ETV Bharat / state

অসমলৈ উভতিব পাৰিব উত্তৰ-পূৰ্বাঞ্চলত আৱদ্ধ লোক ! - Assam government helpline number

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আৱদ্ধ অসমৰ লোকসকল নিজ নিজ ঘৰলৈ আহিব পাৰিব বুলি শনিবাৰে এখন সংবাদমেলত জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

all NE states except Sikkim to open from tomorrow to ease the return of stranded people

author img

By

Published : May 2, 2020, 8:21 PM IST

গুৱাহাটী 2 মে' : দেশত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ ক্ৰমাৎ শোচনীয় হোৱাৰ ফলত 17 মে' লৈ বৃদ্ধি কৰা হৈছে লক্ ডাউন ৷ লক্ ডাউনৰ বাবে দেশৰ ভিন্ন ঠাইত আৱদ্ধ হৈ ৰৈছে কৰ্মসূত্ৰে বসবাস কৰা বহিঃৰাজ্যৰ লোক ৷ তাৰ মাজতেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আৱদ্ধ অসমৰ লোকসকল নিজ নিজ ঘৰলৈ আহিব পাৰিব বুলি শনিবাৰে এখন সংবাদমেলত জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ-পূৱৰ ৰাজ্যত যিসকল অসমৰ লোক আৱদ্ধ হৈ আছে তেওঁলোক ঘৰলৈ আহিব পাৰে ইয়াৰ বাবে কোনো ধৰণৰ ই-পাছ বা পাৰ্মিচনৰ প্ৰয়োজন নাই । কিন্তু ইয়াত ছিকিম ইয়াৰ অন্তৰ্ভুক্ত নহয় ।' 4 মে' ৰ পৰা 50 শতাংশ যাত্ৰীৰে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ASTC বাছ চলাচলৰ সুবিধা মুকলি কৰা হ'ব । কিন্তু ইয়াতো কৰা হ'ব বিশেষ ব্যৱস্থা ৷ যিসকল যাত্ৰী গুৱাহাটীৰ পৰা ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ জিলালৈ যাব তেওঁলোকক তেজপুৰ মেডিকেলত পৰীক্ষা কৰা হ'ব ৷

ইয়াৰোপৰি ডিব্ৰুগড়, তিনিচুকীয়ালৈ যোৱা সকলক যোৰহাটত পৰীক্ষা কৰাৰ বিপৰীতে কৰিগঞ্জ, কাছাৰলৈ যোৱা সকলক শিলচৰত পৰীক্ষা কৰা হ'ব ৷ যদি তেওঁলোকৰ ফলাফল সন্দেহজনক হয় তেন্তে সেই ঠাইতে তেওঁলোকৰ ইচ্ছানুযায়ী চৰকাৰী খৰচত অথবা তেওঁলোকৰ নিজা খৰচত কোৱাৰেন্টাইন কৰোৱা হ'ব ৷ এতিয়াৰে পৰা সকলোৱে নিজা খৰচতো হোটেলত কোৱাৰেন্টাইনত থাকিব পাৰিব । ইয়াৰ বাবে চৰকাৰে হোটেল কৰ্তৃপক্ষৰ লগত কথা পাতি এটা নিৰিখ বান্ধি দিব । আনহাতে অসমৰ বাহিৰত থকা যিসকল লোক ঘূৰি নাহে তেওঁলোকক দুই তিনিমাহলৈ অসম চৰকাৰ ফালৰ পৰা প্ৰতিমাহে 2 হেজাৰ টকাকৈ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

  • Assam borders with all NE states except Sikkim to open from tomorrow to ease the return of stranded people. No pass is required for people travelling from these states.

    All returnees to be screened at inter state borders for #COVID symptoms. #AssamCares

    — Himanta Biswa Sarma (@himantabiswa) May 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দেশৰ ভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় 21 লাখ লোক ৷ ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা হেল্প লাইন নম্বৰলৈ ফোন কৰিছে প্ৰায় 7 লাখ লোকে আৰু তেওঁলোকৰ প্ৰায় সংখ্যকৰে সৈতে আছে অতি কমেও 3 জনকৈ ব্যক্তি ৷ সকলোৱেই এই সংকটপূৰ্ণ পৰিস্থিতি উলটি যাব খুজিছে অসমলৈ ৷ কিন্তু এই সময়ত যদি সকলোকে অসমলৈ ঘূৰি যোৱাৰ অনুমতি প্ৰদান কৰা হয়, তেন্তে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত ৷ সেয়ে সকলোকে একে সময়তে অনাতো সম্ভৱপৰ নহয় বুলি জনাইছে মন্ত্ৰী শৰ্মাই ৷ অৱশ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত থকা যিসকল অসমবাসী নিজা গাড়ীৰে অসমলৈ আহিব বিচাৰে, তেওঁলোকক 7428159966 নম্বৰত মিছকল দিয়াৰ লগতে assamtransportrelief@gmail.com মেইল কৰিবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : বহিঃৰাজ্যত থকা অসমৰ লোকক আনিবলৈ সাজু ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.