ETV Bharat / state

শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Sep 30, 2020, 2:32 PM IST

আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত 2020 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ লগতে বহু কেইগৰাকী মন্ত্ৰী, বিষয়ববীয়া আৰু বিধায়ক অনুষ্ঠানটোত উপস্থিত থাকে ৷ চলিত বৰ্ষত এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ 34 কোটি টকা ৷

Anandaram Baruah Award program guwahati assam etv bharat news
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,30 ছেপ্তেম্বৰ: বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে 2020 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে প্ৰতিবছৰে প্ৰদান কৰি আহিছে এই বঁটা ৷ চলিত বৰ্ষতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 শতাংশ বা ততোধিক নম্বৰসহ উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে এই বঁটা ৷ চৰকাৰে লেপটপ ক্ৰয়ৰ নিমিত্তে নগদ 20 হাজাৰ টকাকৈ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুটাম টিপি ৰাজ্যৰ মুঠ 16,944 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত প্ৰদান কৰে এই ধনৰাশি ৷ চলিত বৰ্ষত এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ 34 কোটি টকা ৷ আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে বহুকেইগৰাকী বিভাগীয় শীৰ্ষ বিষয়া ৷

অতি তাৎপৰ্যপূৰ্ণভাৱে এই অনুষ্ঠানত অংশ ল'বলৈ ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অনা হৈছে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী ৷ কৰ’ণা মহামাৰীৰ মাজতে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক গুৱাহাটীলৈ অনা কাৰ্যক কেন্দ্ৰ কৰি উত্থাপন হৈছে বহু প্ৰশ্ন ৷ যি সময়ত বিদ্যালয়সমূহত চীনা ভাইৰাছবিধৰ সংক্ৰমণৰ বাবে আজি পৰ্যন্ত পাঠদান প্ৰায় বন্ধ হৈ আছে, তেনে সময়ত ৰাজ্য চৰকাৰৰ প্ৰচাৰৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীক গুৱাহাটীলৈ মাতি অনা কাৰ্যক সহজভাৱে ল'ব পৰা নাই একাংশ সচেতন ব্যক্তিয়ে ৷

লগতে চাওকঃ জেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.