ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি - ৰাজ্যৰ ভিন্ন প্ৰান্তৰ

সমগ্ৰ দেশৰ লগতে ৰাজ্যত কৰ'ণাৰ সংহাৰৰ মাজতে উদযাপন কৰা হ’ল শিক্ষক দিৱস ৷ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণন জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতিবছৰে পালন কৰা হয় শিক্ষক দিৱস ৷ এইবাৰো ব্যতিক্ৰম নহয় শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় , বিশ্ববিদ্যালয় , বিভিন্ন প্ৰতিষ্ঠানত অনুষ্টুপীয়াকৈ হলেও উদযাপন কৰে শিক্ষক দিৱস ৷ অৱশ্যে তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ দাৰা অবহেলিত হৈ ৰোৱা একাংশ শিক্ষকে চৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ দেখা গ’ল ৷ আজীৱন শিক্ষা দান কৰি সমাজ আৰু মানৱ সম্পদ গঢ় দিয়াত ব্ৰতী এই সকল শিক্ষকক চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি তেঁওলোকৰ সমস্যা সমূহ নিৰ্মূল কৰিবলৈ আহ্বান জনায় ৷

all assam 59th teachers day celebrations
ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস
author img

By

Published : Sep 5, 2020, 10:04 PM IST

কোকৰাঝা, 5 ছেপ্তেম্বৰঃ বিটিচি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে ৫৯ তম শিক্ষক দিৱস উদযাপন কৰা হয় । জিলা শিক্ষা প্ৰাথমিক বিষয়া জয়পাল সিং ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কাৰ্যসূচীত ১০ জন কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

ইয়াৰোপৰি এই অনুষ্ঠানতে একাংশ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু একাংশ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , জিলা উপায়ুক্ত ভাস্কৰ ফুকন , বিটিচিৰ শিক্ষা সঞ্চালক কে ইউ আহমেদ উপস্থিত থাকে ।

শিৱসাগৰ, 5 ছেপ্তেম্বৰঃ শিৱসাগৰতো পালন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী । শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শিক্ষক দিৱস উপলক্ষে অনুষ্টুপীয়া কাৰ্যসূচী ৰূপায়ণ কৰে।

কামৰূপ,5 ছেপ্তেম্বৰঃ আন আন জিলাৰ লগতে কামৰূপতো পালন কৰা হৈছে শিক্ষক দিৱস । কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত ৫৯ তম শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত কামৰূপ জিলাৰ বিভিন্ন শিক্ষা বিভাগৰ মুৰব্বী তথা বিভিন্ন স্কুলৰ শিক্ষা গুৰুৰ উপস্থিতিত পালন কৰা হয় শিক্ষক দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি
মৰিগাঁও,5 ছেপ্তেম্বৰঃ
মৰিগাঁৱত শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত বণাৰ্ঢ্য কাৰ্যসূচীৰে ৫৯ সংখ্যক শিক্ষক দিবস পালন কৰা হয় । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত সভাপতিত্ব কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে।
ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

মৰিগাঁও প্ৰাথমিক শিক্ষা বিষয়া ডঃ কমল গগৈয়ে আদৰণি ভাষণ প্ৰদান সভাখনত উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ বৰা, গছৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বঁটা প্ৰাপক প্ৰধান শিক্ষক মনমোহন ডেকা, জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামকে ধৰে কেইবাজনো বিশিষ্ট ব্যক্তি ।

টীয়ক,5ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ২০২০ বৰ্ষৰ শিক্ষক দিৱসৰ অনুষ্ঠানটি টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে ।

গোৰেশ্বৰ,5 ছেপ্তেম্বৰঃ গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰিলে শিক্ষক দিৱস ৷ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক গামোচা আৰু এটি কলম প্ৰদান কৰে ৷

উত্তৰ অভয়াপুৰী, ৫ ছেপ্তেম্বৰঃ শিক্ষক দিৱসৰ এই দিনটোত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বালাৰচৰ গোলাপাৰা প্ৰিছিনিয়ৰ মাদ্ৰাছাত কলা দিৱস হিচাপে পালন কৰা হয় । বিদ্যালয় খনৰ প্ৰতিজন শিক্ষকে কলা কাপোৰ পৰিধান কৰি শিক্ষক দিৱসক কলা দিৱস হিচাপে পালন কৰে । শিক্ষক সকলে জানিবলৈ দিয়া মতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

গোলাঘাট,5 ছেপ্তেম্বৰঃ গোলাঘাটতো 59 সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি

নগাঁও,5 ছেপ্তেম্বৰঃ নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৫৯ সংখ্যক শিক্ষক দিৱস । শিক্ষক দিৱসৰ এই অনুষ্ঠানতে জিলাখনৰ ২৩ গৰাকীকৈ কৃতি শিক্ষকক জ্ঞাপন কৰা হয় সম্বৰ্ধনা । অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণননক শ্ৰদ্ধাৰে সোঁৱৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।

বৰপেটা ৫ ছেপ্তেম্বৰ: শিক্ষক দিৱস উপলক্ষ্যে ব্যতিক্ৰমী কাৰ্যসূচী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ। সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে । অনুষ্ঠানতে ৬৯৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গামোচা, মানপত্ৰ আৰু কলমেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন । অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে-ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন ।

জনীয়া,5 ছেপ্তেম্বৰঃ ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ স্মৃতিত আৰু শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আকবৰ আলী ফাউণ্ডেশনৰ উদ্যোগত মন্দিয়া ড্ৰেমলেণ্ড একাডেমিত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, কৰ্মৰত কৃতি শিক্ষক আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপলক্ষে আইনুদ্দিনৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ছামচুল হকে।

গুৱাহাটী, 5 ছেপ্তেম্বৰঃ আজি পবিত্ৰ শিক্ষক দিৱস ৷ শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ দিন ৷ কিন্তু এই শিক্ষক দিৱসটি অন্য শিক্ষকৰ বিপৰীতে ৰাজ্যৰ বাৰ হাজাৰ শিক্ষকৰ বাবে কৰুণ দিন হিচাপে পৰিগনিত হৈছে ৷ কিয়নো বিগত আঠটা বছৰে বিনা বেতনে শিক্ষকতা কৰি হতাশ হৈ পৰিছে এই সকল শিক্ষক ৷

কোনো শিক্ষক যদি অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যু মুখত পৰিছে, আন কোনোবাজন আকৌ বিনা পাৰিশ্ৰমিকেৰেই চাকৰিৰ পৰা অৱসৰ লৈছে ৷ যি পৰিস্থিতিত শিক্ষক দিৱসৰ দিনটোত চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ৷

লগতে পঢ়কঃ বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া

কোকৰাঝা, 5 ছেপ্তেম্বৰঃ বিটিচি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে ৫৯ তম শিক্ষক দিৱস উদযাপন কৰা হয় । জিলা শিক্ষা প্ৰাথমিক বিষয়া জয়পাল সিং ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কাৰ্যসূচীত ১০ জন কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

ইয়াৰোপৰি এই অনুষ্ঠানতে একাংশ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু একাংশ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , জিলা উপায়ুক্ত ভাস্কৰ ফুকন , বিটিচিৰ শিক্ষা সঞ্চালক কে ইউ আহমেদ উপস্থিত থাকে ।

শিৱসাগৰ, 5 ছেপ্তেম্বৰঃ শিৱসাগৰতো পালন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী । শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শিক্ষক দিৱস উপলক্ষে অনুষ্টুপীয়া কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

কামৰূপ,5 ছেপ্তেম্বৰঃ আন আন জিলাৰ লগতে কামৰূপতো পালন কৰা হৈছে শিক্ষক দিৱস । কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত ৫৯ তম শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত কামৰূপ জিলাৰ বিভিন্ন শিক্ষা বিভাগৰ মুৰব্বী তথা বিভিন্ন স্কুলৰ শিক্ষা গুৰুৰ উপস্থিতিত পালন কৰা হয় শিক্ষক দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি
মৰিগাঁও,5 ছেপ্তেম্বৰঃ মৰিগাঁৱত শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত বণাৰ্ঢ্য কাৰ্যসূচীৰে ৫৯ সংখ্যক শিক্ষক দিবস পালন কৰা হয় । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত সভাপতিত্ব কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে।
ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

মৰিগাঁও প্ৰাথমিক শিক্ষা বিষয়া ডঃ কমল গগৈয়ে আদৰণি ভাষণ প্ৰদান সভাখনত উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ বৰা, গছৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বঁটা প্ৰাপক প্ৰধান শিক্ষক মনমোহন ডেকা, জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামকে ধৰে কেইবাজনো বিশিষ্ট ব্যক্তি ।

টীয়ক,5ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ২০২০ বৰ্ষৰ শিক্ষক দিৱসৰ অনুষ্ঠানটি টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে ।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

গোৰেশ্বৰ,5 ছেপ্তেম্বৰঃ গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰিলে শিক্ষক দিৱস ৷ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক গামোচা আৰু এটি কলম প্ৰদান কৰে ৷

উত্তৰ অভয়াপুৰী, ৫ ছেপ্তেম্বৰঃ শিক্ষক দিৱসৰ এই দিনটোত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বালাৰচৰ গোলাপাৰা প্ৰিছিনিয়ৰ মাদ্ৰাছাত কলা দিৱস হিচাপে পালন কৰা হয় । বিদ্যালয় খনৰ প্ৰতিজন শিক্ষকে কলা কাপোৰ পৰিধান কৰি শিক্ষক দিৱসক কলা দিৱস হিচাপে পালন কৰে । শিক্ষক সকলে জানিবলৈ দিয়া মতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

গোলাঘাট,5 ছেপ্তেম্বৰঃ গোলাঘাটতো 59 সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি

নগাঁও,5 ছেপ্তেম্বৰঃ নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৫৯ সংখ্যক শিক্ষক দিৱস । শিক্ষক দিৱসৰ এই অনুষ্ঠানতে জিলাখনৰ ২৩ গৰাকীকৈ কৃতি শিক্ষকক জ্ঞাপন কৰা হয় সম্বৰ্ধনা । অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণননক শ্ৰদ্ধাৰে সোঁৱৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষক দিৱসৰ ভিন্ন ছৱি

বৰপেটা ৫ ছেপ্তেম্বৰ: শিক্ষক দিৱস উপলক্ষ্যে ব্যতিক্ৰমী কাৰ্যসূচী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ। সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে । অনুষ্ঠানতে ৬৯৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গামোচা, মানপত্ৰ আৰু কলমেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন । অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে-ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন ।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

জনীয়া,5 ছেপ্তেম্বৰঃ ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ স্মৃতিত আৰু শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আকবৰ আলী ফাউণ্ডেশনৰ উদ্যোগত মন্দিয়া ড্ৰেমলেণ্ড একাডেমিত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, কৰ্মৰত কৃতি শিক্ষক আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপলক্ষে আইনুদ্দিনৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ছামচুল হকে।

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

গুৱাহাটী, 5 ছেপ্তেম্বৰঃ আজি পবিত্ৰ শিক্ষক দিৱস ৷ শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ দিন ৷ কিন্তু এই শিক্ষক দিৱসটি অন্য শিক্ষকৰ বিপৰীতে ৰাজ্যৰ বাৰ হাজাৰ শিক্ষকৰ বাবে কৰুণ দিন হিচাপে পৰিগনিত হৈছে ৷ কিয়নো বিগত আঠটা বছৰে বিনা বেতনে শিক্ষকতা কৰি হতাশ হৈ পৰিছে এই সকল শিক্ষক ৷

ৰাজ্যজুৰি পালন কৰা হ’ল 59 তম শিক্ষক দিৱস

কোনো শিক্ষক যদি অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যু মুখত পৰিছে, আন কোনোবাজন আকৌ বিনা পাৰিশ্ৰমিকেৰেই চাকৰিৰ পৰা অৱসৰ লৈছে ৷ যি পৰিস্থিতিত শিক্ষক দিৱসৰ দিনটোত চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ৷

লগতে পঢ়কঃ বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.