ETV Bharat / state

আৰক্ষীৰ পাছৱৰ্ডেৰে চলিছে নেকি আলফা স্বাধীন ?

author img

By

Published : Apr 26, 2022, 10:39 PM IST

চাৰিটা দশক ধৰি ৰাজ্য ৰাজনীতিক প্ৰভাৱিত কৰি অহা সংযুক্ত মুক্তি বাহিনী অসম অৰ্থাৎ আলফাক লৈ চলি থকা শান্তি আলোচনাৰ প্ৰস্তাৱ কেন্দ্ৰিক প্ৰসংগই কাৰ্যতঃ অস্বস্তিত পেলাই মঙলবাৰে পোহৰলৈ আহিল আলফা বিৰোধী এক ভয়াৱহ ষড়যন্ত্ৰৰ কথা (Conspiracy against ULFA I)। কিন্তু কি হ'ব পাৰে ইয়াৰ পৰিণতি ?

আৰক্ষীৰ পাছৱৰ্ডেৰে চলিছে নেকি আলফা স্বাধীন ?
আৰক্ষীৰ পাছৱৰ্ডেৰে চলিছে নেকি আলফা স্বাধীন ?

গুৱাহাটী, ২৬ এপ্ৰিল : ২০২১ চনৰ ১০ মে'ৰ দিনা ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন নতুন চৰকাৰে গঠন হোৱাৰ পিছতে বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ লগত চৰকাৰৰ আলোচনাৰ বিষয়ে কাৰ্যতঃ প্ৰাণ পাই উঠিছিল (Ulfa Peace talk with Government) । মুখ্যমন্ত্ৰীয়ে শপত লৈয়ে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল ।‌‌ এই প্ৰস্তাৱলৈ সহাৰি জনাই পৰেশ বৰুৱাই প্ৰায় লগে লগেই চৰকাৰৰ বিৰুদ্ধে যুদ্ধ বিৰতি ঘোষণা কৰিছিল (Paresh Baruah on peace talk)।

কিন্তু অতি ৰহস্যজনকভাৱে এই পৰিবেশৰ অন্ত পেলাই পৰিস্থিতিৰ‌ যে অন্য মোৰ‌ লৈছে সেয়া আজি পোহৰলৈ আহিল । অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ মাজেৰে নহয়, আলফা স্বাধীনৰ ভিতৰচৰাত গুপ্তচৰ নিয়োগ কৰি সংগঠনটোৰ ভিতৰত কন্দল লগাই নিঃশেষ কৰিব বিচাৰিছে নেকি ! আজি এই প্ৰশ্নই জোঁকাৰি গৈছে ৰাজ্যৰ বৌদ্ধিক জগতক (Spy in ulfa camp)।‌‌

উল্লেখ্য যে, আজি আলফা স্বাধীনৰ নেতা ৰুমেল অসমে প্ৰকাশ কৰা এক ভিডিঅ'ই সচেতনজনক ভবাই তুলিছে ।

আলফা নেতা ৰুমেল অসমে প্ৰেৰণ কৰা ভিডিঅ'টোত আলফাত আজিৰে পৰা এবছৰৰ আগতে যোগ দিয়া কামৰূপ জিলাৰ বাইহাটাৰ মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱক এজনে এই ভিডিঅ'যোগে স্বীকাৰ কৰিছে যে, তেওঁক আলফা স্বাধীনৰ ভিতৰচ’ৰাত অতি কৌশলেৰে সুমুৱাই দিয়া হৈছিল এবছৰৰ আগতেই । এই কাম কৰিছিল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থ সাৰথি মহন্তই (Sanjiv Sarma in Ulfa)।

মুক্তাপুৰৰ অতি দুখীয়া পৰিয়ালৰ এই যুৱকজনক আৰক্ষী বিষয়া গৰাকীয়ে কোটি টকাৰ প্ৰলোভন দি আলফাৰ ভিতৰতে থাকি সংগঠনটোৰ ক্ষতি কৰাৰ কামত নিয়োজিত কৰিছিল । আনকি আলফাত ছদ্মবেশী হৈ প্ৰৱেশ কৰোৱাৰ আগতে সঞ্জীৱ শৰ্মাক দিয়া হৈছিল মাৰণাস্ত্ৰ চলোৱাৰ প্ৰশিক্ষনো । আনকি ধৰা পৰিলে আৰক্ষীৰ গুপ্তচৰ বুলি পৰিচয় দিবলৈ সঞ্জীৱক দিয়া হৈছিল এক বিশেষ পাছৱৰ্ড ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ পুৰণি সহযোগী বুলি পৰিচিত আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অতি লক্ষণীয় বুলি বিবেচিত হৈছে । যুৱকজনে ভিডিঅ'টোত কোৱা অনুসৰি পূৰ্বে তেওঁৰ এজন ককায়েক এজনক আলফাই হত্যা কৰিছিল বুলি পাৰ্থ সাৰথি মহন্তই তেওঁৰ মগজুত সুমুৱাই দিছিল ৷ তাৰ প্ৰতিশোধ ল’বলৈ আলফাত আৰক্ষীৰ গুপ্তচৰ হিচাবে কাম কৰিবলৈ নিয়োজিত কৰিছিল যুৱকজনক ।

মনকৰিবলগীয়া যে, বিদ্ৰোহী সংগঠন বা আন কোনো অপৰাধ চক্ৰৰ ভিতৰত আৰক্ষীয়ে গুপ্তচৰ নিয়োগ কৰাটো একো নতুন কথা নহয়‌ ৷ কিন্তু অসমবাসীয়ে আলোচনাৰ মাধ্যমেৰে আলফা সমস্যাৰ সমাধান হোৱাটো বিচৰাৰ সময়তে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় এনে নেতিবাচক পদক্ষেপ ল’লে সেয়া লক্ষণীয় বুলি বিবেচিত হৈছে । এই ক্ষেত্ৰত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কি স্থিতি লয় তাকে জানিবলৈ সচেতন নাগৰিক উদ্গ্ৰীৱ হৈ আছে বুলি চৰ্চিত হৈছে ।

বাইহাটাৰ এই আৰক্ষীৰ গুপ্তচৰ যুৱকে আজি দিয়া মন্তব্যই এই কথাও আঙুলিয়াই দিয়ে যে, শেহতীয়া সময়ছোৱাত উজনিৰ জিলা সমূহৰ পৰা আলফাত যোগ দিয়া যুৱক সকলৰ যোগদানৰ আঁৰতো আছে চৰকাৰী হাত । যদি সেয়াই হৈছে এনে যুৱক সকলৰ জীৱনৰ প্ৰতি আহিব পৰা সকলো ধৰণৰ ভাবুকিৰ বাবে দায়ী হ'ব ৰাজ্য চৰকাৰ খনেই ।

এই খিনিতে প্ৰনিধানযোগ্য যে, সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ ভিতৰত গুপ্তচৰ নিয়োজিত কৰাৰ বাবেই আশী আৰু নব্বৈৰ দশকত দেশৰ বিভিন্ন প্ৰান্তৰত ৰাষ্ট্ৰ আৰু বিদ্ৰোহী শক্তি সমূহৰ মাজত সংঘাত অধিক ভয়াৱহ হৈ উঠিছিল । এনে কাৰ্যৰ বাবেই মাওবাদীৰ ভিতৰত ব্যাপক হিংসাৰ সৃষ্টি হৈছিল আৰু তাৰ‌ বাবেই নিৰীহ নাগৰিকে ফল ভোগ কৰিছিল । এতিয়া আলফা স্বাধীনক নিঃশেষ কৰিবলৈ যদি অসম চৰকাৰে সেই পুৰণি কায়দাকে বাস্তৱায়িত কৰিছে তেতিয়াহ’লে অসমৰ পৰিস্থিতিও যে শীঘ্ৰেই ভয়াৱহ হৈ পৰিব সেয়া নিশ্চিত ।

লগতে পঢ়ক: আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.