গুৱাহাটী, ৮ মার্চঃ ১০৩ নং আমগুৰি বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ টিকটৰ দাবীদাৰ আছিল অসম প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা। কিন্তু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক উক্ত সমষ্টিটোত দলীয় টিকট প্ৰদান কৰাত টিকটৰ পৰা বঞ্চিত হ’ল অপৰাজিতা ভূঞা।
কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ আক্ষেপ নাই সভানেত্ৰীগৰাকীৰ। সোমবাৰে এক সংবাদমেলত তেওঁ কয়, "ভাৰতীয় জনতা পাৰ্টীয়ে সমীক্ষা অনুসৰি সকলো দিশ সামৰিহে প্ৰাৰ্থী প্ৰক্ষেপ কৰে। যিহেতু চৰকাৰ গঠন কৰিবলৈ হ’লে জয়ী হৈ আহিব লগা সাম্ভাৱ্য প্ৰাৰ্থীকহে প্ৰক্ষেপ কৰা হয়।" আমগুৰি সমষ্টিত যিহেতু মিত্ৰদলৰ অসম গণ পৰিষদৰ এগৰাকী যোগ্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এইক্ষেত্ৰত মিত্ৰতাৰ ধৰ্ম পালন কৰাটো নৈতিক দায়িত্ব বুলি মন্তব্য কৰে বিজেপিৰ নেত্ৰীগৰাকীয়ে।
লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা