গুৱাহাটী, 28 জুন : গুৱাহাটীৰ এটা দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী । চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজ দিছে লক্ষ্মী দেৱী চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীয়ে । বিগত ১০ বছৰ ধৰি কিডনী আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হয় মালিগাঁৱৰ স্বাগত হাস্পতালত ।
বৰ্তমানে ভেন্টিলেটৰত ৰখা হৈছে মহিলাগৰাকীক । ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসা কৰিবলগীয়া হোৱাত এতিয়া আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো ৷ প্ৰয়োজন হৈছে ৰাইজৰ সহায়ৰ ৷ কোনো সদাসয় লোকে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে ম'বাইল নম্বৰ 7896623191 ত যোগাযোগ কৰিব পাৰে অন্যথা পৰিয়ালটোৰ বিজয়া বেংকৰ বেটকুচি শাখাৰ একাউন্ট নং 801701011000008, IFSC কোড- VIJB0008017, MICR কোড- 781029033 নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰে ৷