গুৱাহাটী, ৭ অক্টোবৰঃ নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্র প্রতিবাদ সদৌ অসম উন্নয়ন পৰিষদৰ । বুধবাৰে মহানগৰীৰ ভঙাগড়স্থিত যোগান বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত উন্নয়ন পৰিষদৰ কামৰূপ জিলা সমিতিয়ে ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক কপিল ঠাকুৰীয়াই বর্তমান মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জৰুলা কৰা বুলি কৈ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে । আনহাতে লক ডাউনৰ সময়ত ব্যৱসায় লোকচানৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে যি অবাধ মূল্যবৃদ্ধি কৰিছে সেই কাৰ্যত চৰকাৰৰ যোগান বিভাগৰ কোনোধৰণৰ নিয়ন্ত্ৰণ নাই বুলিও অভিযোগ কৰে সম্পাদকগৰাকীয়ে ৷
![All Assam Unnayan Parishad protest against inflation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9088025_pic.jpg)
ইপিনে,প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জয়ন্ত গগৈয়ে মন্তব্য কৰে যে,বর্তমান বজাৰত জুই চাই দাম যদিও যোগান মন্ত্রী সম্পূর্ণ নিমাত আৰু সামগ্ৰীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো তেওঁ ব্যর্থ হৈছে । যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ নিষ্ক্ৰিয়তাৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে সামগ্রীসমূহৰ মূল্য বৃদ্ধি কৰা বুলি অভিযোগ কৰে। প্ৰতিবাদস্থলীৰ পৰাই সাংগঠনিক সম্পাদকগৰাকীয়ে যোগান বিভাগক অতি শীঘ্ৰে সক্রিয় ভূমিকা গ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।
লগতে পঢ়কঃঅসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা