ETV Bharat / state

এক ৰাষ্ট্ৰ এক ভাষা কেতিয়াও হবলৈ নিদিওঁ - অখিল গগৈ - মুখ্যমন্ত্ৰী

ভাৰতত যদি 'one nation one language' কৰিব লগা হয় তেনেহলে দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ দখলত ৰাখিব নোৱাৰিব ৷

এক ৰাষ্ট্ৰ এক ভাষা কেতিয়াও হবলৈ নিদিওঁ - অখিল গগৈ
author img

By

Published : Sep 16, 2019, 6:52 PM IST

গুৱাহাটী, 16 চেপ্তেম্বৰ : ‘One nation one language’ গণতান্ত্ৰিক দেশৰ মানুহৰ বাবে মানি লোৱা সম্ভৱ নহয় । সোমাবাৰে গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ৷ ভাৰতত বিভিন্ন জাতিৰ বিভিন্ন ভাষা কোৱা লোকে বসবাস কৰে । ভাৰতবৰ্ষত বসবাস কৰা লোকসকলে হিন্দীৰ বাহিৰেও তেওঁলোকৰ নিজ নিজ মাতৃভাষা কয় । ভাৰতত যদি 'one nation one language' কৰিব লগা হয় তেনেহলে দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ দখলত ৰাখিব নোৱাৰিব । কোনো প্ৰকৃত অসমীয়াই বিজেপি আৰু আৰ এছ এছৰ এই সিদ্ধান্ত কোনেও মানি নলয় । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই নিৰ্ণয় কেতিয়াও মানি নলয় । যিদিনা ভাৰত চৰকাৰে এক ৰাষ্ট্ৰ এক ভাষা আদৰ্শৰে ভাৰতত হিন্দী ভাষা জাপি দিব সেইদিনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমতে প্ৰতিবাদ কৰিব আৰু এই প্ৰতিবাদ কিমান পৰ্যায়লৈ অতিক্ৰম কৰিব তাক ভাৰত চৰকাৰে কল্পনাও কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়ে অখিলে ।

এক ৰাষ্ট্ৰ এক ভাষা কেতিয়াও হবলৈ নিদিওঁ - অখিল গগৈ

ইফালে, চাহ শ্ৰমিকক 20 % বোনচ দিয়াৰ দাবী অখিল গগৈৰ ৷ অসম চৰকাৰ সহযোগিতা আৰু পৃষ্ঠপোষকতাত বাগানৰ মালিক কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক 20 % বোনাচৰ পৰিবৰ্তে 8.33 % বোনাচ দিবলৈ লৈছে । আনহাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিনত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা হব বুলি কৈছিল যদিও আজিলৈ তেওঁলোকৰ মজুৰি 166 টকাহে পায় । চাহ শ্ৰমিকসকলক যদি তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়া নহয় তেনেহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অখিল গগৈয়ে । আনহাতে, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে 22 খন বৃহৎ নদীবান্ধৰ চুক্তি নাকচ কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আদৰণি জনাইছে । অৰুণাচলত বনাবলগীয়া 136 নদীবান্ধৰ ভিতৰত 22 টাৰ চুক্তি নাকচ কৰা হৈছে আৰু এইয়া প্ৰশংসনীয় । এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে, অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কসকলে অৰুণাচল প্ৰদেশৰ চৰকাৰক হেঁচা প্ৰদান কৰি সকলো নদী বান্ধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল কৰিব লাগে ।

Intro:চাহ শ্ৰমিকক ২০% বোনচ দিয়াৰ দাবী অখিল গগৈৰ

Body:সোমাবাৰে গুৱাহাটীস্থিত কেন্দ্রীয় কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ কয় যে অসম চৰকাৰ সহযোগিতা আৰু পৃষ্ঠপোষকতাত অসম চৰকাৰৰ চাতিৰ তলত থাকি এতিয়া বাগানৰ মালিক কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক ২০% বোনচৰ পৰিবৰ্তে ৮.৩৩ বোনচ দিবলৈ লৈছে। যত এজন শ্ৰমিকে পূৰ্বৰ তুলনাত ৬০০০ টকা কমকৈ পাব। চাহ শ্ৰমিকৰ ২০% বোনচ পোৱাৰ অধিকাৰ আছে। এই অধিকাৰ মালিক সকলে কৰ্তন কৰিব খুজিছে আৰু এই কাৰ্যত অসম চৰকাৰে সমৰ্থন কৰিছে । এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ । বিজেপি আৰু আৰ এছ এছ চৰকাৰে চাহ শ্ৰমিক সকলক ৰাম ঠগন দিব বিচাৰিছে। অসমৰ চাহ শ্ৰমিক সকলক নিৰ্বাচনৰ পূৰ্বে মৰম দেখুৱাই ২৫০০ টকাকৈ দুবাৰ দিয়া হৈছিল আৰু এই টকা মালিক পক্ষক উপহাৰ স্বৰূপে ঘূৰাই দিব বিচৰা হৈছে । চাহ বাগানৰ মালিক পক্ষই উৎপাদনৰ পৰিমাণ কম হোৱাৰ বাবে তেওঁলোকৰ হাজিৰা , বোনচ বৃদ্ধি কৰিব পৰা নাই বুলি কোৱা এই কথাক অখিল গগৈয়ে এক অপপ্ৰচাৰ বুলি সংবাদমেলত অভিহিত কৰে । আনহাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিনত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা হব বুলি কৈছিল যদিও আজিলৈ তেওঁলোকৰ মজুৰি ১৬৬ টকাহে পায় । চাহ শ্ৰমিক সকলক যদি তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়া নহয় তেনেহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.