আজাৰা,16 ছেপ্তেম্বৰ: ধন লেনদেনৰ এটা অডিঅ' ৰেকৰ্ডিঙে খলকনি তুলিছে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ ভিতৰে-বাহিৰে । 15 লাখ টকাৰ বিনিময়ত মহানগৰীৰ গড়চুক পামহি বজাৰত ব্যৱসায়ীক স্থান দিয়াৰ এটা ভাইৰেল অডিঅ’ই নিশ্চিত কৰিছে দীৰ্ঘদিনে বজাৰখনত চলি থকা কেলেংকাৰীৰ বিষয়ে ৷ গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অন্তৰ্গত গড়চুক পামহি বজাৰত ব্যৱসায়ীক ঠাই দিয়াৰ নামত তত্বাৱধায়ক ধৰণীধৰ দাসে ফৰীয়া সন্থাৰ সভাপতি আজগৰ আলীৰ পৰা প্ৰায় 15 লাখ টকা উৎকোচ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে ফৰীয়া সন্থাই তত্বাৱধায়কগৰাকীয়ে ধন লোৱা সম্পৰ্কে ইতিমধ্যে লিখিতভাৱে অভিযোগ দিয়াৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ তথা মুখ্য কাৰ্যবাহী কৃষি বিষয়া আৰু গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষক অনুৰোধ জনায় ৷ এতিয়া এই অডিঅ’ ভাইৰেলৰ পিছতে পামহি বজাৰত যে ছিণ্ডিকেটৰাজ চলি আছে সেয়া ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ।
লগতে চাওকঃ ৰূপহীহাটত বিদ্যুৎ্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু