ETV Bharat / state

Constituency delimitation: বিজেপিৰ শ্ৰুতলিপিত কাম কৰিছে নিৰ্বাচন আয়োগে: অখিল গগৈ - Assam constituency delimitation updates

অৱশেষত প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ এই খচৰাক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে ৷ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসনৰ সংখ্যা বৃদ্ধিৰ দ্বাৰা অধিকাৰ হ্ৰাস কৰিব বিচৰা হৈছে বুলি মন্তব্য বিধায়ক গগৈৰ ৷

Akhil Gogoi reacts on ECI draft
ECI draft on Assam constituency delimitation
author img

By

Published : Jun 20, 2023, 10:27 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২০ জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে প্রকাশ কৰিলে খচৰা প্ৰস্তাৱ । খচৰা প্ৰস্তাৱ অনুসৰি লোকসভা আৰু বিধানসভাত একেই থাকিব সমষ্টিৰ সংখ্যা । জুলাই মাহত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি । যাৰ বাবে জুলাই মাহত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল । 11 জুলাইলৈকে আপত্তি দৰ্শাব পাৰিব এই খচৰা সন্দৰ্ভত ৷ এই খচৰা প্ৰস্তাৱ প্ৰকাশৰ পাচতেই স্বাভাৱিকতে ৰাজনৈতিক মহলত চৰ্চা হোৱা দেখা গৈছে ৷

নিৰ্বাচন আয়োগে জাৰি কৰা খচৰা প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । নিজৰ প্ৰতিক্ৰিয়াত বিধায়ক অখিল গগৈয়ে কয় যে, আশংকা কৰা ধৰণে বিজেপি দলটোৰ পৰিকল্পনা মতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পালে । বিজেপি দলৰ সুবিধা অনুসৰি তথা তেওঁলোক জয়ী হ'ব প‍ৰাকৈ এই খচৰা প্ৰকাশ কৰা হৈছে ।

তেওঁ লগতে অভিযোগ কৰি কয় যে, বিজেপি দলে ইতিপূৰ্বে প্ৰস্তুত কৰা ড্ৰাফ্ট ৰিপ’ৰ্টটো আজি নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ড্ৰাফ্ট ৰিপ’ৰ্টটোৰ সৈতে প্ৰায় একেই । ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে নিৰ্বাচন আয়োগে বিজেপিৰ শ্ৰুতলিপি অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো কৰিছে ।

লগতে পঢ়ক: Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

গগৈয়ে আৰু কয় যে, সমষ্টি একেই আছে যদিও অনুসূচিত জনজাতিৰ সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হৈছে । অনুসূচিত জাতিৰ বাবেও সমষ্টি সংখ্যা বৃদ্ধি কৰা হৈছে । এই প্ৰক্ৰিয়াত খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিব বিচৰা হৈছে । ৰংঘৰ আৰু তলাতল ঘৰক শিৱসাগৰ সমষ্টিৰ পৰা কৰ্তন কৰিব বিচৰা হৈছে । এইটো শিৱসাগৰৰ ৰাইজে মানিব নে বুলি তেওঁ প্ৰশ্ন কৰে ।

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১৯ টা বিধানসভা সমষ্টি আৰু ২ টা লোকসভা সমষ্টি সংৰক্ষিত হ’ব অনুসূচিত জনজাতিৰ বাবে । পূৰ্বতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল ১৬টা বিধানসভা সমষ্টি । আনহাতে, অনুসূচিত জাতিৰ বাবে বিধানসভা সমষ্টিৰ সংখ্যা ৮ৰ পৰা ৯টালৈ বৃদ্ধি কৰা হৈছে ।

লোকসভাত ১টা সমষ্টি সংৰক্ষিত হ’ব অনুসূচিত জাতিৰ বাবে । পশ্চিম কাৰ্বি আংলঙত এটা বিধানসভা সমষ্টি বৃদ্ধি হয় অনুসূচিত জাতিৰ বাবে । আনহাতে, ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সংৰক্ষিত অনুসূচিত জনজাতিৰ বাবে । অসংৰক্ষিত হৈয়ে থাকিব লখিমপুৰ লোকসভা সমষ্টি । ধেমাজিত থাকিব এটা অসংৰক্ষিত বিধানসভা সমষ্টি । লগতে বৰাক উপত্যকাত থাকিব দুটাকৈ লোকসভা সমষ্টি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.