ETV Bharat / state

Allegation Against BJP MLA: ভয়-ভাবুকিৰে উদ্যোগ কাঢ়ি লোৱা বিজেপি বিধায়কক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:17 PM IST

কলকাতাৰ এগৰাকী বিনিয়োগকাৰীয়ে স্থাপন কৰা এটা উদ্যোগ বিজেপি বিধায়কে ভয়-ভাবুকিৰে কাঢ়ি লোৱা সন্দৰ্ভত অখিল গগৈৰ সংবাদ মেল ৷ এই কাৰ্যৰ জৰিয়তে সমগ্ৰ অসম বদনাম হ’ব বুলি মন্তব্য ৰাইজৰ দলৰ বিধায়কগৰাকীৰ ৷ গুণ্ডাগিৰিৰ জৰিয়তে উদ্যোগ কাঢ়ি লোৱা বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ ৷

Allegation Against BJP MLA Bhaskar Sharma
বিধায়ক ভাস্কৰ শৰ্মাৰ সন্দৰ্ভত অখিল গগৈৰ সংবাদ মেল

গুৱাহাটী, ৯ অক্টোবৰ : মাৰ্ঘেৰিটা সমষ্টিত স্থাপন কৰা কলকাতাৰ বিনিয়োগকাৰীৰ ক'ক উদ্যোগটো বিধায়ক ভাস্কৰ শৰ্মাই কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত বিধায়কগৰাকীৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । সোমবাৰে এক সংবাদ মেলযোগে বিধায়ক ভাস্কৰ শৰ্মাই কৰা এনে কাৰ্যক চোকা ভাষাৰে সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয়, ‘‘এই চৰকাৰৰ দিনত আজৱ দেশৰ গজৱ কাহিনী চলি আছে । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে দিনক ৰাতি, ৰাতিক দিন কৰি দিব পৰা কাম হ'ব বুলি অসমৰ মানুহে ভাৱিছিল । আজি তাক প্ৰমাণ কৰি শাসকীয় দলৰ এজন বিধায়কে কাঢ়ি ল'লে কলকাতাৰ পৰা অহা এজন বিনিয়োগকাৰীৰ উদ্যোগ । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই কাঢ়ি ল'লে তেওঁৰ সমষ্টিত স্থাপন কৰা কলিকতাৰ বিনিয়োগকাৰীৰ ক'ক উদ্যোগটো । এজন বিনিয়োগকাৰীক খেদি দিব পৰা হ'ল শাসকীয় দলৰ এজন বিধায়কে ।’’

অখিল গগৈয়ে কয় যে অসমত এতিয়া মাফিয়াৰাজ চলিছে । লগতে তেওঁ কয়, ‘‘এই প্ৰসংগটো আৰক্ষী সঞ্চালক প্ৰধানক জনোৱা হৈছিল । সঞ্চালক প্ৰধানগৰাকীয়ে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষককো জনাইছিল । তাৰোপৰি আৰক্ষী অধীক্ষকগৰাকীৰ ওচৰত ভুক্তভোগীয়ে অভিযোগ দিছিল ৷ কিন্তু মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে একো কৰিব নোৱাৰো বুলি ক'লে । আনহাতে কোম্পানীটোৱে মুখ্যমন্ত্ৰীলৈও দুখনকৈ পত্ৰ দিছে ৷ মুখ্যমন্ত্ৰীলৈ দিয়া পত্ৰখনৰ জৰিয়তে তেওঁলোকৰ উদ্যোগটো দাবী-ধমকিৰে কাঢ়ি লোৱাৰ কথা উল্লেখ কৰিছে ৷’’ এই সন্দৰ্ভত এজন লোকে দিয়া ৫০০ পৃষ্ঠাৰ এটা ফাইলো অখিল গগৈয়ে সংবাদ মেলত প্ৰদৰ্শন কৰে ।

তেওঁ লগতে কয়, মানুহজনে কৈছে যে আমি অসম আৰক্ষীৰ ওচৰলৈ গ'লো, কিন্তু আমাক উপায় নাই বুলি ক'লে ৷ অখিল গগৈয়ে সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি লোকজনে তেওঁক কয়- ‘‘ভাস্কৰ শৰ্মাৰ তিনিজন মানুহ প্ৰদীপ সিং, সঞ্জন কলিতা আৰু এজন জনৈক চৌধুৰীয়ে মিলি আমাক মাৰ্ঘেৰিটাত এটা ক'ক উদ্যোগ খুলিবলৈ কৈছিল । ইয়াৰ বাবে ৫ কোটি টকা বিনিয়োগ কৰিছিলো আমি ৷ টিৰাপ মৌজাৰ টিপুং পানীৰ নতুন গাঁৱত ৭ বিঘা মাটি লীজত লৈ উদ্যোগটো খোলা হৈছিল । মাটিখিনি ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ দুজনৰ নামত লোৱা হৈছিল । উদ্যোগটোৰ নাম আছিল ‘‘ব্ৰাইটচাইন ক'ক এণ্ড ক'ল প্ৰাইভেট লিমিটেড ৷ ইয়াৰ বাবে প্ৰদীপ সিঙক ১ শতাংশ শ্বেয়াৰ দিছিল উদ্যোগটোত ৷ কিন্তু লক্ষ্যণীয় কথা যে, উদ্যোগটো সম্পূৰ্ণ হোৱাৰ পাছত প্ৰদীপ আৰু সঞ্জনে ভাবুকি দিবলৈ ধৰিলে কোম্পানীটোক । এনেতে সঞ্চালক ঈশান জৈনক খেদি পঠিওৱা হ’ল । ভয় দেখুৱাই মাৰ্ঘেৰিটা আৰক্ষীয়ে উঠাই লৈ আনিলে ঈশান জৈনক । আৰক্ষীয়ে ঈশান জৈনক ‘তোৰ জীৱনৰ প্ৰতি ভাবুকি আছে’ বুলি কৈ মাৰ্ঘেৰিটাৰ পৰা গুচি যাবলৈ ভাবুকি দিলে । তাৰ পাছত ঈশান জৈনে আৰক্ষী আৰু গুণ্ডাবাহিনীৰ ভয়তে ভাড়াঘৰৰ পৰা পলাই কলকাতাৰ ঘৰলৈ যাবলৈ বাধ্য হ’ল । যোৱা ৪ অক্টোবৰত মুখ্যমন্ত্ৰীলৈ দিয়া পত্ৰত এই সকলোবোৰ কথা উল্লেখ কৰা হৈছে ।

সমগ্ৰ বিষয়টোক লৈ অখিল গগৈলৈ পশ্চিম বংগৰ এজন মন্ত্ৰীয়ে ফোন কৰি কিবা এটা ব্যৱস্থা কৰি দিবলৈ অনুৰোধ কৰা বুলি গগৈয়ে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ৷ পশ্চিম বংগৰ মন্ত্ৰীগৰাকীয়ে অখিল গগৈক কৈছিল - ‘‘আমাৰ ব্যৱসায়ীক অসমত অত্যাচাৰ কৰা হৈছে, কিবা এটা ব্যৱস্থা কৰি দিয়ক ।’’

সোমবাৰৰ সংবাদ মেলখনৰ জৰিয়েতে মুখ্যমন্ত্ৰী ড৹ শৰ্মালৈ অখিল গগৈৰ প্ৰশ্ন- এডভান্টেজ অসম পাতি আপোনালোকে অসমলৈ উদ্যোগীক নিমন্ত্ৰণ জনাইছিল ৷ বিনিয়োগকাৰীৰ সন্মিলন পাতি বিনিয়োগকাৰীক নিমন্ত্ৰণ জনাই সকলো প্ৰকাৰৰ সুৰক্ষা দিয়াৰ কথা কৈছিল । কিন্তু আপোনালোকৰ বিধায়কে এই কাম কেনেকৈ কৰিলে?

অখিল গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত এতিয়া অসমৰ মাটি নিৰাপদ নহয় ৷ মাটি দেখিলৈই দৌৰি আহে মুখ্যমন্ত্ৰীৰ পৰিয়াল । মুখ্যমন্ত্ৰীয়ে সকলো জনাৰ পাছতো উদ্যোগটো ঘূৰাই দিয়া নাই, ই অসমৰ বাবে ভয়াৱহ ৷ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এতিয়া মাফিয়াই শাসন চলায় । উদ্যোগটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি দিয়ক মুখ্যমন্ত্ৰীয়ে ৷ ভাস্কৰ শৰ্মাৰ দৰে বিধায়কক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই অখিল গগৈয়ে কয় যে এনে কাৰ্যই সমগ্ৰ অসমকে বদনাম কৰিব ৷

আনহাতে প্ৰদীপ সিঙৰ সন্দৰ্ভত মন্তব্য কৰি অখিল গগৈয়ে কয় যে প্ৰদীপ সিং এজন কুখ্যাত কয়লা মাফিয়া ৷ প্ৰদীপ সিঙৰ বিৰুদ্ধে ইতিহাস, ভূ-তত্ব আৰু খনন সঞ্চালকালয়ে গোচৰ দি থৈছে ৷ প্ৰদীপ সিঙে ভাস্কৰ শৰ্মাৰ হৈ কমিছন সংগ্ৰহ কৰে ৷ ইয়াৰোপৰি ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ প্ৰদীপ সিঙৰ উদ্যোগটোৰ ভূমি এই পৰ্যন্ত উদ্যোগিক ভূমিলৈ অহা নাই ৷ কৃষি ভূমিতেই চলি আছে উদ্যোগটো ।

লগতে পঢ়ক: Allegation Against BJP MLA: বিজেপি বিধায়কে কাঢ়ি ল’লে কলকাতাৰ ব্যৱসায়ীয়ে স্থাপন কৰা উদ্যোগ, মুখ্যমন্ত্ৰীলৈ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.