গুৱাহাটী,৩ নৱেম্বৰ: বেংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত চিকিৎসাধীন শিৱসাগৰৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi admitted at Bengaluru)। হাস্পতালখনত অস্ত্রোপচাৰৰ বাবে সাজু কৰা হৈছে বিধায়ক অখিল গগৈক (Akhil gogoi ready for heart surgery)। উল্লেখ্য় যে বুধবাৰে তেওঁক বেংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল (Narayana Health City Hospital in Bengaluru)। ভৰ্তি কৰাৰ পাছতে তেওঁৰ স্বাস্থ্যৰ কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছে । আজি তেওঁৰ আৰু কেইটামান পৰীক্ষা কৰা হ'ব । এই পৰীক্ষাসমূহৰ অন্তত শুকুৰবাৰে পুৱাৰ ভাগত তেওঁৰ অস্ত্রোপচাৰ কৰাৰ সম্ভাৱনা আছে বুলি হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰিছে ।
উল্লেখ্য় যে হৃদযন্ত্ৰৰ ভেণ্টিকুলাৰ টেকিকার্ডিয়া ৰোগত ভোগা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে জৰুৰী অস্ত্ৰোপচাৰৰ পৰামৰ্শ আগবঢ়াইছিল (Gauhati Medical College Hospital)। যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটীৰ পৰা বিমানেৰে বেংগালুৰুলৈ আহে অখিল গগৈ । উল্লেখ্য় যে হৃদৰোগত আক্ৰান্ত কৃষক নেতাগৰাকীৰ অস্ত্ৰোপচাৰ তথা চিকিৎসাৰ বাবে আর্থিক সংকটত ভোগাত বিভিন্ন পক্ষৰ পৰা সহায়-সহযোগিতাত বেংগালুৰুলৈ যাত্ৰা কৰা বুলি দলীয় নেতৃত্বই সদৰি কৰিছে ।
উল্লেখ্য যে ‘কা’ (CAA) বিৰোধী আন্দোলনৰ সময়ত জে’লত থকাৰ পাছৰে পৰাই হৃদৰোগত আক্ৰান্ত হৈছিল অখিল গগৈ । শেহতীয়াকৈ ২৬ অক্টোবৰত দিল্লী ভ্ৰমণলৈ যাওতে হঠাতে অসুস্থ হৈ পৰিছিল বিধায়ক গগৈ ৷ দিল্লীত চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ গুৱাহাটীলৈ ঘূৰি অহাৰ পাছত ২৮ অক্টোবৰত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছিল ।
ইপিনে,জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰাত ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকার্ডিয়া ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় (Supra ventricular tachycardia)। এই ৰোগত অস্ত্ৰোপচাৰৰ প্রয়োজন হোৱাত তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ যায় । সেই অনুসৰি অখিল গগৈক বেংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱা হয় । বিভিন্নজনে বিধায়কজনৰ আশুআৰোগ্য কামনা কৰিছে ।
লগতে পঢ়ক:Akhil Gogoi health update: অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত মাতৃৰ প্ৰাৰ্থনা