ETV Bharat / state

শপতনামাত ভূুৱা তথ্য দি বিপদত বিধায়ক কৰিমুদ্দিন বৰভূঞা

মনোনয়ন দাখিলৰ সময়ত ভুৱা তথ্য দিয়া অভিযোগ উঠিছে সোনাই বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত এ আই ইউ ডি এফ(AIUDF) ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ৷ এই অভিযোগ তুলিছে সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক এনামূল হক লস্কৰে ।

allegation-of-data-distortion-against-mla-karim-uddin-barbhuiya
শপতনামাত ভূৱা তথ্য দি বিপদত বিধায়ক কৰিমুদ্দিন বৰভূঞা
author img

By

Published : Jun 25, 2021, 8:10 PM IST

গুৱাহাটী, 25 জুন : বিপদত পৰিছে বৰাক উপত্যকাৰ সোনাই বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত এ আই ইউ ডি এফ (AIUDF) ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপিত তথ্য বিসংগতি কৰাৰ এক গুৰুতৰ অভিযোগ ৷ উত্থাপিত অভিযোগ মতে, বিধায়ক গৰাকীয়ে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত তেওঁৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তি সন্দৰ্ভত ভুৱা তথ্য দাখিল কৰিছিল ৷ এই অভিযোগ তুলিছে সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক এনামূল হক লস্কৰে ।

কেৱল অভিযোগ তোলাই নহয়, বিধায়ক বৰভূঞাৰ বিৰুদ্ধে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰো তৰিছে এনামূল হক লস্কৰে ৷ এই গোচৰৰ পিছতে উচ্চ ন্যায়ালয়ে এ আই ইউ ডি এফ (AIUDF)ৰ বিধায়ক গৰাকীলৈ জাননী জাৰি কৰিছে আৰু 4 আগষ্টত তেওঁক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে, নৱ নিৰ্বাচিত বিধায়ক কৰিমুদ্দিন বৰভূঞা এ আই ইউ ডি এফ(AIUDF)ৰ এগৰাকী জ্যেষ্ঠ নেতা ৷ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁ বিধানসভাত সংস্কৃত ভাষাত শপত লৈছিল ৷

উল্লেখ যোগ্য যে, এ ডি আৰৰ (ADR) ৰ তথ্য অনুসৰি 2021 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত বিধায়ক কৰিমুদ্দিন বৰভূঞাই দাখিল কৰা তেওঁৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তিৰ তালিকা হৈছে এনেধৰণৰ-

1/ স্থাৱৰ সম্পত্তিৰ মুঠ মূল্য - 13,38,98,000 টকা

2/অস্থাৱৰ সম্পত্তিৰ মুঠ মূল্য - 2,80,61,532 টকা

3/শিক্ষাগত অৰ্হতা- নৱম শ্ৰেণী উত্তীৰ্ণ

কিন্তু ওপৰত উল্লেখিত এই তথ্যখিনি ভুৱা বুলি অভিযোগ উত্থাপন কৰি ন্যায়ালয়ৰ কাষ চাপিছে প্ৰাক্তন কংগ্ৰেছ বিধায়ক এনামূল হক লস্কৰে । এই ঘটনাৰ পাছতে অসমৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ ন্যায়ালয়ৰ তদন্তৰ অন্ততহে পৰিস্কাৰ হ'ব প্ৰকৃততে কোন সঁচা, কোন মিছা ৷

লগতে পঢ়কঃপৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতিক লৈ ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.