ETV Bharat / state

Assam Direct Recruitment 2022, তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ

author img

By

Published : Aug 12, 2022, 7:42 PM IST

Updated : Aug 13, 2022, 11:59 AM IST

আগন্তুক ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত (Assam Direct Recruitment 2022) ৰাজ্যৰ প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ আনিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে (Allegations of deprivation of people with disabilities) ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে এই অভিযোগ উত্থাপন কৰে ৷

Allegations of deprivation of people with disabilities in Assam Direct Recruitment 2022
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ

গুৱাহাটী, ১২ আগষ্ট: শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰি আগন্তুক ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত ( Assam Direct Recruitment 2022) ৰাজ্যৰ প্ৰতিবন্ধী লোকক বঞ্চনা কৰাৰ অভিযোগ আনিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে (Disabled Protection Society) ৷

শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী সকলে বিশেষ সুবিধা লাভ কৰিব লাগে যদিও এইবাৰৰ পৰীক্ষাত প্ৰতিবন্ধী সকলৰ বাবে তেনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল (Allegations of deprivation of people with disabilities) ৷

কিয়নো পৰীক্ষাৰ বাবে দিয়া প্ৰৱেশপত্ৰত অনুসূচিত জাতি-জনজাতিৰ কথা স্পষ্টকৈ উল্লেখ আছে যদিও প্ৰতিবন্ধীৰ বাবে কোনো কথা স্পষ্টকৈ উল্লেখ নথকাত বিপদত পৰিছে প্ৰতিবন্ধী প্ৰাৰ্থীসকল ৷ মালাকাৰে লগতে কয়, নিয়ম অনুসৰি যি কোনো পৰীক্ষাত প্ৰতিবন্ধী লোকৰ বাবে এজন সহায়ক থাকিব লাগে যদিও প্ৰৱেশপত্ৰত তেনে কোনো কথা উল্লেখ নথকাত শংকিত হৈ পৰিছে প্ৰতিবন্ধীসকল ৷

ৰাজ্য চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো কাৰ স্বাৰ্থত প্ৰৱেশ পৰীক্ষাত প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয়টো উল্লেখ নকৰিলে সেয়া ৰহস্যৰ বিষয় ৷ ২৬ হাজাৰ নিযুক্তিৰ বিজ্ঞাপনৰ সময়ত ৰাজ্য চৰকাৰৰে হোৱা আলোচনাত প্ৰতিবন্ধী প্ৰাৰ্থীৰ মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছিলো যদিও সেয়াও আজিলৈ কাৰ্য্যকৰী নকৰিলে বুলি উল্লেখ কৰে সংগঠনটোৰ সম্পাদকগৰাকীয়ে ৷

পৰিতাপৰ বিষয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে দ্বিতীয়বাৰলৈ শাসনলৈ অহাৰ পিছত কেবিনেট অনুষ্ঠিত কৰি নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু হ’বলগীয়া পৰীক্ষাৰ প্ৰৱেশপত্ৰত তেনে বিষয় স্পষ্টকৈ উল্লেখ নথকাটোৱে চৰকাৰৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি অনিহা তাৰেই স্পষ্ট ছবি প্ৰতিফলিত হৈছে ৷ ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ ৫১১টা পদৰ শুদ্ধ তালিকা প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় সংস্থাটোৱে ৷

আগন্তুক ৪৮ ঘন্টাৰ ভিতৰত চৰকাৰে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যিকোনো জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে সংস্থাই ৷ এই সংবাদমেলত প্ৰতিবন্ধীৰ দিব্যাংগ পেঞ্চনৰ ধন অৰুনোদয় আচনিত সাঙুৰি দিয়াৰ পৰিৱৰ্তে সুকীয়াকৈ পেঞ্চনৰ ধন এহাজাৰ টকাৰ পৰিবৰ্তে তিনি হাজাৰলৈ বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় সংস্থাটোৱে ৷

সংবাদমেলত সংগঠনটোৰ উপ-সভাপতি আতিকুৰ ৰহমান, ৰিতুৰাজ দাস, নিকুদিন বসুমতাৰী, নিপুল কলিতাৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷

লগতে পঢ়ক: DU new Vice Chancellor : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ ড০ জিতেন হাজৰিকাৰ

Last Updated : Aug 13, 2022, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.