ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত বুধবাৰে পালন কৰা হ'ল বাগদেৱীৰ পূজা

author img

By

Published : Jan 30, 2020, 2:37 AM IST

Updated : Jan 30, 2020, 3:47 AM IST

বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা সৰস্বতী পূজাৰ ব্যাপক আয়োজন অনুষ্ঠান ৷ উল্লেখ্য যে, এইবাৰ সৰস্বতী পূজা দুদিনীয়াকৈ হোৱা বাবে কাইলৈয়ো প্ৰায় সংখ্যক বিদ্যালয়তে আয়োজন কৰা হ'ব বাগদেৱীৰ পূজা অৰ্চনা ৷

বাগদেৱীৰ পূজা
বাগদেৱীৰ পূজা

নিউজ ডেস্ক, 29 জানুৱাৰীঃ আজি বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ল চৌপাশ ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অৰ্চনাত ব্যস্ত সকলো শিক্ষাৰ্থী ৷ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেখা গ'ল সৰস্বতী পূজাৰ ব্যাপক আয়োজন ৷

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত দেখিবলৈ পোৱা গ'ল সৰস্বতী পূজাৰ ব্যাপক আয়োজন ৷ কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগত 29 জানুৱাৰীৰ দিনটোত পালন কৰা হ'ল সৰস্বতী পূজা ৷ বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ মিলাপ্ৰীতিৰে সম্পাদন কৰিলে বাগদেৱীৰ পূজা ৷

কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগত সৰস্বতী পূজা

বৰমাঃ আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বৰমাতো ভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত দেখিবলৈ পোৱা গ'ল দেৱী সৰস্বতীৰ উপাসনাৰ আয়োজন অনুষ্ঠান ৷ কিন্তু বৰমাৰ একাংশ শিক্ষানুষ্ঠানত কাইলৈয়ো আয়োজন কৰা হ'ব সৰস্বতী পূজা ৷ বৰমাৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা খনিকৰসকলে এইবেলি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা দুদিনীয়া হোৱাৰ ফলত, মূৰ্তিসমূহ বিক্ৰী নোহোৱাকৈ ৰৈ যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৷

বৰমাতো ভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত দেখিবলৈ পোৱা গ'ল দেৱী সৰস্বতীৰ উপাসনা

চিৰাংঃ চিৰাং জিলাৰ জাখনৰ পাণবাৰী আলুখুন্দা মিলন জ্যোতি হাইস্কুল আৰু গৰাইমাৰী এম.ই মাদ্ৰাছাত প্ৰতিবছৰৰ দৰে এইবাৰো, উলহ-মালহেৰে বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীক পূজা অৰ্চনা কৰে ৷ পূজাত বিদ্যলয় দুখনৰ প্ৰাক্তন আৰু বৰ্তমানৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে, তেওঁলোকৰ বিদ্যালয়খন যাতে প্ৰাদেশিকীৰনৰ ব্যৱস্থা কৰে ৷ কিয়নো জানিবলৈ পোৱা মতে, ১৯৮৮ চনতে স্থাপন হোৱা স্বত্বেও মিলন জ্যোতি হাইস্কুল আজিলৈ প্ৰাদেশিকীকৰণ হোৱা নাই ৷ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ মতে, চিৰাং জিলাৰ পাণবাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰতি বছৰে সৰ্বোচ্চ নম্বৰ লাভ কৰা এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলেৰে ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় যদিও আজিলৈ চৰকাৰে কোনো উচিত ব্যৱস্থা লোৱা নাই বিদ্যালয় খনৰ হকে ৷

পাণবাৰী আলুখুন্দা মিলন জ্যোতি হাইস্কুল আৰু গৰাইমাৰী এম.ই মাদ্ৰাছাত বাগদেৱীৰ পূজা

ডিব্ৰুগড়ঃ ইয়াৰ বিপৰীতে ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ দীপক সংঘত দেখিবলৈ পোৱা গ'ল সৰস্বতী পূজাৰ ব্যতিক্ৰমী আয়োজন ৷ একাংশ ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত বীণাপাণিৰ পূজাৰ মণ্ডপ সাজিছে দূৰ্গা পূজাৰ দৰেই কলিকতাৰ কাৰিকৰ হাতৰ যাদুকৰী পৰশৰে ৷ দীপক সংঘৰ সৰস্বতী পূজাৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ বিশেষভাৱে 4 দিনীয়াকৈ আয়োজন কৰা হৈছে বাগদেৱীৰ পূজা ৷ 4 লাখ 70 হাজাৰ টকাৰ বাজেটেৰে আয়োজন কৰা এই পূজাৰ মণ্ডপ নিৰ্মাণৰ বাবে কলিকতাৰ পৰা অনা হৈছে কাৰিকৰ ৷ প্ৰতিষ্ঠা কৰা হৈছে 14 ফুট উচ্চতাৰ সৰস্বতীৰ মৃন্ময় প্ৰতিমা ৷

গ্ৰেহেম বজাৰৰ দীপক সংঘত দেখিবলৈ পোৱা গ'ল সৰস্বতী পূজাৰ ব্যতিক্ৰমী আয়োজন

ৰূপহীহাটঃ ৰূপহীহাট আৰু জুৰীয়াতো সোমবাৰে বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে উদযাপিত হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে বাগদেৱীৰ চৰনত সেৱা জনাই, ছাত্ৰ-ছাত্ৰীকে ধৰি অভিভাৱক সকলেও আশীৰ্বাদ বিচাৰে ৷

ৰূপহীহাট আৰু জুৰীয়াতো সোমবাৰে বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে উদযাপিত হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা

উল্লেখ্য যে, এইবাৰ সৰস্বতী পূজা দুদিনীয়াকৈ হোৱা বাবে কাইলৈয়ো প্ৰায় সংখ্যক বিদ্যালয়তে আয়োজন কৰা হ'ব বাগদেৱীৰ পূজা অৰ্চনা ৷

লগতে পঢ়ক ঃ মুক্তি পালে ফিল্মফেয়াৰ এৱাৰ্ড 2020ৰ প্ৰম'

Intro:কেইবা লাখ টকাৰ বাজেট,কলকাতাৰ পৰা আমন্ত্ৰিত কাৰিকৰে সজোৱা পূজা মণ্ডপ।এইয়া হয়তো আপোনাৰ বাবে ডাঙৰ কথা নহয়।প্ৰতি বছৰৰ দূৰ্গা পূজাত শক্তীৰ আৰাধ্য দেৱী মা দূৰ্গাক পূজিবলৈ ৰাজ্যত এনে আকৰ্ষণীয় মণ্ডপ বৰ্তমান দেখিবলৈ পোৱাতো স্বাভাৱিক।কিন্তু বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতীৰ বন্দনাৰ বাবে এনে আয়োজন ৰাজ্যত বিৰল। এইবাৰ ডিব্ৰুগড়ত একাংশ ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত বীণাপাণিৰ পূজাৰ মণ্ডপ সাজিছে দূৰ্গা পূজাৰ দৰেই কলকাতাৰ কাৰিকৰ হাতৰ যাদুকৰী পৰশৰে।
হয়,
ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ দীপক সংঘৰ সৰস্বতী পূজাৰ এইবাৰ সোণালী জয়ন্তী।সেয়ে বিশেষ ভাবে 4দিনিয়াকৈ আয়োজন কৰা হৈছে এই ভাগ পূজা এইবাৰ।4লাখ 70হাজাৰ টকাৰ বাজেটেৰে আয়োজন কৰা এই পূজাৰ মণ্ডপ নিৰ্মাণৰ বাবে কলিকতাৰ পৰা অনা হৈছে কাৰিকৰ।প্ৰতিষ্ঠা কৰা হৈছে 14ফুট উচ্চ সৰস্বতীৰ মৃন্ময় প্ৰতিমা।প্ৰায় 70 দহকৰ পৰাই পালন কৰি অহা পূজাভাগৰ স্বৰ্ণ জয়ন্তীৰ এইবাৰৰ আয়োজন এতিয়া আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হৈছে ডিব্ৰুগড়ত।

Byte: উদ্যোগতাBody:DoConclusion:Do
Last Updated : Jan 30, 2020, 3:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.