনক লৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

বিৰোধী দলপতি দেবব্ৰত শইকীয়া

ইফালে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrat Saikia) লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা সন্দৰ্ভত তেওঁ অবগত নহয় বুলি সদৰী কৰিছে । অৱশ্যে বিগত বৰ্ষৰ জানুৱাৰীত অসমৰ ১৪ টা সমষ্টিৰ বাবে ৫০ জনীয়া প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছিল যদিও বৰ্তমান পৰিস্থিতি যথেষ্ট সলনি হৈছে । এইক্ষেত্ৰত বিশেষভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো জড়িত হৈ আছে । তেনেস্থলত পূৰ্বৰ তালিকাখন সলনি হোৱাটো অস্বাভাৱিক নহয় ।

Lok Sabha Election 2024
কংগ্ৰেছৰ 50জনীয়া প্ৰাৰ্থীৰ তালিকা

অৱশ্যে বৰ্তমান সময়ত এবছৰ পূৰ্বে প্ৰস্তুত কৰা প্ৰদেশ কংগ্ৰেছৰ ১৪ টা সমষ্টিৰ ৫০ জনীয়া তালিকাখন বিশেষভাৱে চৰ্চালৈ আহিছে । উল্লেখ্য যে লবীকেন্দ্ৰিক ৰাজনীতিত নিমজ্জিত হৈ থকা প্ৰদেশ কংগ্ৰেছত এই তালিকাখন বৰ্তমান সময়ত ৰাজহুৱা কৰাৰ অন্তৰ‍ালত ৰাজনৈতিক উদ্দেশ্য নথকা নহয় ৷

এবছৰ পূৰ্বৰ ১৪ টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা ৫০ জনীয়া তালিকা অনুসৰি কৰিমগঞ্জ সমষ্টিত দুজনৰ নাম আছে ৷ তেওঁলোক হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নৈৰিতা জয় শুক্লা(Naiwritaa Joy Shukla) আৰু জ্যেষ্ঠ নেতা শম্ভু সিং মাল্লা ৷ সেইদৰে শিলচৰ সমষ্টিৰ বাবে নাম আছে বিধায়ক কমল‍াক্ষ্য দে' পুৰকায়স্থ, জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সজল আচাৰ্য, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অভিজিৎ পাল আৰু বিধায়ক মিছবাহুল ইছলাম লস্কৰ ৷

Lok Sabha Election 2024
কংগ্ৰেছৰ 50জনীয়া প্ৰাৰ্থীৰ তালিকা

স্বায়ত্তশাসিত জিলা সমষ্টিৰ বাবে তালিকাত আছে প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সিং টেৰন আৰু প্ৰাক্তন বিধায়ক কে ইংতি৷ ধুবুৰী সমষ্টিত ‍আছে প্ৰাক্তন সাংসদ আব্দুল হামিদ, বিধায়ক ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী আৰু প্ৰ‍াক্তন বিধায়ক মতিউৰ মণ্ডলৰ নাম ৷

কোকৰাঝাৰ সমষ্টিত নাম আছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুচাহাৰী, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ধনেশ্বৰ বড়ো আৰু সঞ্জীৱ ৱাৰিৰ । সেইদৰে বৰপেটা সমষ্টিত আছে বৰ্ত্তমানৰ সাংসদ আব্দুল খালেকৰ নাম । গুৱাহাটী সমষ্টিত আছে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, ববিতা শৰ্মা, প্ৰাক্তন সাংসদ ৰাণী নৰহ, মানস বৰা, ৰমেন বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰৰ নাম ।

মঙলদৈ সমষ্টিৰ বাবে পেনেলত আছে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, বিধায়ক বসন্ত দাস, ৰিজুমণি তালুকদাৰ আৰু ৱাহিদা আহমেদ । আনহাতে তেজপুৰ সমষ্টিৰ বাবে পেনেলত আছে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অভিজিৎ হাজৰিকা, দিলীপ বৰুৱা, কাৰ্তিক কুৰ্মী আৰু প্ৰেম লাল গাঞ্জুৰ নাম ।

নগাঁও সমষ্টিত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰ সমষ্টিত বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ নাম আছে ৷ আনহাতে যোৰহাট সমষ্টিৰ বাবে পেনেলত নাম আছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাণা গোস্বামী, মঞ্জিৰ গগৈ, অংকিতা দত্ত আৰু অজয় গগৈৰ ।

ডিব্ৰুগড় সমষ্টিত আছে বিপুল গগৈ, এটোৱা মুণ্ডা, ৰাজু চাহু, প্ৰণৱ বৰুৱা আৰু মিনা তেলীৰ নাম । লখিমপুৰ সমষ্টিৰ বাবে পেনেলত আছে ড৹ হেম হৰি পেগু, শৈলেন সোণোৱাল, ঘন বুঢ়াগোঁহাই, দ্বিপেন বৰা আৰু জ্যোতি দলেৰ নাম । ১৪ টা সমষ্টিৰ এই ৫০ জনীয়া প্ৰাৰ্থী তালিকা বৰ্তমান সময়ত যথেষ্ট সলনি হোৱাটো নিশ্চিত ৷

ইফালে শেহতীয়াকৈ অভিনেত্ৰী বৰষাৰাণী বিষয়া ৰাজনীতিলৈ অহাৰ বিষয়টো চৰ্চালৈ আহিছে ৷ চৰ্চা অনুসৰি প্ৰদেশ কংগ্ৰেছে বৰষাৰাণী বিষয়াক গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাব বিচাৰিছে আৰু ইয়াৰ বাবে আৰম্ভ কৰিছে কুচ-কাবাজ ।

অভিনেত্ৰী বৰষাৰাণী বিষয়া কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে (Barsha Rani Bishaya Lok Sabha Election)৷ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে অভিনেত্ৰীগৰাকীলৈ আগবঢ়াইছে প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ ৷ তেনেস্থলত প্ৰদেশ কংগ্ৰেছৰ পূৰ্বৰ প্ৰাৰ্থীৰ পেনেলত যথেষ্ট সংশোধনী হোৱাটো নিশ্চিত ৷

অৱশ্যে এতিয়াও সমগ্ৰ প্ৰেক্ষাপট স্পষ্ট হোৱা নাই ৷ কিন্তু ইফালে ১৪ টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা ৫০ জনীয়া প্ৰাৰ্থীৰ পেনেল দিল্লী হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ এটা বিশেষ সূত্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Constitution Delimitation Controversy : টীয়ক সমষ্টি বিলুপ্তিকৰণক লৈ বৌদ্ধিক সমাজত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.