ETV Bharat / state

আদালতৰ কাম নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি উকীলসন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 13, 2020, 7:07 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশ মৰ্মে ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছে ন্যায়ালয়ৰ নিয়মীয়া কাম কাজ ৷ আদালতৰ কাম-কায বন্ধ হোৱাৰ ফলত এক প্ৰকাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ওকালতিৰ সৈতে জড়িত সকল ৷ আদালতৰ কাম-কাজ শীঘ্ৰে আৰম্ভ নহ’লে বিপদৰ সন্মুখীন হ’ব লাগিব উকিলসকল ৷ যাৰ পৰিপেক্ষিতত বৃহস্পতি বাৰে বাৰ কাউন্সিল অসম,নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সিদ্ধান্ত মৰ্মে ৰাজ্য জুৰি সদৌ অসম উকিল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

all Assam lawyer association protest in all over Assam
all Assam lawyer association

নিউজ ডেস্ক, 13 আগষ্ট : মাৰ্চ মাহৰ পৰা দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰে ন’ভেল কৰ’ণা ভাইৰাছ অথবা ক’ভিড-19 য়ে ৷ যাৰ ফলত মাৰ্চ মাহৰ 25 তাৰিখৰ পৰা দেশ জুৰি ঘোষণা কৰা হয় লক্ ডাউন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশ মৰ্মে ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছে ন্যায়ালয়ৰ নিয়মীয়া কাম কাজ ৷ আদালতৰ কাম-কায বন্ধ হোৱাৰ ফলত এক প্ৰকাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ওকালতিৰ সৈতে জড়িত সকল ৷ আদালতৰ কাম-কাজ শীঘ্ৰে আৰম্ভ নহ’লে বিপদৰ সন্মুখীন হ’ব লাগিব উকিলসকল ৷ যাৰ পৰিপেক্ষিতত বৃহস্পতি বাৰে বাৰ কাউন্সিল অসম,নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সিদ্ধান্ত মৰ্মে ৰাজ্য জুৰি সদৌ অসম উকিল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

পূৰ্বৰ দৰে আদালতৰ কাম-কাজ আৰম্ভ কৰাৰ দাবীত বৃহস্পতিবাৰে নগাঁও আদালতৰ চৌহদত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে নগাঁও উকিল সন্থাই ৷ উল্লেখ্য মহামাৰীৰ ত্ৰাসৰ বাবে আদালতৰ কাম-কাজ দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে ৷ কেৱল অতি জৰুৰী গোচৰ সমূহ ভাৰ্চুৱেল আদালতৰ দ্বাৰা চলাই থকা হৈছে ৷ ধৰ্মঘট পালনৰ লগতে অধিবক্তাসকলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে ৷

যোৰহাটতো প্ৰতিবাদত নামিল যোৰহাট জিলা উকিল সন্থা ৷ পুনৰ আদালতৰ কাম-কাজ আম্ভ কৰাৰ লগতে বাৰ লাইব্ৰেৰী খুলি দিয়াৰ দাবী উত্থাপন কৰে অধিবক্তাসকলে ৷ যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ ৰৱীন ফুকনৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ লৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে জিলা উকিল সন্থাই ।

ৰাজ্যজুৰি উকীলসন্থাৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো উকিল সন্থাৰ ধৰ্মঘট ৷ তেওঁলোকৰো এটাই দাবী, পুনৰ আৰম্ভ কৰিব লাগে আদালতৰ কাম-কাজ ৷ কাৰণ আদালত বন্ধ হৈ থকাৰ ফলত আৰ্থিক সংকটে দেখা দিছে তেওঁলোকৰ মাজত ৷

গুৱাহাটীৰ আদালত আৰু আমিনগাঁৱৰ আদালতৰ সন্মুখতো প্ৰতিবাদত বহে অধিবক্তাসকল । আদালতৰ নিয়মীয়া কামকাজ আৰম্ভ কৰাৰ দাবী জনাই এক ঘন্টীয়া প্ৰতিকী ধৰ্মঘটত বহিল এইসকল অধিবক্তা । এই প্ৰতিবাদৰ পাচত দেশৰ মুখ্য ন্যায়াধীশলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাৰ শাখা কমিটীয়ে । উল্লেখযোগ্য যে, দেশত আনলক্ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও খুলি দিয়া হোৱা নাই আদালতসমূহ। যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মূখীন হৈছে অধিবক্তা তথা আদালতত কৰ্মৰত লোকসকল ।

বৰপেটাতো সদৌ অসম উকীল সন্থাৰ সভাপতি ডেভিড লেজাৰৰ নেতৃত্বত উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতীকি ধৰ্মঘট কাৰ্যসূছী ৰূপায়ণ কৰা হয় ৷ বন্ধ হৈ থকা আদালতৰ সকলো কাম কাজ নিয়মীয়া কৰা, আৰু বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতিপলমে মুকলি কৰি দিয়াৰ দাবী তোলে অধিবক্তাসকলে ৷ আদালতৰ নিয়মীয়া কাম কাজ বন্ধ হৈ থকাৰ ফলত সাধাৰণ মানুহ ন্যায় লাভৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰে সদৌ অসম উকীল সন্থাৰ সভাপতিগৰাকীয়ে ৷ পাঠশালাৰ আদালত চৌহদতো বজালী বাৰ এচ’ছিয়েচনৰ উদ্যোগত আদালতৰ কাম-কাজ সমূহ নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী উকিল সন্থাৰ ফালৰ পৰা এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লক ডাউনৰ আৰম্ভণিৰে পৰা অৰ্থাৎ মাৰ্চ মাহৰ পৰা তলা ওলমি আছে ধুবুৰী উকিল সন্থাৰ কাৰ্যালয় । শীঘ্ৰেই অনলাইনৰ পৰিৱৰ্তে ফিজিকেল কোৰ্টৰ কাম কাজ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে জ্যেষ্ঠ অধিবক্তা তথা সদৌ অসম উকিল সন্থাৰ প্ৰাক্তন সভাপতি নুৰুল ইছলাম চৌধুৰীয়ে ।

লগতে পঢ়ক : জুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.