গুৱাহাটী, 9 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে বিলাতী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা ৷ মঙলবাৰে নিশা জালুকবাৰীত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে জালুকবাৰী আৰক্ষীয়ে । খানাপাৰাৰ পৰা চাংসাৰি অভিমুখে এখন চাৰিচকীয়া বাহন অনা হৈছিল এই সুৰাখিনি ।
জালুকবাৰী আৰক্ষীয়ে বাহনখনত চালাচী কৰাত উদ্ধাৰ হয় ৩৪ কাৰ্টন সুৰা। বৃহৎ পৰিমাণৰ সুৰাখিনিৰ কোনো নথি-পত্ৰ নোহোৱাৰ বাবে জালুকবাৰী আৰক্ষীয়ে সুৰাভৰ্তি বাহনখন আটক কৰি গতাই দিয়ে আৱকাৰী বিভাগক । বাহনখনৰ নম্বৰ হৈছে AS 01 AR 6155 ।
ইফালে ঘটনা সন্দৰ্ভত কৈলাশ কাকতি নামৰ এটা সুৰা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৱকাৰী বিভাগে । যুৱক জনৰ স্বীকাৰোক্তিৰ অনুসৰি চৰকাৰী নথি-পত্ৰ অথবা অনুমতি পত্ৰ অবিহনেই বিভিন্ন বিবাহ অনুষ্ঠানত তেওঁলোকে যোগান ধৰি আহিছে এই সুৰা । অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৱকাৰী বিভাগে ৷
লগতে পঢ়কঃখুমটাইৰ পথাৰত ধান দোৱাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ