গুৱাহাটী, ১৭ ডিচেম্বৰঃ বৰদিনৰ দিনটোতে অৰ্থাৎ ২৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত অসমত বিজেপিৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতৰ বাবে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ।
ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সtত্ৰই আজি ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে ২৫ ডিচেম্বৰৰ সন্ধিয়া অমিত শ্বাহ আহি গুৱাহাটীত উপস্থিত হ'ব । দুদিনীয়া ভ্ৰমণসূচী লৈ আহিব লগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ২৬ ডিচেম্বৰত বিজেপিৰ ৰাজ্যিক সভাপতি,মুখ্যমন্ত্ৰী সমন্বিতে দলৰ শীৰ্ষ ৰাজ্যিক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। আনকি দিছপুৰত এতিয়াও মিত্ৰতা বাহাল থকা দুই মিত্ৰ দল অগপ আৰু বি পি এফৰ নেতৃবৰ্গৰেও বৈঠকত মিলিত হ'ব অমিত শ্বাহ ।
লগতে চাওকঃনামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ