ETV Bharat / state

APSC CCE 2020 : ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে লোকসেৱা আয়োগৰ চাকৰি লাভ ! - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

বিতৰ্কই লগ এৰা নাই অসম লোকসেৱা আয়োগক ৷ এইবাৰ ভুৱা EWS প্ৰমাণপত্ৰ জমা দি চাকৰি লাভৰ অভিযোগ উত্থাপিত হৈছে (Fake EWS certificate in APSC)৷

APSC CCE 2020
ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে লোকসেৱা আয়োগৰ চাকৰি লাভ !
author img

By

Published : Oct 31, 2022, 8:27 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : পুনৰ বিতৰ্কত APSC ৰ নিযুক্তি প্ৰক্ৰিয়া । সদ্য ঘোষিত APSC CCE ৰ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । ভুৱা EWS প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি লাভৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ (Satra Mukti Sangram Samiti)।

সদ্যঘোষিত এ পি এছচিৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষাৰ ফলাফলত যথেষ্ট খেলিমেলি থকাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবব্ৰত শইকীয়াই কয় যে, মুখ্যমন্ত্ৰীয়ে যিমানেই স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা নকওক লাগিলে এইবাৰ এপিএছচিৰ সংযুক্ত অসামৰিক পৰীক্ষাত যথেষ্ট খেলিমেলি হোৱা দেখা গৈছে ।

অভিযোগ অনুসৰি, এইবাৰৰ খেলিমেলিসমূহ পোনপটীয়াকৈ হোৱা নাই । যথেষ্ট কৌশলেৰে সাধাৰণতে চকুত নপৰাকৈ এইবাৰৰ খেলিমেলিসমূহ হোৱা দেখা গৈছে । বিশেষকৈ অৰ্থনৈতিকভাৱে পিছপৰা খণ্ডৰ(EWS)ত ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি হোৱা দেখা গৈছে (Fake EWS certificate in APSC)। এইবাৰৰ সংযুক্ত পৰীক্ষাৰ যোগেদি ১১ টা বিভাগৰ বাবে ৩৩১ গৰাকী প্ৰাৰ্থীক বাচনি কৰা হৈছে বুলি মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে ।

ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে লোকসেৱা আয়োগৰ চাকৰি লাভ !

সংবাদমেলখনত তেওঁলোকে মন্তব্য কৰে যে, চৰকাৰী নিয়ম অনুসৰি EWS বিভাগত মুঠ ১০% সংৰক্ষিত হয় । সেইমতে ৩৩১ টা পদৰ বিপৰীতে ১০ শতাংশ হ'লে ৩৪ টা পদ হ’ব লাগে । কিন্তু এইবাৰ EWS সংৰক্ষণৰ ভিত্তিত বাচনি হৈছে ৪৩ গৰাকী প্ৰাৰ্থী । ৯ গৰাকী প্ৰাৰ্থী বেছিকৈ বাচনি হৈছে । লগতে বহুতো প্ৰাৰ্থীয়ে ভুৱা EWS প্ৰমাণ পত্ৰৰ জৰিয়তেও বাচনি লাভ কৰাৰ প্ৰশ্ন উত্থাপন হৈছে ।

2020ৰ অসম অসামৰিক সেৱাৰ ৯৩ নং স্থানত নগাঁৱৰ চয়নিকা হাজৰিকা আৰু অসম আৰক্ষী সেৱাত ৯১ নং স্থানত অমৰজ্যোতি শইকীয়াই ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে বাচনি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । দুজন প্ৰাৰ্থীৰ ক্ষেত্ৰত চৰকাৰে তদন্ত কৰিব লাগে । এয়া নীতিবহির্ভূত আৰু আইনমতে গ্ৰহণযোগ্য নহয় । EWS শ্ৰেণী ২০১৯ পৰাহে যিহেতু আৰম্ভ কৰা হৈছে গতিকে এই ক্ষেত্ৰত পূৰ্বে বেক লগা প্ৰাৰ্থী থাকি যোৱাৰ কথাও নাহে ।

গতিকে এইক্ষেত্ৰত এপিএছচি কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰক যে কি কাৰণে EWS শ্ৰেণীত নিৰ্ধাৰিত সীমাতকৈ ৯ জনক বেছিকৈ বাচনি কৰিলে আৰু EWS প্ৰমাণপত্ৰৰ জৰিয়তে চাকৰি লাভ কৰা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । তেওঁ লগতে কয় যে, পূৰ্বে আৰ টি আই কৰি প্ৰাৰ্থীয়ে নিজৰ লিখিত পৰীক্ষাৰ বহী আৰু সাক্ষাতকাৰত প্ৰাপ্ত নম্বৰ জানিব পাৰিছিল যদিও বৰ্তমানে আটিআই কৰিলেও প্ৰাৰ্থীসকলে নিজৰ বহী আৰু সাক্ষাৎকাৰত প্ৰাপ্ত নম্বৰ নজনায় এপিএছচিয়ে ।

যদিহে পৰীক্ষাটো নিকাই তেন্তে এপিএছচিয়ে নম্বৰৰ তালিকা ৰাজহুৱা কৰাৰ লগতে আৰটিআইৰ উত্তৰ নিদিয়ে কিয় বুলি প্ৰশ্ন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ নিজৰ দুৰ্নীতি ঢাকিবলৈ এপিএছচিয়ে এই কৰিছে নেকি বুলি প্ৰশ্ন কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীক তদন্ত ঘোষণাৰ দাবী জনায় সংগঠনটোৱে । সংবাদমেলত উপস্থিত থাকে সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা ৷

লগতে পঢ়ক : Demand of Drinking water: গুৱাহাটীত বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আন্দোলনত নামিব আপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.