গুৱাহাটী, ১৪ ডিচেম্বৰঃ এইবাৰ জাতিৰ স্বাৰ্থত ওলাই আহিছে ৰাজ্যৰ কৰ্মচাৰী পৰিষদ । ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা,নেছ'কে ধৰি বিভিন্ন জাতীয় সংগঠনে হাতত লোৱা নাগৰিকত্ব সংশোধনী আইন 2016 বিৰুদ্ধে লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগঢ়োৱা সদৌ অসম কৰ্মচাৰী পৰিষদে ঘোষণা কৰিছে পৰৱৰ্তী কাৰ্যসূচী ।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি শনিবাৰে সন্ধিয়া কয় যে ১৮ ডিচেম্বৰত কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি গ্ৰহণ কৰিব "কৰ্মবিৰতি"। সেই দিনটোত ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে নিজৰ কৰ্তব্য পালনৰ পৰা বিৰত থাকিব বুলি বাসৱ কলিতাই স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক:বৰপেটাৰোডত সেনাৰ ব্যাপক ফ্লেগমাৰ্চ