ETV Bharat / state

Climate Change in Assam : জলবায়ু পৰিৱৰ্তনৰ কৱলত অসম; বিধানসভাত উদ্বেকজনক তথ্য

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:04 PM IST

সদনত দাখিল কৰা তথ্যমতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ ফলস্বৰূপে ৰাজ্যখনত গড় উষ্ণতা বৃদ্ধি হৈছে যাৰ ফলত গৰমৰ দিন বাঢ়িছে আৰু শীতকালিৰ দীৰ্ঘতা হ্রাস পাইছে ৷ অস্বাভাবিক বৰষুণ আৰু আৱতৰীয়া বানপানীৰ বাবে অসমত বৰ্ষাকালীন আৰু শীতকালীন ধান খেতি ক্ষতিগ্রস্ত হৈছে ৷

Alarming Facts in Assam Assembly on Climate Change
ৰাজ্যখনত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা

গুৱাহাটী, 16 ছেপ্টেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে অসম ৷ লগতে ৰাজ্যখনত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা ৷ অসমৰ গুৱাহাটী, নলবাৰী, শিৱসাগৰ, নগাওঁ, শিলচৰ প্ৰদূষিত চহৰ হিচাবে চিহ্নিত হৈছে ৷ বিধানসভাত এই কথা স্বীকাৰ কৰিছে বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷

Alarming Facts in Assam Assembly on Climate Change
বিধানসভাত উদ্বেকজনক তথ্য

শুকুৰবাৰে সামৰণি পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনা সদনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ জলবায়ু পৰিৱৰ্তনৰ‌ প্ৰভাৱ সম্পৰ্কত সোধা লিখিত প্ৰশ্নৰ উত্তৰত বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদনত তথ্য দাখিল কৰে ৷ সদনত দাখিল কৰা তথ্যমতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ ফলস্বৰূপে ৰাজ্যখনত গড় উষ্ণতা বৃদ্ধি হৈছে যাৰ ফলত গৰমৰ দিন বাঢ়িছে আৰু শীতকালিৰ দীৰ্ঘতা হ্রাস পাইছে ৷ ইয়াৰ উপৰিও ৰাজ্যখনত অস্বাভাৱিক বৰষুণ আৰু উৎকট গৰমৰ প্ৰকোপ সঘনাই বৃদ্ধি পাইছে ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনে ৰাজ্যখনৰ জলসম্পদ, কৃষি, বন আৰু জীৱ বৈচিত্র্য, শক্তি খণ্ড, গ্ৰাম্য আৰু নগৰ উন্নয়ন, মানৱ স্বাস্থ্য, আৰু বহুতো খণ্ডত প্রভাব পেলাইছে ৷

অসমৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে ৷ অস্বাভাবিক বৰষুণ আৰু আৱতৰীয়া বানপানীৰ বাবে অসমত বৰ্ষাকালীন আৰু শীতকালীন ধান খেতি ক্ষতিগ্রস্ত হৈছে ৷ ইফালে উত্তাপ বৃদ্ধি হোৱাৰ ফলত অপকাৰী পোক-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত চাহ খেতি প্রভাবিত হৈছে ৷ দীঘলীয়া খৰাং বতৰৰ বাবে অসমত চাহ খেতিৰ উৎপাদন হ্রাস পোৱা আৰু পোক-পতংগৰ আক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ আকৌ দীঘলীয়া খৰাঙৰ কাৰণে জলাশয়সমূহৰ জলস্তৰ হ্ৰাস পাইছে আৰু ফলস্বৰূপে জলজ জৈৱ বৈচিত্ৰ্যত ইয়াৰ প্ৰভাৱ পৰিছে ৷ বৃষ্টিপাতৰ তাৰতম্যৰ বাবে ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে ৷ উত্তাপ বৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজনীয়তা বাঢ়িছে, য’ত নেকি জলাশয়সমূহত অধিক বাস্পীয়ভৱন হৈছে ৷

উত্তাপ আৰু বৃষ্টিপাতৰ তাৰতম্যৰ বাবে অৰণ্যৰ উদ্ভিদৰ গাঁথনিৰ পৰিৱৰ্তন হৈছে ৷ জৈৱ-ৱৈচিত্ৰ্যৰ ক্ষতি হৈছে, বন্যপ্ৰাণীৰ বসতিস্থলৰ পৰিবৰ্তন হৈছে ৷ বহিৰাগত প্ৰজাতিৰ আগ্ৰাসন পৰিলক্ষিত হৈছে ৷ বনাঞ্চলস্থিত জলাশয়সমূহৰ পৰিসীমা আৰু জলস্তৰ হ্ৰাস পাইছে ৷ উচ্চ প্রাবল্যৰ দুৰ্যোগ আৰু অস্বাভাবিক বতৰৰ পৰিঘটনাই মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৷ অতিপাত গৰমৰ বাবে হাৰ্টষ্ট্ৰোকৰ দৰে সমস্যা বাঢ়িছে ৷ আনহাতে বিভিন্ন সোঁচৰা বেমাৰসমূহৰ ভৌগোলিক পৰিসীমা বিস্তাৰিত হোৱাৰ আশংকা কৰা হৈছে ৷

বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদনত দাখিল কৰা তথ্য অনুসৰি জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে, ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ নিৰ্দেশনা অনুসৰি, ৰাজ্য চৰকাৰে ২০১৫ চনত অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইটাৰ ভাটা স্থাপনৰ ক্ষেত্ৰত (Zig - Zag staking and firing technology) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ এই সম্পর্কে ইতিমধ্যে ইটা ভাটা সমূহৰ মালিক সকলক ২০২৩ চনৰ ২০-২২ মাৰ্চলৈকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এই প্রযুক্তি ব্যৱহাৰ কৰিলে ইটা ভাটা সমূহৰ প্ৰদূষণৰ মাত্ৰা ৫০-৬০% নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

সকলোবোৰ বায়ু প্ৰদূষণকাৰী কাৰখানাত প্ৰদূষণৰ মাত্ৰা নিম্নগামী কৰিবৰ কাৰণে কাৰখানা অনুসাৰে উপযোগী বায়ু প্ৰদূষণ নিয়ন্ত্ৰনকাৰী যন্ত্ৰ স্থাপিত কৰিবৰ কাৰণে নির্দেশ দিয়া হৈছে ৷ ইতিমধ্যে বৃহৎ আৰু মজলীয়া কাৰখানা সমূহত প্ৰদূষণ নিয়ন্ত্ৰণকাৰী যন্ত্ৰ স্থাপিত হৈছে ৷ বিভিন্ন নগৰ-চহৰ আদিত বায়ু প্ৰদুষণৰ মাত্ৰা নিৰূপণৰ কাৰণে ৩৬ টা মেনুৱেল পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ তাৰোপৰি ৯ টা স্বয়ংক্ৰীয় পৰীক্ষাকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ জলবায়ু পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সেউজগৃহ গেছ কমাবৰ কাৰণে সকলোবোৰ কাৰখানাক কাৰখানাৰ মুঠ মাটিকালিৰ কালিত বৃক্ষৰোপণ বাধ্যতামূলক কৰা হৈছে ৷

ইফালে পানী প্ৰদূষণ ৰোধ কৰাৰ বাবে অসমৰ ৪৪ খন নদী / বিল প্ৰদূষিত হিচাবে চিহ্নিত হৈছিল ৷ এই নদী / বিল সমূহক প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা কাৰ্যকৰী পৰিকল্পনা প্রস্তুত কৰা হৈছিল ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ তথা ভাৰত চৰকাৰৰ পৰিৱেশ আৰু জলবায়ু মন্ত্ৰালয়ে অনুমোদন প্ৰদান কৰাৰ পিছত এই কাৰ্য পৰিকল্পনাসমূহ প্রয়োগ হৈ আছে ৷ ইয়াৰ সুফল ইতিমধ্যে প্রত্যক্ষ হৈছে ৷ ৪৪ খন প্ৰদূষিত নদী / বিলৰ ভিতৰত এতিয়া মাত্র ৯ খনহে প্ৰদূষিত নদী / বিল অসমত আছে ৷ বাকী সমূহ ইতিমধ্যে প্ৰদূষণ মুক্ত হৈছে ৷

আনহাতে পানী প্ৰদূষণ কৰিব পৰা কাৰখানা সমূহক পেলনীয়া পানী বিলাক Effluent Treatment Plant (ETP) ৰ জৰিয়তে নিষ্কাষণ কৰি প্ৰদূষণ মুক্ত কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইতিমধ্যে অসমৰ প্ৰায়বিলাক কাৰখানাত ETP স্থাপন কৰা হৈছে ৷ পানী প্ৰদূষণৰ মাত্ৰা নিৰূপণৰ কাৰণে ৭১ খন নদী, ৪৪ খন বিল আৰু ৫২ টা মাটিৰ তলৰ পানীৰ নমুনা মাহেকীয়া হিচাবত সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় ৷ পৰীক্ষাৰ ফলাফল অনুযায়ী কাৰ্য পৰিকল্পনা তৈয়াৰ কৰা হয় ৷ ইফালে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীক কাৰ্যনমুক্ত কৰাৰ উদ্দেশ্যে দুটা অধ্যয়ন কৰি প্ৰস্তুত কৰা প্ৰতিবেদনত অধ্যয়নলব্ধ তথ্যসমূহৰ ভিত্তিত ভাৰত চৰকাৰৰ নতুন আৰু পুনঃ নবীকৰণযোগ্য শক্তি মন্ত্রণালয়ে মাজুলীত কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্যত উল্লেখ কৰিছে ৷

লগতে পঢ়ক : Assam govt debt: দহ বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে ৩৪,৯৬৮ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.